চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

চৰকাৰী ভ্ৰমণসূচীৰে অহা ৩ৰ পৰা ৫ নৱেম্বৰলৈ স্পেইন ভ্ৰমণ কৰিব কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই।

এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে স্পেইনত অনুষ্ঠিত হ’বলগীয়া ৩০সংখ্যক ‘ইবেৰো-আমেৰিকান সন্মিলন’ত ভাৰতৰ প্ৰতিনিধিত্ব কৰিব। এই সন্মিলনত ভাৰতে সহযোগী পৰ্যবেক্ষক ৰাষ্ট্ৰ হিচাপে অংশগ্ৰহণ কৰিব। ৫৪খন দেশৰ প্ৰতিনিধিত্ব থকা এই মঞ্চত ২২খন সদস্য ৰাষ্ট্ৰ, ১২খন সহযোগী পৰ্যবেক্ষক আৰু ২০খন পৰামৰ্শদাতা পৰ্যবেক্ষক ৰাষ্ট্ৰ অন্তৰ্ভুক্ত হৈ আছে।

উল্লেখ্য যে, ভাৰত-স্পেইনৰ মাজত চলি থকা ‘সংস্কৃতি, পৰ্যটন আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ যুটীয়া বৰ্ষ’ উদযাপনৰ ক্ষেত্ৰতো এই ভ্ৰমণ বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

ভ্ৰমণকালত পবিত্ৰ মাৰ্ঘেৰিটাই কেইবাখনো দেশৰ প্ৰতিনিধিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ লগতে মাদ্ৰিদত প্ৰবাসী ভাৰতীয়সকলৰ সৈতেও মত বিনিময় কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIT গুৱাহাটীত পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চৰ আলোচনা, ‘পানী আৰু শক্তি’ৰ ওপৰত বিশেষজ্ঞৰ গুৰুত্ব

বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত ১৪ সংখ্যক পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান...

‘অৰ্ণৱ’ৰ তাণ্ডৱৰ পাছত বংগোপ সাগৰত নতুনকৈ সৃষ্টি ঘূৰ্ণীবতাহ ‘মুৰাছু’

‘অৰ্ণৱ’ৰ তাণ্ডৱৰ পাছত বংগোপসাগৰত শক্তি বৃদ্ধি ঘূৰ্ণীবতাহ ‘মুৰাছু’ৰ। অন্ধ্ৰপ্ৰদেশৰ...

অপহৰণকাৰীক ধৰিবলৈ UPIযোগে ৫ হাজাৰ টকা প্ৰেৰণ দিল্লী আৰক্ষীৰ, ৩ ঘণ্টাৰ ভিতৰতে ১৩ বছৰীয়া কিশোৰক উদ্ধাৰ

অপহৰণকাৰীক কৰায়ত্ত কৰিবলৈ অভিনৱ কৌশল অৱলম্বন কৰিলে দিল্লী আৰক্ষীয়ে।...