অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদত নিযুক্তি লাভ ড০ বৰ্ণালী ডেকাৰ

অসমৰ প্ৰশাসনিক ইতিহাসত এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰি ড০ বৰ্ণালী ডেকা ভাৰত চৰকাৰৰ যুটীয়া সচিব পদত নিযুক্তিৰ বাবে পেনেলভুক্ত হোৱা অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে পৰিগণিত হৈছে।

অসম-মেঘালয় কেডাৰৰ ২০০৯ বেচৰ IAS বিষয়া ড০ ডেকাই ইয়াৰ পূৰ্বে অসমৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত তথা সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। যোৱা বছৰৰ আগষ্ট মাহত তেওঁ কেন্দ্ৰীয় চৰকাৰলৈ ডেপুটেচনত যায়।

অসমত কৰ্মৰত সময়ছোৱাত ড০ ডেকাই বৰপেটা, গোলাঘাট, গোৱালপাৰা, কোকৰাঝাৰ আৰু নলবাৰী জিলাৰ উপায়ুক্ত হিচাপে দায়িত্ব পালন কৰিছিল। ইয়াৰ উপৰি গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ উপাধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া, অসম দক্ষতা বিকাশ অভিযান আৰু অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ পৰিচালন সঞ্চালক, লগতে সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্যবাহী সঞ্চালক হিচাপেও গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰে।

অসামৰিক সেৱাত যোগদানৰ পূৰ্বে ড০ ডেকাই টাটা কনছালটেন্সি ছাৰ্ভিচেছৰ গ্ল’বেল কনছালটিং প্ৰেক্টিছ আৰু ANZ বেংকত কৰ্মৰত আছিল। UPSC পৰীক্ষাত প্ৰথমে IPSৰ বাবে ৮২ নম্বৰ স্থান লাভ কৰাৰ পাছত পুনৰ IASৰ বাবে ১৬ নম্বৰ স্থান অৰ্জন কৰে।

শৈক্ষিক ক্ষেত্ৰতো ড০ ডেকাৰ আছে বহুমুখী যোগ্যতা। তেওঁ কম্পিউটাৰ ছায়েন্স, বিজনেছ এডমিনিষ্ট্ৰেচন আৰু আইন বিষয়ত ডিগ্ৰী লাভ কৰাৰ লগতে কমাৰ্চত পিএইচডি ডিগ্ৰী অৰ্জন কৰিছে।

জনসেৱা আৰু প্ৰশাসনিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ প্ৰধানমন্ত্ৰীৰ জনসেৱাত উৎকৰ্ষতাৰ বঁটা আৰু ৰাষ্ট্ৰীয় ই-গভৰ্নেন্স বঁটাকে ধৰি কেইবাটাও ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে। তেওঁৰ প্ৰশাসনিক উদ্ভাৱনমূলক পদক্ষেপসমূহ *নীতি আয়োগ, ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (UNDP)*কে ধৰি বিভিন্ন প্ৰতিষ্ঠানৰ দ্বাৰাও স্বীকৃত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অভিলেখ উচ্চতাত ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ, ৭২৯.৩ বিলিয়ন ডলাৰলৈ বৃদ্ধি ফৰেক্স ৰিজাৰ্ভ

ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰে নতুন অভিলেখ সৃষ্টি কৰিছে। আমেৰিকান...

সন্তানক লগত লৈ লোকপিয়লৰ দায়িত্ব পালন এগৰাকী মাতৃৰ

লোকপিয়লৰ দায়িত্বৰ সমান্তৰালকৈ পালন কৰিছে মাতৃ হোৱাৰ দায়িত্ব। নিজৰ...

তিব্বত বানৰ ভয়ংকৰ দৃশ্য চীনত প্ৰচাৰ কৰা হোৱা নাই

তিব্বতৰ আৰু নেপালৰ মাজৰ এক গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সীমান্ত বাণিজ্য...

বিশ্বকাপ জয়ৰ পাছতো দলৰ পৰা বাদ! নিৰ্বাচকৰ সিদ্ধান্তত হতাশ SKY

T-20 বিশ্বকাপ জয়ী ভাৰতীয় দলৰ অধিনায়ক সূৰ্য কুমাৰ যাদৱে...