নগাঁৱত বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ জয়। আনুষ্ঠানিক ঘোষণা নিৰ্বাচন আয়োগৰ

দেৱাশীষ শৰ্মাৰ হাতত আয়ুক্তই তুলি দিলে জয়ৰ প্ৰমাণপত্ৰ। ৰাজ্যজুৰি বিজেপি কৰ্মীৰ আনন্দ উল্লাস। ৰিটাৰ্ণিং অফিচাৰ তথা নগাঁও জিলা আয়ুক্ত আৰণ্যক শইকীয়াই জয়ী বেজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক প্ৰদান কৰিলে জয়ৰ প্ৰমাণপত্ৰ। প্ৰমাণ পত্ৰ গ্ৰহণ কৰিয়েই পুনৰ দেৱাশীষ শৰ্মাই গুণগুণালে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ কৰাজয়ী গীত “মানুহে মানুহৰ বাবে”। ইফালে কংগ্ৰেছৰ পৰাজয়ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া – কংগ্ৰেছৰ জীৱনৰ আটাইতকৈ বেয়া নিৰ্বাচনী পৰাজয়। সমষ্টিটোত ধৰ্মীয় সংখ্যালঘু ভোটাৰ আছে ৬২%’। কংগ্ৰেছে লাভ কৰিলে ৯% ভোট’ তেনেস্থলত গৌৰৱ গগৈৰ সন্দৰ্ভত ক’ব লগা নাই’। ‘আমাৰ পৰৱৰ্তী নিৰ্বাচনী যুঁজ হ’ব আজমলৰ লগত। যি ৰাজনৈতিক সংঘাত হয় আজমলৰ লগত হ’ব। যি নিৰ্বাচনী প্ৰতিযোগিতা হয় আজমলৰ লগত হ’‍ব। গৌৰৱ গগৈয়ে আমাক দূৰ-দূৰণিলৈ ঢুকি নাপায়

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চাফা কৰাৰ চলেৰে ঘৰত প্ৰৱেশ, মহিলাক সংজ্ঞাহীন কৰি সোণৰ গহনা লুটি নিলে দুই প্ৰৱঞ্চকে

মহানগৰীৰ AT ৰোডৰ টকৌবাৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। চাফাই কৰ্মচাৰীৰ...

গুৱাহাটীত হোমষ্টে ব্যৱস্থাত কঠোৰ নিয়ম GMCৰ, দুৰ্গা পূজাত হ’ব স্বচ্ছতা প্ৰতিযোগিতা

গুৱাহাটী মহানগৰীত হোমষ্টে ব্যৱস্থাক নিয়মৰ মাজলৈ আনিবলৈ বিশেষ পদক্ষেপ...