চাফা কৰাৰ চলেৰে ঘৰত প্ৰৱেশ, মহিলাক সংজ্ঞাহীন কৰি সোণৰ গহনা লুটি নিলে দুই প্ৰৱঞ্চকে

মহানগৰীৰ AT ৰোডৰ টকৌবাৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। চাফাই কৰ্মচাৰীৰ পৰিচয় দি অৰূপ মজুমদাৰৰ বাসগৃহত প্ৰৱেশ কৰি সোণৰ আ-অলংকাৰ লুটি নিয়াৰ অভিযোগ দুজন ব্যক্তিৰ বিৰুদ্ধে।

Subidha কোম্পানীৰ কৰ্মচাৰী বুলি পৰিচয় দিয়া লোক দুজনে প্ৰথমে প্ৰেচাৰ কুকাৰ, গেছৰ চৌকা আৰু টাইলছ চাফা কৰাৰ প্ৰস্তাৱ দিছিল। ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছতে এটা পাউদাৰ উলিওৱাৰ ফলত দুগৰাকী মহিলা আংশিকভাৱে সংজ্ঞাহীন হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছতে এগৰাকী মহিলাৰ হাতৰ সোণৰ খাৰু আৰু আঙঠি চাফা কৰাৰ চলেৰে খুলি লৈ দুই অভিযুক্তই পলায়ন কৰে।

নিজকে গুজৰাটৰ আহমেদাবাদৰ পৰা অহা বুলি পৰিচয় দিছিল লোক দুজনে। সমগ্ৰ ঘটনা বন্দী হৈছে CCTV কেমেৰাত। ইতিমধ্যে পৰিয়ালটোৱে পানবজাৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডৰ গুৰুত্বপূৰ্ণ জাননী।

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব'ৰ্ডৰ গুৰুত্বপূৰ্ণ জাননী । শিক্ষাৰ্থীৰ...

ভুৱা অসুস্থতাৰ অভিনয়, জে’লৰক্ষীক আক্ৰমণ, চাবি কাঢ়ি লৈ মূল দুৱাৰ খুলি পলায়ন! তামিলনাডুত আজৱ কাণ্ড

তামিলনাডুৰ এখন কাৰাগাৰত ১৭জন বন্দীয়ে সংঘটিত কৰিলে আজৱ কাণ্ড।...

কাইলৈ ৰাজ্যজুৰি কলেজ শিক্ষকৰ ‘কলম বন্ধ’ আৰু ধৰ্ণা কাৰ্যসূচী

ৰাজ্যৰ প্ৰাদেশিকীকৃত মহাবিদ্যালয়ৰ শিক্ষকসকলৰ দীৰ্ঘদিনীয়া সমস্যা আৰু প্ৰাপ্য দাবীসমূহৰ...

ইউক্ৰেইনৰ ৰে’ল ষ্টেচনত ৰাছিয়াৰ ভয়ংকৰ ড্ৰ’ন আক্ৰমণ, নিহত ১৩, আহত ১০

ইউক্ৰেইনৰ ড্নিপ্ৰ’ অঞ্চলৰ এটা ৰে’ল ষ্টেচনত বৃহস্পতিবাৰে ৰাছিয়াৰ জেট...