নগাঁৱত বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ জয়। আনুষ্ঠানিক ঘোষণা নিৰ্বাচন আয়োগৰ

দেৱাশীষ শৰ্মাৰ হাতত আয়ুক্তই তুলি দিলে জয়ৰ প্ৰমাণপত্ৰ। ৰাজ্যজুৰি বিজেপি কৰ্মীৰ আনন্দ উল্লাস। ৰিটাৰ্ণিং অফিচাৰ তথা নগাঁও জিলা আয়ুক্ত আৰণ্যক শইকীয়াই জয়ী বেজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক প্ৰদান কৰিলে জয়ৰ প্ৰমাণপত্ৰ। প্ৰমাণ পত্ৰ গ্ৰহণ কৰিয়েই পুনৰ দেৱাশীষ শৰ্মাই গুণগুণালে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ কৰাজয়ী গীত “মানুহে মানুহৰ বাবে”। ইফালে কংগ্ৰেছৰ পৰাজয়ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া – কংগ্ৰেছৰ জীৱনৰ আটাইতকৈ বেয়া নিৰ্বাচনী পৰাজয়। সমষ্টিটোত ধৰ্মীয় সংখ্যালঘু ভোটাৰ আছে ৬২%’। কংগ্ৰেছে লাভ কৰিলে ৯% ভোট’ তেনেস্থলত গৌৰৱ গগৈৰ সন্দৰ্ভত ক’ব লগা নাই’। ‘আমাৰ পৰৱৰ্তী নিৰ্বাচনী যুঁজ হ’ব আজমলৰ লগত। যি ৰাজনৈতিক সংঘাত হয় আজমলৰ লগত হ’ব। যি নিৰ্বাচনী প্ৰতিযোগিতা হয় আজমলৰ লগত হ’‍ব। গৌৰৱ গগৈয়ে আমাক দূৰ-দূৰণিলৈ ঢুকি নাপায়

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডৰ গুৰুত্বপূৰ্ণ জাননী।

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব'ৰ্ডৰ গুৰুত্বপূৰ্ণ জাননী । শিক্ষাৰ্থীৰ...

ভুৱা অসুস্থতাৰ অভিনয়, জে’লৰক্ষীক আক্ৰমণ, চাবি কাঢ়ি লৈ মূল দুৱাৰ খুলি পলায়ন! তামিলনাডুত আজৱ কাণ্ড

তামিলনাডুৰ এখন কাৰাগাৰত ১৭জন বন্দীয়ে সংঘটিত কৰিলে আজৱ কাণ্ড।...

কাইলৈ ৰাজ্যজুৰি কলেজ শিক্ষকৰ ‘কলম বন্ধ’ আৰু ধৰ্ণা কাৰ্যসূচী

ৰাজ্যৰ প্ৰাদেশিকীকৃত মহাবিদ্যালয়ৰ শিক্ষকসকলৰ দীৰ্ঘদিনীয়া সমস্যা আৰু প্ৰাপ্য দাবীসমূহৰ...

ইউক্ৰেইনৰ ৰে’ল ষ্টেচনত ৰাছিয়াৰ ভয়ংকৰ ড্ৰ’ন আক্ৰমণ, নিহত ১৩, আহত ১০

ইউক্ৰেইনৰ ড্নিপ্ৰ’ অঞ্চলৰ এটা ৰে’ল ষ্টেচনত বৃহস্পতিবাৰে ৰাছিয়াৰ জেট...