বিশ্বকাপ জয়ৰ পাছতো দলৰ পৰা বাদ! নিৰ্বাচকৰ সিদ্ধান্তত হতাশ SKY

T-20 বিশ্বকাপ জয়ী ভাৰতীয় দলৰ অধিনায়ক সূৰ্য কুমাৰ যাদৱে অৱশেষত ৰাষ্ট্ৰীয় দলৰ পৰা বাদ পৰাৰ সন্দৰ্ভত মুখ খুলিছে। T-20 বিশ্বকাপ জয় কৰাৰ পিছতে নিৰ্বাচক সমিতিয়ে সূৰ্য কুমাৰক আঁতৰাই শ্ৰেয়াস আয়াৰক অধিনায়ক হিচাপে বাছনি কৰাক লৈ চলি থকা চৰ্চাৰ মাজতে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে SKY-য়ে। অজিত আগৰকাৰৰ নেতৃত্বাধীন নিৰ্বাচক সমিতিয়ে আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত শৃংখলাৰ বাবে সূৰ্য কুমাৰৰ নাম বিবেচনা নকৰি শ্ৰেয়স আয়াৰক অধিনায়কৰ দায়িত্ব অৰ্পণ কৰে। সূৰ্য কুমাৰক দলৰ পৰা বাদ দিয়াৰ অন্যতম কাৰণ হিচাপে বিগত দুটা বছৰত তেওঁৰ বেটিং প্ৰদৰ্শনক ধৰা হৈছে।

২০২৫ চনত ভাৰতীয় দলৰ হৈ খেলি সূৰ্য কুমাৰে এটাও অৰ্ধশতক অৰ্জন কৰিব পৰা নাছিল। T-20 বিশ্বকাপতো তেওঁৰ বেটৰ পৰা আহিছিল মাত্ৰ এটা উল্লেখযোগ্য ইনিংছ। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত আমেৰিকাৰ বিৰুদ্ধে তেওঁ সেই ইনিংছটো খেলিছিল। অৱশ্যে অধিনায়ক হিচাপে সূৰ্য কুমাৰৰ নেতৃত্ব আছিল সফল। তেওঁৰ অধিনায়কত্বত ভাৰতে এখনো T-20 শৃংখলা পৰাজয় হোৱা নাছিল আৰু অৱশেষত ঘৰুৱা মাটিত T-20 বিশ্বকাপ জয় কৰিবলৈ সক্ষম হৈছিল।

প্ৰাক্তন ক্ৰিকেটাৰ আকাশ চোপ্ৰাৰ ইউটিউব চেনেলত হোৱা এক কথোপকথনত সূৰ্য কুমাৰে কয় যে দলৰ পৰা বাদ পৰাৰ খবৰ পোৱাৰ পিছত তেওঁৰ প্ৰথম প্ৰতিক্ৰিয়া আছিল হাঁহি। নিৰ্বাচকসকলৰ দৃষ্টিকোণৰ পৰাও বিষয়টো বুজিবলৈ চেষ্টা কৰিছিল তেওঁ।

সূৰ্যকুমাৰে কয়, “মোৰ নামটো নথকা দেখি মই হাঁহিছিলোঁ। যেতিয়া মই এটা-দুটা বছৰ দলৰ সৈতে খেলিছিলোঁ, তেতিয়া চাপৰ পৰিস্থিতি আহিলেও বা কথাবোৰ মোৰ পক্ষত নাথাকিলেও মই সদায় হাঁহিবলৈ চেষ্টা কৰিছিলোঁ। মই শান্ত হৈ থাকোঁ। অতীতত যেতিয়া ভাল কৰাৰ সুযোগ পাইছিলোঁ, সেই মুহূৰ্তবোৰৰ বাবে মই সদায় কৃতজ্ঞ।” তেওঁ লগতে কয় যে ২০২৬ চনলৈ আহি তেওঁ ভাবিছিল যে আৰু দুবছৰ ভাৰতীয় দলটোক আগুৱাই নিয়াৰ সুযোগ পাব। অলিম্পিক আৰু পৰৱৰ্তী T-20 বিশ্বকাপৰ প্ৰত্যাহ্বানৰ কথাও তেওঁ ভাবিছিল।

“মই ভাবিছিলোঁ, আগন্তুক দুবছৰলৈ দলটোক আগুৱাই লৈ যাম। অলিম্পিক আহিব, তাৰ পিছত আন এটা T-20 বিশ্বকাপ। কিন্তু আপুনি যি ভাবে আৰু আনজনে যি ভাবে, সেই দুটা কথা পৃথক হ’ব পাৰে। নিৰ্বাচকসকলে যদি ভাবে যে আগুৱাই যোৱাৰ বাবে এয়া দলটোৰ বাবে ভাল সিদ্ধান্ত, তেন্তে তেওঁলোকৰ সিদ্ধান্তক সন্মান কৰিব লাগে,” বুলি কয় সূৰ্যকুমাৰে।

শ্ৰেয়াস আয়াৰক অধিনায়ক হিচাপে নিৰ্বাচন কৰাক লৈ তেওঁৰ কোনো আপত্তি নাছিল বুলিও স্পষ্ট কৰে SKY-য়ে। কিন্তু নিজৰ নেতৃত্বত ভাৰতৰ সফলতাৰ পিছত হঠাৎ হোৱা পৰিৱৰ্তনে তেওঁক কিছু পৰিমাণে হতাশ কৰিছিল। “মই শ্ৰেয়াসৰ সৈতে বহুত ক্ৰিকেট খেলিছোঁ। তেওঁ এজন ভাল খেলুৱৈ, ভাল মানুহ আৰু ভাল অধিনায়কো। সেয়ে তেওঁক কিয় অধিনায়ক কৰা হ’ল বুলি মোৰ কোনো প্ৰশ্ন নাছিল। কিন্তু মই অলপ হতাশ হৈছিলোঁ। কাৰণ দুবছৰত আপুনি এখনো শৃংখলা পৰাজিত হোৱা নাই। বিশ্বকাপ আৰু এছিয়া কাপ জয় কৰিছে। তেন্তে কিয় পৰিৱৰ্তন কৰা হ’ল? এই প্ৰশ্নটো মোৰ মনত ঘূৰি আছিল,” বুলি তেওঁ কয়।

সূৰ্য কুমাৰে প্ৰকাশ কৰে যে প্ৰায় ডেৰ মাহ ঘৰত থকাৰ সময়ত এই বিষয়টোৱে তেওঁক যথেষ্ট চিন্তিত কৰি তুলিছিল। “মই ভাবি আছিলোঁ, এয়া কেনেকৈ সম্ভৱ? আমি বিশ্বকাপ জয় কৰিছোঁ। হয়, আইপিএল মোৰ আশা অনুসৰি ভাল হোৱা নাছিল। কিন্তু মই যেতিয়া ঘৰত আছিলোঁ। বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লোক আহিছিল। সকলোৱে কৈছিল, ‘এইবোৰ জীৱনৰ অংশ।’

নিৰ্বাচকসকলৰ সৈতে যোগাযোগ

দলৰ পৰা বাদ পৰাৰ সিদ্ধান্তৰ সন্দৰ্ভত নিৰ্বাচকসকলে তেওঁক আগতীয়াকৈ জনাইছিল বুলিও প্ৰকাশ কৰে সূৰ্য কুমাৰে। তেওঁ কয় যে দল ঘোষণা কৰাৰ ২-৩ দিন পূৰ্বে নিৰ্বাচক সমিতিয়ে তেওঁক ফোন কৰি আগন্তুক ইংলেণ্ড শৃংখলাৰ দলত তেওঁৰ নাম নাথাকিব বুলি জনাইছিল। “তেওঁলোকে মোক দল ঘোষণা কৰাৰ ২-৩ দিন পূৰ্বে ফোন কৰিছিল। কৈছিল যে এতিয়া আগুৱাই যোৱাৰ সময়। মই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিলোঁ। কাৰণ এয়া মোৰ ভুল নহয়। মই কেতিয়াও এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা মানুহ নহয়। কোনোবাই যি সিদ্ধান্ত লৈছে, নিশ্চয় তেওঁ ভাবিছে যে দলটোৰ বাবে এয়া ভাল হ’ব। তেওঁলোকে সেই সময়ত যি সিদ্ধান্ত ল’লে, মই তাক সন্মান কৰোঁ,” বুলি কয় সূৰ্যকুমাৰে।

ভৱিষ্যতে পুনৰ সুযোগ লাভ কৰিলে ভাৰতীয় দলৰ হৈ খেলিবলৈ তেওঁ সম্পূৰ্ণৰূপে সাজু বুলিও স্পষ্ট কৰিছে বিশ্বকাপ জয়ী অধিনায়কগৰাকীয়ে। “মোক যেতিয়াই মাতিব, মই সাজু। মই ক্ৰিকেট খেলি থাকিম। মই খেলি যাম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...