সন্তানক লগত লৈ লোকপিয়লৰ দায়িত্ব পালন এগৰাকী মাতৃৰ

লোকপিয়লৰ দায়িত্বৰ সমান্তৰালকৈ পালন কৰিছে মাতৃ হোৱাৰ দায়িত্ব। নিজৰ যমজ সন্তানক লগত লৈ ঘৰে ঘৰে গৈ লোকপিয়লৰ দায়িত্ব পালন কৰিছে এগৰাকী মাতৃয়ে। শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে শিক্ষয়িত্ৰী ৰুমী ডেকাৰ এই ভিডিঅ’। ভিডিঅ’টোত দেখা গৈছে, লোকপিয়লৰ কামত ব্যস্ত মাতৃগৰাকীয়ে কোলাত আৰু লগত লৈ ফুৰিছে নিজৰ দুই সন্তানক। সংসাৰৰ দায়িত্ব, সন্তানৰ যতন আৰু কৰ্মক্ষেত্ৰৰ দায়িত্ব—সকলো একেলগে সামৰি আগবাঢ়িছে শিক্ষয়িত্ৰী ৰুমী ডেকা। ব্যস্ততাৰ মাজতো দায়িত্বৰ পৰা আঁতৰি নোযোৱা এই মাতৃগৰাকীৰ দৃশ্যই সামাজিক মাধ্যমত লাভ কৰিছে ব্যাপক সঁহাৰি। এগৰাকী মাতৃৰ দায়িত্ববোধ, কৰ্মনিষ্ঠা আৰু সন্তানৰ প্ৰতি থকা মমতাৰ এই দৃশ্যই এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে বহুজনৰ।

ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

চৰকাৰী ভ্ৰমণসূচীৰে অহা ৩ৰ পৰা ৫ নৱেম্বৰলৈ স্পেইন ভ্ৰমণ...

IIT গুৱাহাটীত পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চৰ আলোচনা, ‘পানী আৰু শক্তি’ৰ ওপৰত বিশেষজ্ঞৰ গুৰুত্ব

বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত ১৪ সংখ্যক পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান...

‘অৰ্ণৱ’ৰ তাণ্ডৱৰ পাছত বংগোপ সাগৰত নতুনকৈ সৃষ্টি ঘূৰ্ণীবতাহ ‘মুৰাছু’

‘অৰ্ণৱ’ৰ তাণ্ডৱৰ পাছত বংগোপসাগৰত শক্তি বৃদ্ধি ঘূৰ্ণীবতাহ ‘মুৰাছু’ৰ। অন্ধ্ৰপ্ৰদেশৰ...

অপহৰণকাৰীক ধৰিবলৈ UPIযোগে ৫ হাজাৰ টকা প্ৰেৰণ দিল্লী আৰক্ষীৰ, ৩ ঘণ্টাৰ ভিতৰতে ১৩ বছৰীয়া কিশোৰক উদ্ধাৰ

অপহৰণকাৰীক কৰায়ত্ত কৰিবলৈ অভিনৱ কৌশল অৱলম্বন কৰিলে দিল্লী আৰক্ষীয়ে।...