সন্তানক লগত লৈ লোকপিয়লৰ দায়িত্ব পালন এগৰাকী মাতৃৰ

লোকপিয়লৰ দায়িত্বৰ সমান্তৰালকৈ পালন কৰিছে মাতৃ হোৱাৰ দায়িত্ব। নিজৰ যমজ সন্তানক লগত লৈ ঘৰে ঘৰে গৈ লোকপিয়লৰ দায়িত্ব পালন কৰিছে এগৰাকী মাতৃয়ে। শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে শিক্ষয়িত্ৰী ৰুমী ডেকাৰ এই ভিডিঅ’। ভিডিঅ’টোত দেখা গৈছে, লোকপিয়লৰ কামত ব্যস্ত মাতৃগৰাকীয়ে কোলাত আৰু লগত লৈ ফুৰিছে নিজৰ দুই সন্তানক। সংসাৰৰ দায়িত্ব, সন্তানৰ যতন আৰু কৰ্মক্ষেত্ৰৰ দায়িত্ব—সকলো একেলগে সামৰি আগবাঢ়িছে শিক্ষয়িত্ৰী ৰুমী ডেকা। ব্যস্ততাৰ মাজতো দায়িত্বৰ পৰা আঁতৰি নোযোৱা এই মাতৃগৰাকীৰ দৃশ্যই সামাজিক মাধ্যমত লাভ কৰিছে ব্যাপক সঁহাৰি। এগৰাকী মাতৃৰ দায়িত্ববোধ, কৰ্মনিষ্ঠা আৰু সন্তানৰ প্ৰতি থকা মমতাৰ এই দৃশ্যই এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে বহুজনৰ।

ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালত ভূমিস্খলনৰ ফলত বুঢ়ী গণ্ডকী নদীত ভয়াৱহ বানৰ আশংকা, নিৰাপদ স্থানলৈ যোৱাৰ পৰামৰ্শ গাঁওবাসীক

ভূমিস্খলনৰ ফলত নদীত বানপানীৰ সৃষ্টি হোৱাত নেপালৰ কৰ্তৃপক্ষই দেওবাৰে...

মেলবৰ্ণ মাৰাথনত এলিউড কিপচ’গেৰ চমক, ভংগ কৰিলে দৌৰৰ পূৰ্বৰ অভিলেখ

দুবাৰৰ অলিম্পিক চেম্পিয়ন কেনিয়াৰ তাৰকা দৌৰবিদ এলিউড কিপচ’গেৰ দুৰ্দান্ত...

CJPৰ শীৰ্ষ তিনিগৰাকী নেতাক মুকলি; আদালতৰ নিৰ্দেশত মুকলি অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

CEC জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ দ্বিতীয় দিনা আটক হোৱা...

ৰিয়াধৰ বিমানবন্দৰত ভয়াৱহ আক্ৰমণ;১২জন নিহত, ৩০৯জন আহত

ছৌদি আৰৱৰ ৰাজধানী ৰিয়াধৰ কিং খালিদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হোৱা...