বিপদৰ সময়ত বন্ধু বিচাৰি পালে ইৰাণে; ইজৰাইলৰ ওপৰত আক্ৰমণ চলাইছে আন এখন দেশে

ইজৰাইলৰ সৈতে সংঘাতৰ তৃতীয় দিনত ইৰাণে ‘বন্ধু’ৰ সমৰ্থন লাভ কৰিলে। ইয়েমেনৰ পৰাও ইজৰাইলৰ বিৰুদ্ধে ক্ষেপণাস্ত্ৰ বৰ্ষণ আৰম্ভ হৈছে। একেসময়তে টেল আভিভৰ পৰা ইয়েমেনৰ সশস্ত্ৰ বাহিনীৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণ চলোৱা হৈছে। ইজৰাইলৰ সেনাবাহিনীয়ে জনোৱা মতে, তেওঁলোকৰ লক্ষ্য আছিল হুথিৰ সামৰিক বাহিনীৰ চিফ অৱ ষ্টাফ মুহাম্মদ আল-ঘামাৰী। যদিও ইজৰাইলৰ ক্ষেপণাস্ত্ৰত তেওঁৰ কোনো ক্ষতি হৈছে নে নাই, সেয়া এতিয়াও স্পষ্ট নহয়। ইজৰাইলৰ সংবাদ মাধ্যমেও তাক নিশ্চিত কৰা নাই।

পশ্চিম এছিয়াত ইৰাণৰ অন্যতম সমৰ্থক হৈছে ইয়েমেনৰ হুথি গোষ্ঠী। এই গোষ্ঠী সদায় ইৰাণৰ সমৰ্থনত থাকে। গাজাত পেলেষ্টাইনৰ সশস্ত্ৰ গোষ্ঠী হামাছৰ সৈতে ইজৰাইলৰ যুদ্ধতো হুথিসকলে হামাছৰ পক্ষ লৈছিল। কিন্তু বিগত শুকুৰবাৰৰ পৰা ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা সশস্ত্ৰ সংঘাতত প্ৰথমবাৰৰ বাবে তেহৰানে অন্য দেশৰ সমৰ্থন পাইছে। ইজৰাইলৰ সৈতে ইয়েমেনৰ ক্ষেপণাস্ত্ৰৰ সংঘাতে পশ্চিম এছিয়াৰ উত্তেজনা আৰু বৃদ্ধি কৰিলে।

ৰবিবাৰে হুথিৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে শেহতীয়া সংঘাতত ইৰাণৰ প্ৰতি সমৰ্থন ঘোষণা কৰা হৈছে। তেওঁলোকৰ সামৰিক মুখপাত্ৰ ইয়েইয়া ছাৰেয়াই জনায় যে, বিগত ২৪ ঘণ্টাত মধ্য ইজৰাইলৰ জাফা নগৰৰ বিৰুদ্ধে একেৰাহে কেইবাটাও ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে। ইজৰাইলৰ সেনাবাহিনীক অপৰাধী বুলি উল্লেখ কৰি তেওঁ কয়, “এয়া পেলেষ্টাইনী আৰ ইৰাণীৰ জয়। অপৰাধী ইজৰাইলী সেনাৰ বিৰুদ্ধে ইৰাণৰ অভিযানৰ সমৰ্থনত আমাৰ এই অভিযান।”

শনিবাৰে নিশা আৰু ৰবিবাৰে ইজৰাইলৰ পৰাও ইয়েমেনৰ দিশত প্ৰত্যাক্ৰমণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে। ইজৰাইলৰ সংবাদ মাধ্যমৰ দাবী মতে, আক্ৰমণৰ সময়ত ঘামাৰীয়ে এখন বৈঠকত অংশ লৈছিল। ঘামাৰী নিজেই ইৰাণত প্ৰশিক্ষিত। ইৰাণ আৰু ইয়েমেনৰ হুথিৰ মাজত সংযোগ ৰক্ষাত তেওঁৰ ভূমিকা আছিল গুৰুত্বপূৰ্ণ।

পৰমাণু চুক্তিক লৈ আমেৰিকাৰ সৈতে মতভেদৰ মাজত শুকুৰবাৰে তেহৰানত ক্ষেপণাস্ত্ৰ বৰ্ষণ কৰে ইজৰাইলে। তাতে ইৰাণৰ চাৰিজন সেনাৰ শীৰ্ষ বিষয়া আৰু ৯জন পৰমাণু বিজ্ঞানীৰ মৃত্যু হয়। এই আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে কৰি ইৰাণেও ক্ষেপণাস্ত্ৰ আৰু ড্ৰৌন আক্ৰমণ চলায়। ফলত ইজৰাইলৰ দুখন ডাঙৰ নগৰ জেৰুজালেম আৰ টেল আভিভত চাইৰেন বজাই ৰাখি জনসাধাৰণক সতৰ্ক কৰি ৰাখিছে। নাগৰিকসকলক আশ্ৰয় শিবিৰলৈ লৈ যোৱা হৈছে। কেইবাটাও অট্টালিকা ভাঙি পৰিছে। ইজৰাইলে দাবী কৰিছিল যে, হুথিসকলে ইয়েমেনৰ পৰা সেই ক্ষেপণাস্তসমূহ লাভ কৰিছিল। কিন্তু হুথিয়ে সেই দাবী অস্বীকাৰ কৰিছিল। এইবাৰ সংঘৰ্ষৰ তৃতীয় দিনত অৱশেষত ইজৰাইলৰ বিৰুদ্ধে ঘোষিত আক্ৰমণ আৰম্ভ কৰিলে ইয়েমেনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...