জামুগুৰিহাটত চিলনী চোৰৰ সন্ত্ৰাস! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই উধাও দুই যুৱক

জামুগুৰিহাটত পুনৰ চিলনী চোৰৰ ঘটনা সংঘটিত হৈছে। অঞ্চলটোৰ কৰতিপাৰ গাঁৱত এগৰাকী মহিলাৰ ডিঙিৰ পৰা বাইকত অহা দুজন যুৱকে সোণৰ চেইন থপিয়াই লৈ উধাও হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, গাঁওখনৰ কেতেকী বৰুৱা নামৰ মহিলাগৰাকী নামঘৰলৈ যাবলৈ ঘৰৰ পৰা ওলাই অহাৰ সময়তে বাইকত অহা দুজন যুৱকে তেওঁৰ ডিঙিৰ পৰা সোণৰ চেইনডাল থপিয়াই লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

হঠাতে সংঘটিত এই ঘটনাত মহিলাগৰাকী হতভম্ব হৈ পৰে। পৰৱৰ্তী সময়ত তেওঁ ঘটনাটোৰ বিষয়ে ওচৰ-চুবুৰীয়াক অৱগত কৰে। ইতিমধ্যে ঘটনা সন্দৰ্ভত জামুগুৰি আৰক্ষীক খবৰ দিয়া হৈছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও জামুগুৰিহাটত মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই নিয়াৰ কেইবাটাও ঘটনা সংঘটিত হৈছে। পুনৰ এনে ঘটনাৰ পুনৰাবৃত্তি হোৱাত অঞ্চলটোৰ ৰাইজৰ মাজত উদ্বেগৰ সৃষ্টি হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চাকৰি প্ৰত্যাশী আৰু চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ! ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীৰ কেইবাটাও ডাঙৰ ঘোষণা

ৰাজ্যৰ চাকৰি প্ৰত্যাশী যুৱক-যুৱতী আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কেইবাটাও...

দেশত ডিজিটেল এৰেষ্টৰ নামত ৮ মাহত ৬৪৭ কোটি টকাৰ প্ৰৱঞ্চনা, ২১,৯০০টা ঘটনা

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ডিজিটেল এৰেষ্টৰ নামত চাইবাৰ প্ৰৱঞ্চনাৰ...

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ...