৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ পিছতেই ফিলিপিন্ছত হাহাকাৰ

পুনৰ ভূমিকম্পৰ জোকাৰণি। ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ পিছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ফিলিপিন্ছত। চকুৰ পচাৰতে খহি পৰিল অট্টালিকা। ভূমিকম্পৰ কেতিয়াও নেদেখা শিহৰণকাৰী দৃশ্য আহিছে ফিলিপিন্ছৰ পৰা।

ভূমিকম্পৰ ফলত বিস্তৰ ক্ষতি হৈছে বহু ঘৰ-দুৱাৰ ব্যৱসায়িক প্ৰতিষ্ঠান, ৰাস্তা-ঘাটৰ। এতিয়ালৈকে এই ভূমিকম্পৰ ফলত প্ৰায় চাৰিজন লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা হৈছে যদিও মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। আনফালে ভূমিকম্পৰ ফলত আহত হৈছে ২০০জনকৈ লোক।

উদ্ধাৰকাৰী দলে বৰ্তমানেও অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। ভূমিকম্পৰ পিছতেই দেশখনত ছুনামিৰো আশংকা কৰা হৈছে। ইতিমধ্যে ফিলিপিন্ছৰ প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে সতৰ্কবাণী।

মিনডানাও দ্বীপৰ ২৪ কিলোমিটাৰ পশ্চিমত আছিল ভূমিকম্পৰ অভিকেন্দ্ৰ। ইণ্ডোনেছিয়াকো আংশিকভাৱে স্পৰ্শ কৰে ভূমিকম্পই। টাইৱান, পাপুৱানিউগিনি, পালাও আদি দেশতো অনুভূত হয় ভূমিকম্প।

ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাতৃয়ে জন্মদিনত উপহাৰ দিলে বন্দুক; সেই বন্দুকেৰে বিদ্যালয়ত গুলীচালনা কৰি ৪ জনক হত্যা ১৬ বছৰীয়া পুত্ৰৰ

আমেৰিকাৰ অৰেগন ৰাজ্যৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ঘটনাক...

ভাৰত-ইউএইৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্য, বৈদেশিক মন্ত্ৰী জয়শংকৰক সাক্ষাৎ ইউএইৰ মন্ত্ৰীৰ

‘আমি আৰু ঘনিষ্ঠ হ’ব বিচাৰোঁ’: কৌশলগত সম্পৰ্কৰ পৰ্যালোচনাৰ বাবে...