পুনৰ আমেৰিকাত ভাৰতীয় যুৱকৰ সৈতে ভয়ংকৰ ঘটনা। আমেৰিকাৰ ফেলাডেলফিয়াৰ পৰা আহিছে ভয়াৱহ খবৰ। গুলীয়াই হত্যা কৰা হ’ল ২৮ বছৰীয়া এজন যুৱকক। নিহত যুৱকজন হাইদৰাবাদৰ অঞ্চুল কুঞ্চা বুলি চিনাক্ত কৰা হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত নিউয়ৰ্কস্থিত ভাৰতীয় দূতাবাসেও দুখ প্ৰকাশ কৰি সমবেদনা জ্ঞাপন কৰিছে নিহত যুৱকজনৰ পৰিয়ালক।
আমেৰিকাৰ স্থানীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, শুকুৰবাৰে মাজনিশা সংঘটিত হয় এই ঘটনা। পিজ্জা ডেলিভাৰী কৰিবলৈ যোৱা অঞ্চুল কুঞ্চাক এটুকুৰা নিৰ্জন ঠাইত গুলীবিদ্ধ অৱস্থাত উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। যুৱকজনক ততাতৈয়াকৈ আৰক্ষীয়ে সমীপৱৰ্তী হাস্পতাললৈ লৈ যায় যদিও মৃত ঘোষণা কৰে চিকিৎসকে।

এটা বহুজাতিক কোম্পানীত কৰ্মৰত আছিল অঞ্চুল কুঞ্চা। অতিৰিক্ত আয়ৰ বাবে পাৰ্ট টাইম পিজ্জা ডেলিভাৰী বয় হিচাপেও কাম কৰিছিল যুৱকজনে। অঞ্চুলৰ পৰিয়ালে জনোৱা অনুসৰি, আক্ৰমণকাৰীয়ে যুৱকজনৰ পৰা লৈ যোৱা নাই কোনো বস্তু। সংবাদ মাধ্যমৰ সন্মুখত এই ঘটনা লুটপাতৰ নহয় বুলিও মন্তব্য পৰিয়ালৰ। ভগ্নীৰ মতে এই ঘটনা আছিল পৰিকল্পিত। পৰিকল্পিতভাৱেই সেই নিৰ্জন ঠাইলৈ যুৱকজনক পিজ্জা ডেলিভাৰী কৰিবলৈ পঠিওৱাৰ অভিযোগ ভগ্নীৰ।
ব্যক্তিগত শত্ৰুতা নে আন কিবা? কোনে, কিয় হত্যা কৰিলে ২৮ বছৰীয়া অঞ্চুল কুঞ্চাক? এতিয়াও স্পষ্ট হোৱা নাই আক্ৰমণকাৰীৰ সংখ্যা কিম্বা আক্ৰমণৰ কাৰণ। CCTVৰ ভিজুৱেল সংগ্ৰহ কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ
