সাগৰ পাৰ হোৱাৰ প্ৰস্তুতি! পুনৰ আফ্ৰিকামুখী আপাপাং–আলাং; আফ্ৰিকালৈ উৰা মৰাৰ পূৰ্বে শক্তি সঞ্চয়ৰ বাবে ভাৰতত বিৰতি আমুৰ ফাল্কন চৰাইৰ

শৰীৰত সংস্থাপন কৰা ছেটেলাইট ট্ৰেন্সমিটাৰৰ জৰিয়তে এই কথা প্ৰথমে জানিব পাৰিছিল ডেৰাডুনৰ ৱাইল্ডলাইফ ইনষ্টিটিউট অৱ ইণ্ডিয়া (WII)-ৰ বিজ্ঞানীসকলে। পুনৰ এবাৰ মহাসাগৰ পাৰ হোৱাৰ প্ৰস্তুতিৰে উভতি আহিছে আপাপাং আৰু আলাং। পাহাৰেৰে আগুৰা মণিপুৰৰ তামেংলঙত চৰাই দুটাৰ উভতি অহাৰ খবৰ বিয়পি পৰাৰ লগে লগে সৃষ্টি হৈছে নতুন কৌতূহলৰ। আপাপাং এটা মতা আৰু আলাং এজনী মাইকী আমুৰ ফাল্কন।

ৰূপকথাৰ সাত সাগৰ-তেৰ নদী পাৰ হোৱা চৰাইৰ দৰে এই দুয়োটা চৰাইৰ যাত্ৰাও বিস্ময়কৰ। দুয়োটাৰ শৰীৰত সংস্থাপন কৰা ছেটেলাইট ট্ৰেন্সমিটাৰৰ জৰিয়তে বিজ্ঞানীসকলে বিগত এবছৰ ধৰি মহাদেশৰ পৰা মহাদেশলৈ সিহঁতৰ যাত্ৰাৰ ওপৰত নজৰ ৰাখি আহিছে।

২০২৫ চনৰ অক্টোবৰত সুদূৰ ছাইবেৰিয়াৰ পৰা যাত্ৰা আৰম্ভ কৰি প্ৰথমে ভাৰতত উপস্থিত হৈছিল চৰাই দুটা। তাৰ পিছত ভাৰতৰ পৰা একেৰাহে পাঁচ দিন উৰি আৰব সাগৰ পাৰ হৈ আফ্ৰিকাত উপস্থিত হৈ বিশ্বজুৰি চৰ্চাৰ সৃষ্টি কৰিছিল আমুৰ ফাল্কনে। ২০২৬ চনৰ মে’ মাহত অন্ত পৰিছিল সেই পৰিভ্ৰমণৰ। এছিয়া আৰু আফ্ৰিকাৰ ২৩খন দেশ অতিক্ৰম কৰিছিল আমুৰ ফাল্কনৰ জাকটোৱে।

সেই যাত্ৰাৰ ছমাহ পাৰ নৌহওঁতেই পুনৰ আফ্ৰিকাৰ দিশে পৰিভ্ৰমণ আৰম্ভ কৰিছে চৰাইবোৰে। এই যাত্ৰাপথত সিহঁতৰ প্ৰথমটো বিৰতিৰ স্থান হৈছে ভাৰতৰ মণিপুৰ আৰু নাগালেণ্ড।

যোৱা বছৰ WII-ৰ বিজ্ঞানীসকলে আপাপাং আৰু আলাঙৰ লগতে ‘আহু’ নামৰ আন এটা আমুৰ ফাল্কনৰ শৰীৰতো ট্ৰেন্সমিটাৰ সংস্থাপন কৰিছিল। কিন্তু সেই ট্ৰেন্সমিটাৰটো সম্ভৱতঃ চৰাইটোৰ শৰীৰৰ পৰা খহি পৰিছে। সেয়েহে বৰ্তমান আহুৰ অৱস্থানৰ বিষয়ে বিজ্ঞানীসকল অৱগত নহয়।

ছাইবেৰিয়াৰ পৰা চীন, তাৰ পিছত ভাৰত হৈ আফ্ৰিকালৈ যোৱা আমুৰ ফাল্কনৰ ১১ হাজাৰ কিলোমিটাৰতকৈও অধিক দীঘল পৰিভ্ৰমণৰ পথটোক পক্ষীবিজ্ঞানীসকলে ‘ইষ্ট এছিয়ান-ইষ্ট আফ্ৰিকান ফ্লাইৱে’ বুলি অভিহিত কৰে।

গ্ৰীষ্মকালত বসবাসৰ বাবে ছাইবেৰিয়া আৰু উত্তৰ-পূব চীনক বাছি লয় এই চৰাইবোৰে। ছেপ্টেম্বৰ-অক্টোবৰ মাহত ছাইবেৰিয়াত বৰফ পৰিবলৈ আৰম্ভ কৰাৰ লগে লগে উত্তৰ-পূব এছিয়াৰ প্ৰজননস্থলীৰ পৰা দক্ষিণ দিশলৈ যাত্ৰা আৰম্ভ কৰে সিহঁতে। চীনৰ আকাশ অতিক্ৰম কৰি ভাৰতৰ উত্তৰ-পূবাঞ্চলত উপস্থিত হয় মাত্ৰ ২৭-২৯ ছেণ্টিমিটাৰ দৈৰ্ঘ্য আৰু প্ৰায় ১৩০ গ্ৰাম ওজনৰ এই সৰু চিকাৰী চৰাইবোৰ।

আমুৰ ফাল্কনৰ বাবে ভাৰত কেৱল যাত্ৰাপথৰ এখন দেশেই নহয়, বৰঞ্চ দীঘলীয়া উৰণৰ পূৰ্বে শক্তি সঞ্চয় কৰাৰ এক গুৰুত্বপূৰ্ণ আশ্ৰয়স্থলো।

এইবাৰ এতিয়ালৈকে মণিপুৰ আৰু নাগালেণ্ডত প্ৰায় ডেৰ লাখ আমুৰ ফাল্কন উপস্থিত হৈছে। পৰিভ্ৰমী চৰাইবোৰৰ ওপৰত নজৰদাৰী আৰু সংৰক্ষণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰকল্পৰ দায়িত্বত থকা ডেৰাডুনৰ ৱাইল্ডলাইফ ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ বিজ্ঞানী সুৰেশ কুমাৰে জানিবলৈ দিয়া মতে, মণিপুৰ আৰু নাগালেণ্ডৰ পাহাৰীয়া বনাঞ্চলত আপাপাং আৰু আলাঙৰ এই সাময়িক অৱস্থানৰ আঁৰত আছে এক কঠিন প্ৰস্তুতি।

তেওঁ কয়, “বৰ্তমান চৰাইবোৰে তাত উইপোকা খাই শৰীৰত চৰ্বি জমা কৰিছে। এইদৰে সঞ্চয় কৰা শক্তিয়েই পৰৱৰ্তী আৰু আটাইতকৈ কঠিন পৰিভ্ৰমণৰ সময়ছোৱাত সিহঁতৰ কামত আহিব। এই যাত্ৰা অতি সোনকালেই আৰম্ভ হ’ব।”

সুৰেশ কুমাৰৰ ব্যাখ্যা অনুসৰি, মণিপুৰৰ পৰা ছোমালিয়ালৈ প্ৰায় ৬ হাজাৰ কিলোমিটাৰৰ পৰিভ্ৰমণ পথছোৱাৰ ভিতৰত ৩ হাজাৰ কিলোমিটাৰেই আৰব সাগৰৰ ওপৰেৰে। এই দীঘলীয়া পথছোৱাত বিৰতি লোৱাৰ কোনো সুবিধা নাথাকে আমুৰ ফাল্কনবোৰৰ।

স্থলভাগৰ নিৰাপদ আশ্ৰয় এৰি এনেদৰে বিশাল সাগৰৰ ওপৰেৰে উৰি যোৱাটো চৰাইৰ পৰিভ্ৰমণৰ অন্যতম বিস্ময়কৰ ঘটনা হিচাপে বিবেচিত হৈ আহিছে।

মণিপুৰৰ তামেংলং বন বিভাগ আৰু WII-ৰ যৌথ উদ্যোগত ২০১৮ চনৰ পৰা বৰ্তমানলৈকে এটা ডজনতকৈও অধিক আমুৰ ফাল্কনৰ শৰীৰত নজৰদাৰীৰ যন্ত্ৰ সংস্থাপন কৰা হৈছে।

২০২৫ চনৰ ১১ নৱেম্বৰত তামেংলঙৰ চিউলুয়ান গাঁৱত WII-ৰ বিজ্ঞানীসকলে তিনিটা আমুৰ ফাল্কনৰ শৰীৰত ৰেডিঅ’ ট্ৰেন্সমিটাৰ সংস্থাপন কৰিছিল। তামেংলঙৰ চৰাইবোৰে জিৰণি লোৱা স্থানৰ কাষৰীয়া তিনিখন গাঁৱৰ নামৰ সৈতে সংগতি ৰাখি সিহঁতৰ নাম ৰখা হৈছিল- আপাপাং, আলাং আৰু আহু।

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱেও সামাজিক মাধ্যমত আপাপাং আৰু আলাঙৰ ছবি প্ৰকাশ কৰি সিহঁতৰ মণিপুৰলৈ উভতি অহাৰ কথা সদৰী কৰিছে।

যোৱা বছৰ ভাৰতৰ পৰা মাত্ৰ পাঁচ দিনতে ছোমালিয়াত উপস্থিত হৈ বিস্ময়ৰ সৃষ্টি কৰা এই চৰাই দুটাই পুনৰ এবাৰ অসম্ভৱক সম্ভৱ কৰাৰ প্ৰস্তুতি চলাইছে। এতিয়া বিজ্ঞানীসকলৰ দৃষ্টি থাকিব ছেটেলাইটৰ পৰা লাভ কৰা বৈদ্যুতিন সংকেতৰ ওপৰত। সেই সংকেতত জিলিকি থকা পোহৰৰ দুটা সৰু বিন্দু ক্ৰমাৎ আগুৱাই যাব আফ্ৰিকাৰ দিশে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমিনগাঁৱত STFৰ বৃহৎ ড্ৰাগছবিৰোধী অভিযান, ৮৫ কোটি টকাৰ হেৰ’ইনসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে আমিনগাঁৱত...

ঘূৰ্ণীবতাহ ‘আকৱান’ৰ বাবে সৰ্তকবাণী ! তিনিদিনৰ বাবে পুৰীৰ জগন্নাথ মন্দিৰ ভ্ৰমণ নকৰিবলৈ দৰ্শনাৰ্থীসকলক আহ্বান

ঘূৰ্ণীবতাহ ‘আকৱান’ৰ সম্ভাৱ্য প্ৰভাৱক লৈ ওড়িশাত, বিশেষকৈ পুৰী জিলাত...

ইউৰোপৰ ১৭খন দেশত ভূমিকম্পৰ জোকাৰণি! ক্ষেপণাস্ত্ৰ আক্ৰমণৰ আশংকাত প্ৰাণৰ মমতাত ৰাজপথলৈ ওলাল লাখ লাখ লোক

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ উত্তেজনাৰ মাজতে গভীৰ নিশা ভূমিকম্পই জোকাৰি গ’ল...