২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰিছে অসম চৰকাৰে। শুকুৰবাৰে দিছপুৰত অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বঁটাসমূহৰ বাবে নিৰ্বাচিত ব্যক্তিসকলৰ নাম ঘোষণা কৰে।

ডাঃ হৰ্ষ ভট্টাচাৰ্যলৈ অসম বৈভৱ

২০২৫ বৰ্ষৰ ৰাজ্যখনৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা প্ৰদান কৰা হ’ব বিশিষ্ট চকু ৰোগ বিশেষজ্ঞ ডাঃ হৰ্ষ ভট্টাচাৰ্যক। তেওঁ গুৱাহাটীৰ বেলতলাস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম প্ৰধান চকু চিকিৎসা প্ৰতিষ্ঠান শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয়ৰ প্ৰতিষ্ঠাপক ট্ৰাষ্টী।

অসম সৌৰভ বঁটাপ্ৰাপকসকল

এইবাৰ অসম সৌৰভ বঁটাৰ বাবে নিৰ্বাচিত হৈছে চাৰিগৰাকী বিশিষ্ট ব্যক্তি। পদ্মশ্ৰী ডাঃ কুশল কোঁৱৰ শৰ্মা (পশু চিকিৎসক আৰু হস্তী বিশেষজ্ঞ),পদ্মশ্ৰী নুৰুদ্দিন আহমেদ (চিত্ৰ আৰু ভাস্কৰ্য শিল্পী), পুলক বেনাৰ্জী (সংগীত শিল্পী), ড০ পূৰ্ণিমা দেৱী বৰ্মন (জীৱবিজ্ঞানী আৰু প্ৰকৃতিবিদ)

অসম গৌৰৱ বঁটাপ্ৰাপকসকল

২০২৫ বৰ্ষৰ অসম গৌৰৱ বঁটাৰ বাবে নিৰ্বাচিত হৈছে মুঠ ১৩গৰাকী ব্যক্তি আৰু দুটা সংগঠন। দেৱী প্ৰসাদ বাগ্ৰদিয়া (বিশিষ্ট সমাজকৰ্মী), হলিচৰণ নাৰ্জাৰী (ফুটবলাৰ)চিমু দাস (দৃষ্টিহীন মহিলা ক্ৰিকেটাৰ), হৰকান্ত বসুমতাৰী (পাম অইলৰ অগ্ৰণী খেতিয়ক), ধনজিৎ তালুকদাৰ (সাঁচিপাত সংৰক্ষক), নিবেদিতা য়েন (মহিলা উদ্যোগী)মায়ং চক্ৰৱৰ্তী (দবা খেলুৱৈ), জিতেন চাৰাংফাংছা (আদা খেতিয়ক), তনুমায়া সোণাৰ বিশ্বকৰ্মা (লাখপতি বাইদেউ), দিকপল লাহন (ভ্ৰমণ আৰু পৰ্যটন উদ্যোগী), কলং কপিলী (স্বেচ্ছাসেৱী সংগঠন), পদুম পথাৰ এগ্ৰ’ অৰগেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেড, গোলাঘাট — কৃষক উৎপাদক সংগঠন

মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি, ২০২৫ বৰ্ষৰ এই বঁটাসমূহ চলিত বৰ্ষৰ ডিচেম্বৰ মাহত প্ৰদান কৰা হ’ব। লগতে, ২০২৬ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাও এই বছৰতে ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হ’ব ড০ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা

কেবিনেট বৈঠকত আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠানত প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হ’ব ড০ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা।

অহা ২৯ নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত দেশৰ বিশিষ্ট গায়িকা ঊষা মংগেশকাৰক প্ৰথমটো বঁটা প্ৰদান কৰা হ’ব। মুখ্যমন্ত্ৰীৰ মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনুষ্ঠানত উপস্থিত থাকি বঁটা প্ৰদান কৰিব।

প্ৰতি তিনি বছৰৰ মূৰে মূৰে প্ৰদান কৰিবলগীয়া এই বঁটাত ১০ লাখ টকাৰ নগদ ধন আৰু এখন প্ৰশস্তি পত্ৰ থাকিব। প্ৰতিবাৰেই আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এগৰাকী শিল্পীক এই সন্মান প্ৰদানৰ পৰিকল্পনা কৰা হৈছে।

শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ ধন বৃদ্ধি

ইফালে, শুকুৰবাৰৰ কেবিনেট বৈঠকত শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ নগদ ধনৰ পৰিমাণ ১৫ লাখ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ততো অনুমোদন জনোৱা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশত ডিজিটেল এৰেষ্টৰ নামত ৮ মাহত ৬৪৭ কোটি টকাৰ প্ৰৱঞ্চনা, ২১,৯০০টা ঘটনা

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ডিজিটেল এৰেষ্টৰ নামত চাইবাৰ প্ৰৱঞ্চনাৰ...

জৰ্ডানৰ গীৰ্জাত গুলীচালনা, ৭জন লোক নিহত হোৱাৰ লগতে ৪০জন আহত

জৰ্ডানত শুকুৰবাৰে এটা গীৰ্জা ঘৰত অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়তে...

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...