অহা কেইটামান বছৰত অসমত অতিৰিক্ত ৪ লাখ হেক্টৰ কৃষিভূমি জলসিঞ্চনৰ লক্ষ্য
অসমৰ জলসিঞ্চন, কৃষি আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি অসমৰ জলসিঞ্চন বিভাগৰ বিষয়া আৰু অভিযন্তাৰ এটা দলৰ সৈতে মধ্যপ্ৰদেশৰ ৰাজগড় জিলাৰ কুণ্ডালিয়া আৰু মোহনপুৰা জলসিঞ্চন প্ৰকল্প পৰিদৰ্শন কৰে। এই ভ্ৰমণৰ মূল উদ্দেশ্য আছিল প্ৰকল্প দুটাৰ সফল ৰূপায়ণ, কাৰ্যকৰিতা আৰু কৃষিক্ষেত্ৰত ইয়াৰ ইতিবাচক প্ৰভাৱৰ বিষয়ে প্ৰত্যক্ষ অভিজ্ঞতা আহৰণ কৰা।
পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে কুণ্ডালিয়া জলসিঞ্চন প্ৰকল্পৰ পাম্প হাউছ আৰু মোহনপুৰা বান্ধকে ধৰি দুয়োটা প্ৰকল্পৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি পৰিদৰ্শন কৰে। প্ৰকল্পৰ প্ৰশাসক তথা অতিৰিক্ত প্ৰকল্প সঞ্চালক বিকাশ ৰাজোৰিয়া আৰু তেওঁৰ সহযোগী বিষয়াসকলে মন্ত্ৰীগৰাকী তথা অসম দলটোক প্ৰকল্প দুটাৰ কাৰিকৰী দিশ, পৰিচালন ব্যৱস্থা আৰু জলসিঞ্চনৰ সুবিধাসমূহৰ বিষয়ে বিতংভাৱে অৱগত কৰে।

২০১৪ চনত আৰম্ভ হোৱা এই দুয়োটা প্ৰকল্পৰ জৰিয়তে প্ৰায় ২.৯ লাখ হেক্টৰ কৃষিভূমি জলসিঞ্চনৰ সুবিধাৰ অধীনলৈ আহিছে। ইয়াৰ ফলত অঞ্চলটোৰ কৃষি উৎপাদন বৃদ্ধি পোৱাৰ লগতে গ্ৰাম্য অৰ্থনীতি আৰু কৃষকৰ জীৱন-জীৱিকাৰ ক্ষেত্ৰতো ইতিবাচক পৰিৱৰ্তন সাধন হৈছে।
মন্ত্ৰীগৰাকীয়ে ছাপিহেৰা অঞ্চলৰ কৃষিভূমি পৰিদৰ্শন কৰি স্থানীয় কৃষকসকলৰ সৈতেও মত বিনিময় কৰে। কৃষকসকলে জলসিঞ্চনৰ সুবিধা লাভ কৰাৰ ফলত বছৰি তিনিটাকৈ খেতি কৰিবলৈ সক্ষম হোৱা আৰু প্ৰতি বিঘা কৃষিভূমিৰ পৰা প্ৰায় ১ লাখ টকা পৰ্যন্ত লাভ অৰ্জন কৰাৰ অভিজ্ঞতা মন্ত্ৰীগৰাকীৰ সৈতে ভাগ-বতৰা কৰে। ইয়াৰ উপৰি তেওঁ খিলচিপুৰ কৃষি উপাৰ্জন মণ্ডী পৰিদৰ্শন কৰি কৃষকসকলৰ সৈতে কৃষিজাত সামগ্ৰীৰ বিপণন ব্যৱস্থা, বজাৰ সংযোগ আৰু উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰে।
সফল জলসিঞ্চন ব্যৱস্থাৰ পৰা শিক্ষা আহৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই অসমৰ অভিযন্তা আৰু বিষয়াসকলক প্ৰকল্প দুটাৰ কাৰিকৰী বৈশিষ্ট্য, ৰূপায়ণ কৌশল আৰু পৰিচালন ব্যৱস্থাৰ এক বিস্তৃত অধ্যয়ন কৰিবলৈ নিৰ্দেশ দিয়ে। অসমৰ ভৌগোলিক আৰু ভূ-প্ৰাকৃতিক পৰিস্থিতিৰ সৈতে সামঞ্জস্য ৰাখি এই সফল আৰ্হিসমূহৰ কোনবোৰ কাৰ্যকৰীভাৱে ৰূপায়ণ কৰিব পাৰি, সেই বিষয়েও অধ্যয়ন কৰিবলৈ তেওঁ আহ্বান জনায়। এই উদ্দেশ্যে অসমৰ অভিযন্তাসকল মধ্যপ্ৰদেশত থাকি প্ৰকল্পসমূহৰ কাৰ্যপদ্ধতিৰ বিষয়ে অধিক ব্যৱহাৰিক অভিজ্ঞতা আৰু কাৰিকৰী জ্ঞান আহৰণ কৰিব।
মন্ত্ৰীগৰাকীয়ে কয় যে অসম চৰকাৰে কৃষি উৎপাদনশীলতা বৃদ্ধি আৰু কৃষকৰ উপাৰ্জন উন্নত কৰাৰ লক্ষ্যৰে নিশ্চিত জলসিঞ্চনৰ সুবিধা সম্প্ৰসাৰণ আৰু বহুফচলী কৃষি ব্যৱস্থাৰ প্ৰসাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। অহা কেইটামান বছৰত অসমত অতিৰিক্ত ৪ লাখ হেক্টৰ কৃষিভূমি জলসিঞ্চনৰ অধীনলৈ অনাৰ লক্ষ্য কৃষি আৰু জলসিঞ্চন বিভাগে গ্ৰহণ কৰিছে বুলিও তেওঁ উল্লেখ কৰে।
মধ্যপ্ৰদেশৰ এই ভ্ৰমণৰ পৰা লাভ কৰা অভিজ্ঞতা আৰু কাৰিকৰী জ্ঞানে অসমত জলসিঞ্চন আন্তঃগাঁথনি শক্তিশালী কৰা, জলসিঞ্চনৰ পৰিসৰ বৃদ্ধি কৰা আৰু কৃষকসকলৰ বাবে অধিক সুযোগ সৃষ্টি কৰাৰ ক্ষেত্ৰত সহায়ক হ’ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
উল্লেখযোগ্য যে জলসিঞ্চন বিভাগৰ অতিৰিক্ত সচিব আদিত্য বিক্ৰম যাদৱৰ নেতৃত্বত অসমৰ অভিযন্তা আৰু বিষয়াসকলৰ দলটোৱে এই ভ্ৰমণত অংশগ্ৰহণ কৰে। মন্ত্ৰী পীযুষ হাজৰীকাই ভ্ৰমণকালত আগবঢ়োৱা সহযোগিতা, আতিথ্য আৰু সহায়-সহযোগিতাৰ বাবে মধ্যপ্ৰদেশ চৰকাৰ, প্ৰকল্পৰ সৈতে জড়িত বিষয়াসকল আৰু অভিযন্তাসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।
