অমৃতপ্ৰভা মহন্ত দোষী নহয়, আদালতত তথ্যসহকাৰে যুক্তি দিছোঁ: অধিবক্তা আনন্দ কুমাৰ ভূঞা

৫০ হাজাৰ টকাৰ বেইল বণ্ডত জামিন মঞ্জুৰ, বণ্ড জমা দিলেই মুকলি হ’ব অমৃতপ্ৰভা মহন্ত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্তই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁৰ অধিবক্তাই। অমৃতপ্ৰভাৰ হৈ আদালতত তথ্য আৰু ডিজিটেল তথ্য-প্ৰমাণ দাখিল কৰি যুক্তি আগবঢ়োৱা বুলি উল্লেখ কৰি অধিবক্তাগৰাকীয়ে দাবী কৰে যে চাৰ্জশ্বীটত উল্লেখ কৰা কেতবোৰ তথ্য আইনগতভাৱে গ্ৰহণযোগ্য নহয়। অধিবক্তাগৰাকীৰ মতে, আদালতে অমৃতপ্ৰভা মহন্তক ৫০ হাজাৰ টকাৰ বেইল বণ্ডত জামিন মঞ্জুৰ কৰিছে। পৰিয়ালে বেইল বণ্ডৰ ধন যোগাৰ কৰি নিম্ন আদালতত প্ৰয়োজনীয় নথি জমা দিলেই তেওঁ মুকলি আকাশৰ তললৈ আহিব পাৰিব বুলি তেওঁ জানিবলৈ দিয়ে। অমৃতপ্ৰভাৰ নিৰ্দোষিতাৰ দাবী কৰি অধিবক্তাগৰাকীয়ে কয় যে তেওঁ এগৰাকী গায়িকা আৰু নৃত্যশিল্পী, যিয়ে বিভিন্ন সময়ত দেশক প্ৰতিনিধিত্ব কৰিছে। তেওঁৰ বিৰুদ্ধে পূৰ্বে কোনো অপৰাধমূলক গোচৰ নাছিল বুলিও অধিবক্তাগৰাকীয়ে উল্লেখ কৰে। অধিবক্তাগৰাকীয়ে লগতে কয়, “কি ভুল কৰিছিল অমৃতপ্ৰভা মহন্তই? তেওঁক অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা হৈছিল বাবেহে গৈছিল। জুবিন গাৰ্গক তেওঁ দাদা বুলি মাতিছিল, তেওঁ অমৃতপ্ৰভাৰ বাবে পিতৃসমতুল্য ব্যক্তি আছিল।”

অধিবক্তাগৰাকীৰ দাবী অনুসৰি, অমৃতপ্ৰভাই কোনো দোষ নকৰাকৈ প্ৰায় এবছৰ কাৰাগাৰত কটাবলগীয়া হ’ল। ইয়াৰ ফলত তেওঁৰ পৰিয়ালেও যথেষ্ট কষ্টৰ সন্মুখীন হৈছে বুলি মন্তব্য কৰে অধিবক্তাগৰাকীয়ে।

উল্লেখ্য যে জামিন লাভ কৰাৰ পিছতো প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে অমৃতপ্ৰভা মহন্ত কাৰাগাৰৰ পৰা মুকলি হ’ব নোৱাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত হোমষ্টে ব্যৱস্থাত কঠোৰ নিয়ম GMCৰ, দুৰ্গা পূজাত হ’ব স্বচ্ছতা প্ৰতিযোগিতা

গুৱাহাটী মহানগৰীত হোমষ্টে ব্যৱস্থাক নিয়মৰ মাজলৈ আনিবলৈ বিশেষ পদক্ষেপ...

দিল্লী মেট্ৰ’ৰ ৫৭টা ষ্টেচনৰ প্ৰৱেশ-প্ৰস্থান বন্ধ থকাৰ সম্ভাৱনা, ১০ অক্টোবৰত CJPৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা কটকটীয়া

১০ অক্টোবৰত দিল্লীত হ’বলগীয়া প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত ৰাজধানী চহৰখনত...

‘আম্বানীয়েই ভাৰতৰ প্ৰকৃত মুৰব্বী নেকি?’ ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰক লৈ ইলন মাস্কৰ প্ৰশ্ন

ভাৰতত নিজৰ উপগ্ৰহভিত্তিক ইণ্টাৰনেট সেৱা ষ্টাৰলিংক (Starlink) আৰম্ভ কৰাত...