মহানগৰীৰ AT ৰোডৰ টকৌবাৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। চাফাই কৰ্মচাৰীৰ পৰিচয় দি অৰূপ মজুমদাৰৰ বাসগৃহত প্ৰৱেশ কৰি সোণৰ আ-অলংকাৰ লুটি নিয়াৰ অভিযোগ দুজন ব্যক্তিৰ বিৰুদ্ধে।
Subidha কোম্পানীৰ কৰ্মচাৰী বুলি পৰিচয় দিয়া লোক দুজনে প্ৰথমে প্ৰেচাৰ কুকাৰ, গেছৰ চৌকা আৰু টাইলছ চাফা কৰাৰ প্ৰস্তাৱ দিছিল। ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছতে এটা পাউদাৰ উলিওৱাৰ ফলত দুগৰাকী মহিলা আংশিকভাৱে সংজ্ঞাহীন হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছতে এগৰাকী মহিলাৰ হাতৰ সোণৰ খাৰু আৰু আঙঠি চাফা কৰাৰ চলেৰে খুলি লৈ দুই অভিযুক্তই পলায়ন কৰে।
নিজকে গুজৰাটৰ আহমেদাবাদৰ পৰা অহা বুলি পৰিচয় দিছিল লোক দুজনে। সমগ্ৰ ঘটনা বন্দী হৈছে CCTV কেমেৰাত। ইতিমধ্যে পৰিয়ালটোৱে পানবজাৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
