অসমৰ ইতিহাসত কেইবাটাও ভয়ংকৰ পথ দুৰ্ঘটনাই গভীৰ শোকৰ ছাঁ পেলাই গৈছে। এই দুৰ্ঘটনাসমূহত প্ৰাণ হেৰুৱাইছে শ শ লোকে। তাৰ ভিতৰত উল্লেখযোগ্য ৭টা ভয়ংকৰ দুৰ্ঘটনাৰ সবিশেষ তলত উল্লেখ কৰা হ’ল।
১) বৰপেটাৰ নাগিনীকুৰত বৰযাত্ৰীৰ বাছ দুৰ্ঘটনা (১৯ এপ্ৰিল, ২০০৬)
২০০৬ চনৰ ১৯ এপ্ৰিলত বৰপেটা জিলাৰ নাগিনীকুৰত এখন বৰযাত্ৰীৰ বাছ ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হয়। দুৰ্ঘটনাৰ সময়ত চালক আৰু সহ-চালকসহ বাছখনত প্ৰায় ৭৫গৰাকী লোক আছিল। এই শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ৬৪গৰাকী লোকে।
২) ডিমৌৰ ৰজাবাৰীত বাছ দুৰ্ঘটনা (১১ নৱেম্বৰ, ১৯৯৪)
১৯৯৪ চনৰ ১১ নৱেম্বৰত ডিমৌৰ ৰজাবাৰী অঞ্চলত এখন যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এটা পুখুৰীত বাগৰি পৰে। এই ভয়ংকৰ দুৰ্ঘটনাত প্ৰায় ৬০গৰাকী লোকৰ মৃত্যু ঘটে।
৩) নলবাৰী-গুৱাহাটী পথত বাছ দুৰ্ঘটনা (অক্টোবৰ, ১৯৮৬)
১৯৮৬ চনৰ অক্টোবৰত নলবাৰীৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এখন যাত্ৰীবাহী বাছ গুৱাহাটীৰ সমীপত দুৰ্ঘটনাত পতিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই বাছখন পথৰ কাষৰ এটা পুখুৰীত বাগৰি পৰে। এই দুৰ্ঘটনাত প্ৰায় ৫০গৰাকী যাত্ৰীয়ে প্ৰাণ হেৰুৱায়।
৪) গুৱাহাটী-নলবাৰী পথত কাঠৰ দলং ভাঙি বাছ দুৰ্ঘটনা (১৯৮৬)
১৯৮৬ চনতে গুৱাহাটী-নলবাৰী পথত সংঘটিত হৈছিল আন এক ভয়ংকৰ দুৰ্ঘটনা। যাত্ৰীবাহী বাছ এখন পাৰ হৈ যোৱাৰ সময়তে কাঠৰ দলংখন ভাঙি পৰাত বাছখন গভীৰ খাৱৈত বাগৰি পৰে। এই শোকাৱহ দুৰ্ঘটনাত প্ৰায় ৪২গৰাকী লোকৰ মৃত্যু হৈছিল।
৫) পথালি পাহাৰত ৰে’ল-বাছৰ সংঘৰ্ষ (১১ ছেপ্টেম্বৰ, ১৯৮৬)
১৯৮৬ চনৰ ১১ ছেপ্টেম্বৰত পথালি পাহাৰ অঞ্চলত সংঘটিত হৈছিল এক মৰ্মান্তিক দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছে মুকলি ৰে’ল ক্ৰছিং পাৰ হ’বলৈ লওঁতেই মালবাহী ৰে’লগাড়ী এখনৰ সৈতে সংঘৰ্ষ হয়। এই ভয়ংকৰ দুৰ্ঘটনাত প্ৰায় ২৮গৰাকী যাত্ৰীয়ে কৰুণভাৱে প্ৰাণ হেৰুৱায়।
৬) হাজোত বৰযাত্ৰীৰ বাছ দুৰ্ঘটনা (৩১ মে’, ২০১১)
২০১১ চনৰ ৩১ মে’ত কামৰূপ জিলাৰ হাজোত সংঘটিত হৈছিল আন এক শোকাৱহ বাছ দুৰ্ঘটনা। বৰযাত্ৰী কঢ়িয়াই নিয়া এখন বাছ পাৰ হৈ যোৱাৰ সময়তে কাঠৰ দলংখন ভাঙি পৰে আৰু বাছখন পানীত বাগৰি পৰে। এই দুৰ্ঘটনাত ২৭গৰাকী লোকৰ মৃত্যু হৈছিল।
৭) কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা (১৩ নৱেম্বৰ, ২০২৬)
২০২৬ চনৰ ১৩ নৱেম্বৰত কাজিৰঙাৰ ৰঙাজানত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু এখন কণ্টেইনাৰ বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই শোকাৱহ ঘটনা। প্ৰাপ্ত তথ্য অনুসৰি, এই পৰ্যন্ত দুৰ্ঘটনাটোত ২৩গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।
এটা দুৰ্ঘটনা, নিঃশেষ হৈ যায় এখন ঘৰ। প্ৰতিটো পথ দুৰ্ঘটনাই আমাক সোঁৱৰাই দিয়ে জীৱনৰ মূল্য আৰু পথ সুৰক্ষাৰ গুৰুত্বৰ কথা। অলপ সাৱধানতা আৰু দায়িত্বশীলতাই ৰক্ষা কৰিব পাৰে বহু মূল্যৱান জীৱন।
