৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ পিছতেই ফিলিপিন্ছত হাহাকাৰ

পুনৰ ভূমিকম্পৰ জোকাৰণি। ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ পিছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ফিলিপিন্ছত। চকুৰ পচাৰতে খহি পৰিল অট্টালিকা। ভূমিকম্পৰ কেতিয়াও নেদেখা শিহৰণকাৰী দৃশ্য আহিছে ফিলিপিন্ছৰ পৰা।

ভূমিকম্পৰ ফলত বিস্তৰ ক্ষতি হৈছে বহু ঘৰ-দুৱাৰ ব্যৱসায়িক প্ৰতিষ্ঠান, ৰাস্তা-ঘাটৰ। এতিয়ালৈকে এই ভূমিকম্পৰ ফলত প্ৰায় চাৰিজন লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা হৈছে যদিও মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। আনফালে ভূমিকম্পৰ ফলত আহত হৈছে ২০০জনকৈ লোক।

উদ্ধাৰকাৰী দলে বৰ্তমানেও অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। ভূমিকম্পৰ পিছতেই দেশখনত ছুনামিৰো আশংকা কৰা হৈছে। ইতিমধ্যে ফিলিপিন্ছৰ প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে সতৰ্কবাণী।

মিনডানাও দ্বীপৰ ২৪ কিলোমিটাৰ পশ্চিমত আছিল ভূমিকম্পৰ অভিকেন্দ্ৰ। ইণ্ডোনেছিয়াকো আংশিকভাৱে স্পৰ্শ কৰে ভূমিকম্পই। টাইৱান, পাপুৱানিউগিনি, পালাও আদি দেশতো অনুভূত হয় ভূমিকম্প।

ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTM-ত ৮০ সংখ্যক স্বাধীনতা দিৱস দেশপ্ৰেমৰ উদ্দীপনাৰে উদযাপন

ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন’লজী মেঘালয় (USTM)-এ শনিবাৰে বিশ্ববিদ্যালয়...

ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ শক্তিশালী ভূকম্পন; ছুনামিৰ সতর্কবার্তা জাৰি

ইণ্ডোনেছিয়াৰ পূব উপকূলীয় অঞ্চলত শনিবাৰে এক তীব্র ভূকম্পন অনুভূত...