গুৱাহাটীৰ ভাৰাঘৰত উদ্ধাৰ দেৰগাঁৱৰ ছাত্ৰৰ মৃতদেহ

গুৱাহাটীত প্ৰকৃততে হৈছে কি? এগৰাকীৰ পিছত আনগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ উদ্ধাৰ হৈছে ছাত্ৰৰ মৃতদেহ। ৰহস্যজনক অৱস্থাত উদ্ধাৰ দেৰগাঁৱৰ কাকডোঙাৰ মেধাৱী ছাত্ৰ অনিমেষ বৰাৰ মৃতদেহ। গুৱাহাটীৰ আৰ্যভট্ট বিদ্যাপীঠ মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্র আছিল অনিমেশ।

উল্লেখ্য যে বিহুৰ আগত ঘৰলৈ গৈ চৰকাৰে প্ৰদান কৰা স্কুটি লৈ গুৱাহাটীলৈ আহিছিল ছাত্ৰজন। কিন্তু স্কুটী পোৱাৰ সেই আনন্দ বেছি দিন নাথাকিল। ৰহস্যজনক অৱস্থাত ভাৰাঘৰত উদ্ধাৰ হ’ল অনিমেষৰ মৃতদেহ। আনফালে অনিমেষ বৰাৰ মৃত্যু পৰিকল্পিত হত্যা বুলি সন্দেহ পৰিয়ালৰ লোকৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জামুগুৰিহাটত চিলনী চোৰৰ সন্ত্ৰাস! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই উধাও দুই যুৱক

জামুগুৰিহাটত পুনৰ চিলনী চোৰৰ ঘটনা সংঘটিত হৈছে। অঞ্চলটোৰ কৰতিপাৰ...

দেশত ডিজিটেল এৰেষ্টৰ নামত ৮ মাহত ৬৪৭ কোটি টকাৰ প্ৰৱঞ্চনা, ২১,৯০০টা ঘটনা

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ডিজিটেল এৰেষ্টৰ নামত চাইবাৰ প্ৰৱঞ্চনাৰ...

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ...