তিব্বতৰ আৰু নেপালৰ মাজৰ এক গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সীমান্ত বাণিজ্য আৰু পাৰপত্ৰ কেন্দ্ৰ গিৰং সীমান্ত বন্দৰত ভয়ংকৰ বানৰ দৃশ্যই বিশ্বজুৰি চাঞ্চল্য সৃষ্টি কৰিছে। কিন্তু এই ভয়ংকৰ দৃশ্যসমূহ চীনৰ সংবাদ মাধ্যম আৰু কঠোৰভাৱে নিয়ন্ত্ৰিত ইণ্টাৰনেটত প্ৰায় অনুপস্থিত।

চিচিটিভি কেমেৰাত বন্দী হোৱা ফুটেজত গিৰং বন্দৰৰ মাজেৰে প্ৰচণ্ড বেগেৰে পানীৰ সোঁত বৈ যোৱা দেখা যায়। পানীৰ প্ৰবল সোঁতে পথত থকা বিভিন্ন সামগ্ৰী উটুৱাই নিয়াৰ সময়ত শতাধিক লোকক প্ৰাণ ৰক্ষাৰ বাবে দৌৰি পলাই যোৱা দেখা যায়। পিছত এই দৃশ্যসমূহ ছ’চিয়েল মিডিয়া আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ব্যাপকভাৱে প্ৰচাৰিত হয়।
কিন্তু চীনৰ ভিতৰত এই ভয়ংকৰ ফুটেজৰ প্ৰচাৰ অতি সীমিত। দেশখনৰ চৰকাৰী সংবাদ মাধ্যমে এই পৰ্যন্ত বানৰ এটা স্থিৰচিত্ৰহে উল্লেখযোগ্যভাৱে প্ৰচাৰ কৰিছে। আনহাতে, চীনৰ কঠোৰভাৱে নিয়ন্ত্ৰিত ইণ্টাৰনেটত বানৰ ভিডিঅ’ বা ঘটনাটোৰ ব্যাপক ধ্বংসযজ্ঞ সম্পৰ্কীয় পোষ্টো বিচাৰি পোৱাটো কঠিন হৈ পৰিছে।
বুধবাৰৰ পৰা হিমালয় সীমান্ত অঞ্চলত সংঘটিত এই ভয়ংকৰ বানত শ শ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে, আন বহু লোক এতিয়াও সন্ধানহীন হৈ আছে। দুৰ্যোগৰ পাছতে চীনে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে আৰু শ শ জৰুৰীকালীন কৰ্মীক অভিযানত নিয়োজিত কৰিছে।
চীনৰ ৰাষ্ট্ৰপতি -এ উদ্ধাৰ আৰু সাহায্য অভিযানৰ সমন্বয়ৰ বাবে জৰুৰী বৈঠকতো সভাপতিত্ব কৰে।
শুকুৰবাৰে নেপাল আৰু চীনে বানত ক্ষতিগ্ৰস্ত হিমালয় অঞ্চলত পুনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰে। চীনৰ এটা উদ্ধাৰকাৰী দলে প্ৰথমবাৰৰ বাবে প্ৰায় সম্পূৰ্ণৰূপে ধ্বংস হোৱা গিৰং সীমান্ত বন্দৰত উপস্থিত হৈ অঞ্চলটোত “কেৱল ধ্বংসাৱশেষ” দেখা পোৱা বুলি জানিবলৈ দিয়ে।
নেপালত সাংবাদিক, স্থানীয় বাসিন্দা আৰু উদ্ধাৰকাৰীসকলে ঘটনাস্থলীৰ পৰা ধ্বংসযজ্ঞৰ বিস্তৃত ছবি আৰু তথ্য প্ৰকাশ কৰিছে। বিপৰীতে, চীনৰ চৰকাৰী সংবাদ মাধ্যমৰ প্ৰতিবেদনসমূহত মূলতঃ উদ্ধাৰ আৰু সাহায্য অভিযানৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
ইয়াৰ ফলত চীনৰ ভিতৰত আৰু দেশখনৰ বাহিৰত বান দুৰ্যোগটোৰ উপস্থাপনৰ মাজত এক স্পষ্ট পাৰ্থক্য পৰিলক্ষিত হৈছে।
