চিয়াং জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতাক কেন্দ্ৰ কৰি উত্তপ্ত পাছিঘাট: আৰক্ষী থানা, NHPC কাৰ্যালয়সহ বহুকেইখন বাহনত অগ্নিসংযোগ প্ৰতিবাদকাৰীৰ

অৰুণাচল প্ৰদেশৰ ইষ্ট চিয়াং জিলাৰ পাছিঘাটত ছিয়াং আপাৰ মাল্টিপাৰপাছ প্ৰজেক্ট (SUMP)ৰ বিৰোধিতাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰতিবাদৰ মাজতে পাছিঘাটত আৰক্ষী থানা, NHPCৰ কাৰ্যালয় আৰু নিৰাপত্তাৰক্ষীৰ বাহনকে ধৰি বহুকেইখন বাহনত অগ্নিসংযোগ কৰা হৈছে বুলি খবৰ পোৱা গৈছে। আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ ফলত বহুকেইজন প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে।

উল্লেখ্য যে, আপাৰ ছিয়াং বহুমুখী জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতাৰে শুকুৰবাৰে কেইবাটাও সংগঠনে অৰুণাচল প্ৰদেশৰ ছিয়াং, ইষ্ট ছিয়াং আৰু আপাৰ ছিয়াং জিলাত বন্ধৰ আহ্বান জনাইছিল। বিভিন্ন অঞ্চলত বন্ধৰ প্ৰভাৱ পৰিলেও পাছিঘাটত প্ৰথম অৱস্থাত ইয়াৰ বিশেষ প্ৰভাৱ পৰা নাছিল। বিয়লি ৫ বজাত বন্ধৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে অন্ত পৰাৰ পাছতো ইষ্ট ছিয়াং জিলাৰ পাছিঘাটত পৰিস্থিতি উত্তপ্ত হৈ থাকে।

প্ৰাপ্ত খবৰ অনুসৰি, পাছিঘাটৰ ৰাণেঘাট তিনিআলিত একাংশ প্ৰতিবাদকাৰীয়ে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ কেইবাখনো বাহনত অগ্নিসংযোগ কৰে। নিশাৰ ভাগত জ্বলাই দিয়ে আৰক্ষীৰ বাহনসমূহ। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলোৱাৰ সময়তে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ দললৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰা হয়। এই ঘটনাত কেইবাজনো নিৰাপত্তাৰক্ষী গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰে।

ইফালে, পাছিঘাটৰ হাই ৰিজন অঞ্চলত অৱস্থিত NHPCৰ কাৰ্যালয়টোতো অগ্নিসংযোগ কৰা হৈছে বুলি খবৰ প্ৰকাশ পাইছে। ইয়াৰ উপৰি পাছিঘাট আৰক্ষী থানাতো অগ্নিসংযোগৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। মুঠ ৭খন আৰক্ষী তথা নিৰাপত্তাৰক্ষীৰ বাহন জ্বলাই দিয়াৰ খবৰো পোহৰলৈ আহিছে।

আনহাতে, পাছিঘাট জেনেৰেল হাস্পতালৰ সন্মুখতো পৰিস্থিতিৰ অৱনতি ঘটাৰ খবৰ পোৱা গৈছে। উদ্ভৱ হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে।

ছিয়াং আপাৰ মাল্টিপাৰপাছ প্ৰজেক্টক লৈ সৃষ্টি হোৱা প্ৰতিবাদে পাছিঘাটত হিংসাত্মক ৰূপ লোৱাৰ ফলত অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। অৱশ্যে, অগ্নিসংযোগৰ ঘটনা আৰু ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ বিৱৰণ কিমান হৈছে সেয়া নিশ্চিত নহয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জামুগুৰিহাটত চিলনী চোৰৰ সন্ত্ৰাস! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই উধাও দুই যুৱক

জামুগুৰিহাটত পুনৰ চিলনী চোৰৰ ঘটনা সংঘটিত হৈছে। অঞ্চলটোৰ কৰতিপাৰ...

দেশত ডিজিটেল এৰেষ্টৰ নামত ৮ মাহত ৬৪৭ কোটি টকাৰ প্ৰৱঞ্চনা, ২১,৯০০টা ঘটনা

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ডিজিটেল এৰেষ্টৰ নামত চাইবাৰ প্ৰৱঞ্চনাৰ...

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ...

জৰ্ডানৰ গীৰ্জাত গুলীচালনা, ৭জন লোক নিহত হোৱাৰ লগতে ৪০জন আহত

জৰ্ডানত শুকুৰবাৰে এটা গীৰ্জা ঘৰত অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়তে...