জুবিন গাৰ্গৰ ৫৪সংখ্যক ওপজা দিনত পুনেত শ্ৰদ্ধাঞ্জলি: স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে নাহৰ গছৰ পুলি ৰোপণ

অসমৰ সংগীত জগতৰ কিংবদন্তি কণ্ঠশিল্পী, সুৰকাৰ তথা সাংস্কৃতিক আইকন জুবিন গাৰ্গৰ ৫৪সংখ্যক জন্মদিন উপলক্ষে পুনেৰ অসমীয়া সমাজে এক বিশেষ পদক্ষেপৰ জৰিয়তে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰিয় শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে পুনেৰ নামঘৰৰ প্ৰাংগণত এটি নাহৰ গছৰ পুলি ৰোপণ কৰা হয়।

বৰদৈচিলা – দ্য গ্ৰেটাৰ অসমীয়া এছ’চিয়েচন, পুনেৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীয়ে মৰম, শ্ৰদ্ধা, স্মৃতি আৰু প্ৰকৃতিৰ সৈতে এক চিৰস্থায়ী সম্পৰ্কৰ সুন্দৰ বাৰ্তা বহন কৰে।

নাহৰ গছ অসমৰ জাতীয় জীৱন আৰু সাংস্কৃতিক পৰিচয়ৰ সৈতে গভীৰভাৱে জড়িত। তদুপৰি, নাহৰ গছ আছিল আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গৰো অন্যতম প্ৰিয় গছ। সেয়েহে তেওঁৰ ৫৪সংখ্যক জন্মদিনত নাহৰৰ পুলি ৰোপণ কৰি শ্ৰদ্ধাঞ্জলি জনোৱাৰ এই পদক্ষেপে বিশেষ তাৎপৰ্য বহন কৰিছে। নিজৰ কণ্ঠ আৰু সংগীতেৰে ভৌগোলিক সীমা অতিক্ৰম কৰি লাখ লাখ মানুহৰ হৃদয় জয় কৰা শিল্পীগৰাকীৰ প্ৰতি এয়া এক ব্যতিক্ৰমী শ্ৰদ্ধাৰ্ঘ্য।

এই উপলক্ষে বৰদৈচিলা – দ্য গ্ৰেটাৰ অসমীয়া এছ’চিয়েচন, পুনেৰ সভাপতি কৰ্ণেল সন্তনু দেৱ গোস্বামী (অৱসৰপ্ৰাপ্ত)য়ে কয়, “এই নাহৰ গছজোপা কেৱল এজোপা গছ নহয়; ই জুবিন গাৰ্গৰ প্ৰতি আমাৰ মৰম, শ্ৰদ্ধা আৰু অম্লান স্মৃতিৰ প্ৰতীক। এই পদক্ষেপৰ জৰিয়তে আমি তেওঁৰ অৱদান আৰু আদৰ্শক ভৱিষ্যৎ প্ৰজন্মৰ মাজত জীয়াই ৰাখিব বিচাৰিছোঁ। গছজোপা যিমানেই বাঢ়ি যাব, সিমানেই ই আমাক অসমীয়া সংগীত আৰু সংস্কৃতিলৈ জুবিন গাৰ্গৰ অসামান্য অৱদান আৰু লাখ লাখ মানুহৰ সৈতে গঢ়ি তোলা তেওঁৰ আৱেগিক সম্পৰ্কৰ কথা সোঁৱৰাই থাকিব।”

এই পদক্ষেপত পুনেৰ বিভিন্ন অসমীয়া সংগঠন, সহযোগী অনুষ্ঠান-প্ৰতিষ্ঠান আৰু পৰিয়ালসমূহক একত্ৰিত হ’বলৈ আহ্বান জনোৱা হৈছিল। শিশুসকল আৰু পৰিয়ালসমূহকো এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হয়, যাতে নতুন প্ৰজন্মই নিজৰ সাংস্কৃতিক শিপাৰ সৈতে সংযুক্ত হৈ থকাৰ লগতে প্ৰকৃতি সংৰক্ষণৰ প্ৰতিও দায়বদ্ধ হৈ উঠিব পাৰে।

এজোপা গছ। বহুতো হাত। এখন হৃদয়ত অম্লান স্মৃতি।

সময়ৰ সোঁতত নাহৰ গছজোপা বাঢ়ি অহাৰ লগে লগে ই জুবিন গাৰ্গৰ প্ৰতি এক জীৱন্ত শ্ৰদ্ধাঞ্জলি হৈ থাকিব। তেওঁৰ গীত, তেওঁৰ সৃষ্টিশীলতা, তেওঁৰ ব্যক্তিত্ব আৰু অসমীয়া সংগীত তথা সংস্কৃতিলৈ আগবঢ়োৱা অসামান্য অৱদানৰ কথা ভৱিষ্যৎ প্ৰজন্মক সোঁৱৰাই থাকিব এই নাহৰজোপাই।

জুবিন গাৰ্গ আজি আমাৰ মাজত নাই, কিন্তু তেওঁৰ কণ্ঠ, সংগীত আৰু সৃষ্টিৰাজি প্ৰতিজন অসমীয়াৰ হৃদয়ত চিৰদিন জীয়াই থাকিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মহাকাশ গৱেষণাত সৃষ্টি নতুন ইতিহাস, পৃথিৱীৰ পৰা এক আলোকদিন অতিক্ৰম ভয়েজাৰ-১ৰ

মহাকাশ গৱেষণাৰ ক্ষেত্ৰত নতুন ইতিহাস সৃষ্টি কৰিলে নাছাৰ মহাকাশযান...