পুনেত ভাঙি পৰিল দলং; সন্ধানহীন ১৫জন পৰ্যটক

মহাৰাষ্ট্ৰৰ পুনেৰ ওচৰৰ ইন্দ্ৰায়ণী নদীৰ ওপৰত থকা এখন খোজকাঢ়ি যোৱা বাঁহৰ সাঁকো ভাগি পৰিছে। দেওবাৰৰ দুপৰীয়া এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত প্ৰায় ২০জন লোক সাঁকোৰ পৰা নদীত পৰি যায়। আৰক্ষীৰ খবৰ অনুসৰি, তেওঁলোকৰ মাজৰ পৰা ৫-৬ জনক উদ্ধাৰ কৰা হৈছে। এতিয়াও ১০-১৫ জনৰ কোনো সন্ধান পোৱা নাই। নদীৰ খৰস্ৰোতা পানীৰ তীব্ৰ প্রবাহত কেইজনমান উটি গৈছে বুলিও আশংকা কৰা হৈছে।

এই দুৰ্ঘটনা পুনেৰ পিম্পৰি-চিঞ্চৱাৰ থানাৰ অন্তৰ্গত কুন্দমালা গাঁৱৰ ওচৰত সংঘটিত হৈছে। ইন্দ্ৰায়ণী নদীৰ কাষত থকা এই পুৰণি খোজকাঢ়ি যোৱা সাঁকো পৰ্যটকৰ বাবে এক জনপ্ৰিয় স্থান। সপ্তাহৰ শেষৰ ছুটীৰ দিনত নদীৰ পাৰত আৰু এই পুৰণি সাঁকোৰ ওপৰত বহু পৰ্যটকৰ সমাগম হয়। দেওবাৰৰ দিনাও সাঁকো আৰু ইয়াৰ আশে-পাশে পৰ্যটকৰ ভিৰ আছিল। দুৰ্ঘটনাত ডুব যোৱা লোকসকলৰ বেছিভাগেই পৰ্যটক বুলি আশংকা কৰা হৈছে।

ইন্দ্ৰায়ণী নদীৰ ওপৰৰ এই সাঁকোৰ অৱস্থা জৰাজীৰ্ণ। ইয়াৰ ওপৰত যান-বাহনৰ চলাচল বহু আগতেই বন্ধ কৰা হৈছিল। কিন্তু বৰষুণৰ সময়ত নদীৰ পানীৰ স্তৰ বৃদ্ধি পালে খৰস্ৰোতা পানী চাবলৈ বহু লোকে এই সাঁকোত ভিৰ কৰেহি। প্ৰাথমিকভাৱে অনুমান কৰা হৈছে যে, পানীৰ তীব্ৰ প্রবাহৰ ফলতেই সাঁকোখন ভাগি পৰিছে। স্থানীয় আৰক্ষীৰ এটা দল ইতিমধ্যে দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে। ডুব যোৱা পৰ্যটকসকলক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে। ঘটনাস্থলীত ১৫খন এম্বুলেন্স পঠিওৱা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...