উত্তৰ প্ৰদেশৰ গোৰখপুৰত সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ নেতৃত্বত অনুষ্ঠিত ৰোড শ্ব’ৰ সময়ত বুলড’জাৰৰ খুন্দাত ১২ বছৰীয়া এজন কিশোৰৰ মৃত্যু হয়। নিহত কিশোৰজনৰ পিতৃ স্থানীয় বিজেপি নেতা। এই ঘটনাই ৰাজনৈতিক অনুষ্ঠানটোৰ আয়োজন আৰু ভিৰ নিয়ন্ত্ৰণৰ ব্যৱস্থাক লৈ বিভিন্ন প্ৰশ্নৰ উত্থাপন কৰিছে।
নিহত কিশোৰজনৰ নাম আৰ্যবৰ্ধন সিং। তেওঁ চৌৰী চৌৰা অঞ্চলৰ ৰাজধানী গাঁৱৰ বাসিন্দা আছিল। তেওঁৰ পিতৃ ওমকাৰ সিং এগৰাকী স্থানীয় বিজেপি নেতা। দলটোৰ ‘PDA ৰথ যাত্ৰা’ৰ সময়ত কুড়াঘাট অঞ্চলত এই দুৰ্ঘটনাটো সংঘটিত হয়।
কিশোৰজনৰ পিতৃ ওমকাৰ সিঙৰ অভিযোগ অনুসৰি, ৰোড শ্ব’ত অংশগ্ৰহণ কৰা বুলড’জাৰ এখনেৰে ফুলৰ পাহি ছটিয়াই আদৰণি জনোৱা হৈছিল। সেই সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। তেওঁৰ অভিযোগ, অখিলেশ যাদৱৰ কনভয় ইতিমধ্যে আগবাঢ়ি যোৱাৰ পিছত এখন বুলড’জাৰ তীব্ৰ বেগেৰে আহি পিছফালৰ পৰা তেওঁৰ পুত্ৰক খুন্দা মাৰে।
বুলড’জাৰৰ খুন্দাত আৰ্যবৰ্ধন পথৰ ডিভাইডাৰত গৈ খুন্দা খায়। ফলত তেওঁৰ মূৰৰ পিছফালে গুৰুতৰ আঘাত লাগে। পিছত আঘাতৰ ফলত তেওঁৰ মৃত্যু হয়।
এই ঘটনাই ৰোড শ্ব’ৰ সময়ত জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল, তাক লৈ প্ৰশ্নৰ সৃষ্টি কৰিছে। বিশেষকৈ জনসমাগমৰ মাজত গধুৰ বাহনৰ চলাচল নিয়ন্ত্ৰণৰ ব্যৱস্থা আৰু ৰেলীত অংশগ্ৰহণ কৰা বাহনসমূহৰ চলাচল নিয়ন্ত্ৰণৰ দায়িত্ব কাৰ হাতত আছিল, সেই বিষয়েও প্ৰশ্ন উত্থাপন হৈছে।
ঘটনাৰ পিছতে গোৰখপুৰৰ বিধায়ক অভিযন্তা সৰ্বন নিষাদে শোকসন্তপ্ত পৰিয়ালটোক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। কেবিনেট মন্ত্ৰী ড০ সঞ্জয় নিষাদেও ফোনযোগে বিধায়কজনৰ সৈতে কথা পাতি পৰিয়ালটোক সকলো প্ৰকাৰৰ সম্ভৱপৰ সহায় আগবঢ়াবলৈ নিৰ্দেশ দিয়ে। আনহাতে, ৰাজ্যিক বিজেপিয়ে কিশোৰজনৰ মৃত্যুৰ বাবে সমাজবাদী পাৰ্টিৰ গুণ্ডাগিৰিক দায়ী কৰিছে।
এই ঘটনাৰ সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত অখিলেশ যাদৱে কয় যে কিশোৰজনৰ মৃত্যুৰ বিষয়ে তেওঁ অৱগত নহয়। অৱশ্যে, ৰোড শ্ব’ৰ বাবে প্ৰশাসনে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে।
অখিলেশ যাদৱে কয়, “এই ঘটনাৰ বিষয়ে মোৰ কোনো তথ্য নাই। ইয়াৰ উপৰি প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থাই গ্ৰহণ কৰা নাছিল। বিজেপিৰ লোকসকলৰ পৰা সাৱধান হোৱা উচিত। তেওঁলোকে যিকোনো লোককে মিছা গোচৰত ফচাব পাৰে।”
আনহাতে, আৰক্ষীয়ে দুৰ্ঘটনাটোত জড়িত বুলড’জাৰখন জব্দ কৰিছে আৰু বাহনখনৰ গৰাকীক বিচাৰি উলিয়াবলৈ চেষ্টা চলাই আছে।
বুধবাৰে অখিলেশ যাদৱৰ ৰোড শ্ব’ গোৰখপুৰ বিমানবন্দৰৰ পৰা আৰম্ভ হৈ চৌৰী চৌৰাৰ দেওকাহী গাঁৱত সামৰণি পৰে। এই ৰোড শ্ব’ত জিলাখনৰ নটা বিধানসভা সমষ্টিৰ লগতে পূব উত্তৰ প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দলীয় কৰ্মী আৰু সমৰ্থকৰ ব্যাপক সমাগম ঘটে। সমাজবাদী পাৰ্টিৰ পতাকা লগোৱা বিশেষভাৱে নিৰ্মিত প্ৰচাৰ বাহনখনৰ কাষে কাষে দলীয় কৰ্মীসকলে দৌৰি অখিলেশ যাদৱৰ সমৰ্থনত শ্ল’গান দি আগবাঢ়িছিল।
উল্লেখ্য যে গোৰখপুৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ৰাজনৈতিক শক্তিশালী দুৰ্গ হিচাপে পৰিচিত। তেওঁ এই সমষ্টিৰ পৰা পাঁচবাৰ লোকসভাৰ সাংসদ আৰু এবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।
