ৰিয়াৰ আদ্যশ্ৰাদ্ধৰ মাজতে আহিল ৰামানুজৰ মৃত্যুৰ খবৰ; আদ্যশ্ৰাদ্ধৰ কাম আধাতে সামৰি ঘৰলৈ উভতিল পুৰোহিত

বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নী ৰিয়া তালুকদাৰক হত্যাৰ অভিযোগত আৰক্ষীৰ জিম্মাত থকা ৰামানুজ গোস্বামীৰ পুৱতি নিশা নৰকাসুৰ পাহাৰত মৃত্যু হয়। স্বাস্থ্য পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নি থকা অৱস্থাতে এই ঘটনা সংঘটিত হয়।

জানিব পৰা মতে, GMCHলৈ নিয়াৰ পথত আৰক্ষীৰ বাহনৰ পৰা পলায়নৰ চেষ্টা চলাইছিল ৰামানুজে। নৰকাসুৰ পাহাৰৰ ওচৰত চলন্ত বাহনৰ পৰা জঁপিয়াই পৰাৰ ফলত গুৰুতৰভাৱে আহত হয় তেওঁ। পৰৱৰ্তী সময়ত ঘটনাস্থলীতে তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। GMCH ৰ অধীক্ষক দেৱজিত চৌধুৰীয়ে দুৰ্ঘটনাত মৃত্যু হোৱা বুলি স্পষ্ট কৰিছে। কোনো ধৰণৰ গুলীৰ আঘাত নাই ৰামানুজনৰ শৰীৰত। মৰণোত্তৰ পৰীক্ষাৰ অন্তত স্পষ্ট হ’ব মৃত্যুৰ কাৰণ। পুৱতি নিশা ৩.৪১ বজাত GMCH লৈ অনা হৈছিল ৰামানুজ গোস্বামীক। GMCH লৈ অনাৰ পুৰ্বে মৃত্যু হৈছিল ৰামানুজৰ।

পুৱতি নিশা সংঘটিত এই ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় ফৰেনচিক বিশেষজ্ঞৰ দল। বিশেষজ্ঞসকলে ঘটনাস্থলী পৰীক্ষা কৰাৰ লগতে দুৰ্ঘটনাস্থলীৰ পৰা তেজৰ নমুনা সংগ্ৰহ কৰে।

উল্লেখ্য যে, ৪ ছেপ্টেম্বৰত সংঘটিত হৈছিল বশিষ্ঠপুৰৰ লোমহৰ্ষক পত্নী হত্যাকাণ্ড। ৰিয়া তালুকদাৰক হত্যাৰ অভিযোগত ৰামানুজ গোস্বামীক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মাত ৰখা হৈছিল। আজি তেওঁৰ আৰক্ষী জিম্মাৰ ম্যাদো উকলিবলগীয়া আছিল। কিন্তু তাৰ পূৰ্বেই সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা।

ইফালে, ৰামানুজৰ মৃত্যুৰ খবৰে ধুবুৰীৰ গৌৰীপুৰতো সৃষ্টি কৰে আন এক উত্তেজনাময় পৰিস্থিতিৰ। গৌৰীপুৰৰ ১০নং ৱাৰ্ডত থকা ৰামানুজ গোস্বামীৰ বাসগৃহত চলি আছিল ৰামানুজনৰ পত্নী ৰিয়া তালুকদাৰৰ আদ্যশ্ৰাদ্ধ। পৰিয়ালটোৱে আয়োজন কৰা আদ্যশ্ৰাদ্ধৰ মাজতে আহে ৰামানুজৰ মৃত্যুৰ খবৰ।

ৰামানুজৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে আধাতে আদ্যশ্ৰাদ্ধৰ কাৰ্যসূচী এৰি যায় পুৰোহিতে। ঘটনাটোক লৈ অঞ্চলটোতো সৃষ্টি হয় চাঞ্চল্যৰ।

ৰামানুজৰ পিতৃয়ে সাংবাদিকৰ সৈতে কোনো মন্তব্য দিবলৈ অস্বীকাৰ প্ৰকাশ কৰে। আনহাতে, পুত্ৰ ৰামানুজৰ মৃতদেহ চমজি ল’বলৈও পিতৃয়ে অস্বীকাৰ কৰা বুলি জানিব পৰা গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনিও বনাইছে নেকি AIত ফটো? ফটো বনোৱোৰ পূৰ্বে সাৱধান হওক

সামাজিক মাধ্যমৰ ফিডত এতিয়া আকৌ ঘূৰি আহিছে ৮০ৰ দশক।...

কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰ

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে...