উত্তৰ-পূৰ্বাঞ্চলৰ কাৰিকৰী শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিবলৈ আগবাঢ়িছে IIT গুৱাহাটী। ছেমিকণ্ডাক্টৰ প্ৰযুক্তিৰ শিক্ষা, গৱেষণা আৰু দক্ষতা বিকাশৰ লক্ষ্যৰে টাটা ইলেক্ট্ৰনিকছ প্ৰাইভেট লিমিটেডৰ সৈতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে প্ৰতিষ্ঠানটোৱে।
এই সহযোগিতাৰ অধীনত IIT গুৱাহাটীৰ চৌহদত স্থাপন কৰা হ’ব এটা Centre of Excellence (CoE)। এই কেন্দ্ৰটোৱে ছেমিকণ্ডাক্টৰৰ Assembly, Testing, Marking and Packaging (ATMP) প্ৰযুক্তিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিব।
এই পদক্ষেপৰ জৰিয়তে ছেমিকণ্ডাক্টৰ উদ্যোগৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যোগৰ উপযোগী দক্ষ মানৱ সম্পদ গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ অধীনত ডিপ্ল’মা পৰ্যায়ৰ প্ৰশিক্ষণৰ লগতে BTech পৰ্যায়ৰ অভিযান্ত্ৰিক পাঠ্যক্ৰমো প্ৰস্তুত কৰিব IIT গুৱাহাটীয়ে। পাঠ্যক্ৰমত ব্যৱহাৰিক প্ৰশিক্ষণৰ ব্যৱস্থাও থাকিব।
বিশেষকৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অভিযান্ত্ৰিক মহাবিদ্যালয়, পলিটেকনিক আৰু অন্যান্য শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকল উপকৃত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি শিক্ষকসকলৰ প্ৰশিক্ষণ, উদ্যোগভিত্তিক পাঠ্যক্ৰম প্ৰস্তুত, টাটা ইলেক্ট্ৰনিকছত শিক্ষাৰ্থীৰ প্ৰশিক্ষণ আৰু যৌথ গৱেষণাৰ সুযোগ সৃষ্টি কৰা হ’ব।
৩০ অক্টোবৰত IIT গুৱাহাটীৰ চৌহদত অনুষ্ঠিত অনুষ্ঠানত প্ৰতিষ্ঠানটোৰ গৱেষণা আৰু উন্নয়ন বিভাগৰ ডীন অধ্যাপক ৰোহিত সিনহা আৰু টাটা ইলেক্ট্ৰনিকছৰ মুখ্য মানৱ সম্পদ বিষয়া ৰঞ্জন বন্দ্যোপাধ্যায়ে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। অনুষ্ঠানত IIT গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জালিহালসহ দুয়োটা প্ৰতিষ্ঠানৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।
এই সহযোগিতাক লৈ IIT গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জালিহালে কয় যে বিশেষ শিক্ষা, ব্যৱহাৰিক প্ৰশিক্ষণ আৰু যৌথ গৱেষণাৰ জৰিয়তে শিক্ষানুষ্ঠান, উদ্যোগ আৰু শিক্ষাৰ্থীৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰাই এই পদক্ষেপৰ মূল লক্ষ্য।
উল্লেখ্য যে, এই পদক্ষেপে কেৱল অসমতে নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবে ছেমিকণ্ডাক্টৰ উদ্যোগত কেৰিয়াৰ গঢ়াৰ নতুন সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। ভাৰতৰ ছেমিকণ্ডাক্টৰ খণ্ডৰ বিকাশত উত্তৰ-পূৰ্বাঞ্চলৰ অংশগ্ৰহণ বৃদ্ধিৰ ক্ষেত্ৰতো এই সহযোগিতা এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।
