মিঠাই বুলি ভাবি মুখত ভৰাইছিল ৰসগোল্লা! কিন্তু সেয়া আছিল বনৰীয়া গাহৰি চিকাৰৰ বাবে ব্যৱহাৰ কৰা এটা দেশীয় বোমা। মুখৰ ভিতৰতে ভয়ংকৰ বিস্ফোৰণ ঘটি কৰুণ মৃত্যুক সাবটি ল’বলগীয়া হ’ল এগৰাকী ৩৫ বছৰীয়া ব্যক্তিয়ে। মধ্যপ্ৰদেশৰ ডিণ্ডোৰী জিলাত সংঘটিত এই চাঞ্চল্যকৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
নিহত ব্যক্তিগৰাকীৰ নাম ৰাজেন্দ্ৰ বাৰৌতিয়া। যোৱা ১০ নৱেম্বৰত ডিণ্ডোৰী জিলাৰ পদাৰিয়া ছাণ্টা গাঁৱত এই ঘটনা সংঘটিত হৈছিল। আৰক্ষীৰ তথ্য অনুসৰি, ৰাজেন্দ্ৰই পৰিয়ালৰ লোকৰ সৈতে ঘৰৰ চোতালত জুইৰ কাষত বহি আছিল। সেই সময়তে গাঁৱৰে ৰামভগত বাৰৌতিয়া নামৰ এজন ব্যক্তি তাত উপস্থিত হয়।
আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি, ৰামভগত বাৰৌতিয়াই ৰাজেন্দ্ৰক খাবলৈ এটা বস্তু দিয়ে আৰু সেয়া ৰসগোল্লা বুলি কয়। মিঠাই বুলি বিশ্বাস কৰি ৰাজেন্দ্ৰই বস্তুটো মুখত ভৰাই কামোৰ মাৰোঁতেই প্ৰচণ্ড শব্দৰে বিস্ফোৰণ ঘটে।
বিস্ফোৰণৰ ফলত ৰাজেন্দ্ৰৰ মুখ আৰু হনুৰ গুৰুতৰ ক্ষতিসাধন হয়। পৰিয়ালৰ লোকসকলে ততাতৈয়াকৈ তেওঁক এখন অটোৰিক্সাৰে ডিণ্ডোৰী জিলা চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়।
আৰক্ষীৰ মতে, ৰাজেন্দ্ৰৰ মুখত বিস্ফোৰণ ঘটা বস্তুটো আছিল বনৰীয়া গাহৰি চিকাৰৰ বাবে ব্যৱহাৰ কৰা এবিধ দেশীয় বিস্ফোৰক। স্থানীয়ভাৱে ইয়াক ‘পিগ-কিলাৰ বোমা’ বুলি কোৱা হয়।
কিছুমান গ্ৰাম্য আৰু জনজাতীয় অঞ্চলত বনৰীয়া গাহৰি চিকাৰৰ বাবে এনে বিস্ফোৰক ব্যৱহাৰ কৰা হয়। অৱশ্যে এই ঘটনাত ব্যৱহৃত বিস্ফোৰকটো কেনেকৈ সংগ্ৰহ কৰা হৈছিল আৰু অভিযুক্তই ক’ৰ পৰা লাভ কৰিছিল, সেই বিষয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
প্ৰথম অৱস্থাত এজন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ কথা প্ৰকাশ পাইছিল যদিও শেহতীয়া প্ৰতিবেদন অনুসৰি, এই ঘটনাৰ সৈতে জড়িত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১০৫নং ধাৰা আৰু বিস্ফোৰক পদাৰ্থ আইনৰ ৩ আৰু ৪নং ধাৰাত গোচৰ ৰুজু কৰা হৈছে। ভাৰতীয় ন্যায় সংহিতাৰ ১০৫নং ধাৰা হত্যাৰ সমতুল্য নোহোৱা অপৰাধজনিত নৰহত্যাৰ সৈতে জড়িত।
আৰক্ষীয়ে এতিয়াও নিশ্চিত কৰিব পৰা নাই যে ৰাজেন্দ্ৰক হত্যা কৰাৰ উদ্দেশ্যেৰে এই বিস্ফোৰকটো দিয়া হৈছিল নে কোনো ধৰণৰ ধেমালিৰ নামত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। অভিযুক্তসকলে বিস্ফোৰকটো ক’ৰ পৰা লাভ কৰিছিল আৰু ইয়াৰ যোগানৰ আঁৰত আন কোনো লোক জড়িত আছে নেকি, সেই বিষয়েও তদন্ত চলি আছে।
দীপাৱলীৰ আনন্দৰ মাজতে সংঘটিত এই ঘটনাই ডিণ্ডোৰী জিলাৰ বাসিন্দাসকলক স্তম্ভিত কৰি তুলিছে। পৰিয়ালৰ সৈতে সাধাৰণভাৱে সময় কটাই থকা এজন ব্যক্তিৰ জীৱন এটা মুহূৰ্ততে শেষ হৈ পৰিল। মিঠাইৰ ৰূপত বিস্ফোৰক দিয়াৰ অভিযোগে ঘটনাটোক অধিক ৰহস্যজনক কৰি তুলিছে।
আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে এই ভয়ংকৰ ঘটনাৰ আঁৰৰ প্ৰকৃত উদ্দেশ্য স্পষ্ট হ’ব।
