জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্তক জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

জামিন লাভ কৰিলে অমৃতপ্ৰভা মহন্তই। ৫০ হাজাৰ টকাৰ বণ্ডত জামিন লাভ কৰিছে অমৃতপ্ৰভাই। অৱশ্যে জামিন লাভ কৰিলেও আজিয়েই মুকলি আকাশৰ তললৈ আহিব নোৱাৰিব অমৃতপ্ৰভা মহন্ত।
অহা সোমবাৰেহে ফাষ্ট ট্ৰেক আদালতত জমা দিব লাগিব জামিন বণ্ড। ইয়াৰ বাবে প্ৰয়োজন হ’ব দুজন জামিনদাৰৰ। আদালতত যাৱতীয় নথি-পত্ৰ আৰু জামিনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতহে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিব পাৰিব অমৃতপ্ৰভাই। সেই অনুসৰি আজিৰ পৰা অহা সোমবাৰলৈকে হাফলং কাৰাগাৰতে থাকিব লাগিব অমৃতপ্ৰভা মহন্ত। আনহাতে, জামিন লাভ কৰিলেও ফাষ্ট ট্ৰেক আদালতত দৈনিক শুনানিত উপস্থিত থাকিব লাগিব তেওঁ। উল্লেখ্য যে, ২০২৫ চনৰ ১৫ অক্টোবৰৰ পৰা কাৰাগাৰত বন্দী হৈ আছে অমৃতপ্ৰভা মহন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত হোমষ্টে ব্যৱস্থাত কঠোৰ নিয়ম GMCৰ, দুৰ্গা পূজাত হ’ব স্বচ্ছতা প্ৰতিযোগিতা

গুৱাহাটী মহানগৰীত হোমষ্টে ব্যৱস্থাক নিয়মৰ মাজলৈ আনিবলৈ বিশেষ পদক্ষেপ...

দিল্লী মেট্ৰ’ৰ ৫৭টা ষ্টেচনৰ প্ৰৱেশ-প্ৰস্থান বন্ধ থকাৰ সম্ভাৱনা, ১০ অক্টোবৰত CJPৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা কটকটীয়া

১০ অক্টোবৰত দিল্লীত হ’বলগীয়া প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত ৰাজধানী চহৰখনত...

‘আম্বানীয়েই ভাৰতৰ প্ৰকৃত মুৰব্বী নেকি?’ ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰক লৈ ইলন মাস্কৰ প্ৰশ্ন

ভাৰতত নিজৰ উপগ্ৰহভিত্তিক ইণ্টাৰনেট সেৱা ষ্টাৰলিংক (Starlink) আৰম্ভ কৰাত...