জৰ্ডানৰ গীৰ্জাত গুলীচালনা, ৭জন লোক নিহত হোৱাৰ লগতে ৪০জন আহত

জৰ্ডানত শুকুৰবাৰে এটা গীৰ্জা ঘৰত অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়তে বন্দুকধাৰীয়ে কৰা গুলীচালনাত ৭জন লোক নিহত হোৱাৰ লগতে ৪০জন আহত হয়।

কাৰাক প্ৰদেশৰ হামুদ গীৰ্জাত সংঘটিত হয় এই আক্ৰমণ। দেশখনৰ খ্ৰীষ্টান সংখ্যালঘু লোকসকলক লক্ষ্য কৰি চলোৱা এই আক্ৰমণক সন্ত্ৰাসবাদী কাৰ্য বুলি অভিহিত কৰিছে কৰ্তৃপক্ষই।

জৰ্ডানৰ আভ্যন্তৰীণ মন্ত্ৰী মাজিন আল ফাৰায়েহে আক্ৰমণটো উগ্ৰপন্থীয়ে সংঘটিত কৰা বুলি উল্লেখ কৰে। অৱশ্যে, আক্ৰমণকাৰীসকলৰ সৈতে কোনো পৰিচিত উগ্ৰপন্থী সংগঠনৰ সম্পৰ্ক আছে নে নাই, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

ইফালে, আক্ৰমণকাৰীসকলৰ সন্ধানত নিৰাপত্তাৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। বৰ্তমানলৈকে কোনো সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি...