জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্তক জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

জামিন লাভ কৰিলে অমৃতপ্ৰভা মহন্তই। ৫০ হাজাৰ টকাৰ বণ্ডত জামিন লাভ কৰিছে অমৃতপ্ৰভাই। অৱশ্যে জামিন লাভ কৰিলেও আজিয়েই মুকলি আকাশৰ তললৈ আহিব নোৱাৰিব অমৃতপ্ৰভা মহন্ত।
অহা সোমবাৰেহে ফাষ্ট ট্ৰেক আদালতত জমা দিব লাগিব জামিন বণ্ড। ইয়াৰ বাবে প্ৰয়োজন হ’ব দুজন জামিনদাৰৰ। আদালতত যাৱতীয় নথি-পত্ৰ আৰু জামিনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতহে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিব পাৰিব অমৃতপ্ৰভাই। সেই অনুসৰি আজিৰ পৰা অহা সোমবাৰলৈকে হাফলং কাৰাগাৰতে থাকিব লাগিব অমৃতপ্ৰভা মহন্ত। আনহাতে, জামিন লাভ কৰিলেও ফাষ্ট ট্ৰেক আদালতত দৈনিক শুনানিত উপস্থিত থাকিব লাগিব তেওঁ। উল্লেখ্য যে, ২০২৫ চনৰ ১৫ অক্টোবৰৰ পৰা কাৰাগাৰত বন্দী হৈ আছে অমৃতপ্ৰভা মহন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভুৱা অসুস্থতাৰ অভিনয়, জে’লৰক্ষীক আক্ৰমণ, চাবি কাঢ়ি লৈ মূল দুৱাৰ খুলি পলায়ন! তামিলনাডুত আজৱ কাণ্ড

তামিলনাডুৰ এখন কাৰাগাৰত ১৭জন বন্দীয়ে সংঘটিত কৰিলে আজৱ কাণ্ড।...

কাইলৈ ৰাজ্যজুৰি কলেজ শিক্ষকৰ ‘কলম বন্ধ’ আৰু ধৰ্ণা কাৰ্যসূচী

ৰাজ্যৰ প্ৰাদেশিকীকৃত মহাবিদ্যালয়ৰ শিক্ষকসকলৰ দীৰ্ঘদিনীয়া সমস্যা আৰু প্ৰাপ্য দাবীসমূহৰ...

ইউক্ৰেইনৰ ৰে’ল ষ্টেচনত ৰাছিয়াৰ ভয়ংকৰ ড্ৰ’ন আক্ৰমণ, নিহত ১৩, আহত ১০

ইউক্ৰেইনৰ ড্নিপ্ৰ’ অঞ্চলৰ এটা ৰে’ল ষ্টেচনত বৃহস্পতিবাৰে ৰাছিয়াৰ জেট...