লণ্ডনত গান্ধীৰ প্ৰতিমূৰ্তি পৰিদৰ্শন উদ্যোগ মন্ত্ৰী বিমল বৰাৰ

‘এডভেন্টেজ অসম ২.০’ৰ প্ৰচাৰ আৰু বিনিয়োগকাৰীক অসমলৈ আকৰ্ষিত কৰাৰ উদ্দেশ্যে লণ্ডনলৈ যোৱা ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি বিনিয়োগ সন্মিলনৰ পূৰ্বে লণ্ডনৰ পাৰ্লিয়ামেন্ট স্কোৱেৰ গাৰ্ডেনত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি পৰিদৰ্শন কৰে আৰু জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা জনায়। মন্ত্ৰী বৰাই লণ্ডনৰ বাকিংহাম গেটৰ হোটেল চেন্ট জেমছত আয়োজিত বিনিয়োগকাৰীৰ সন্মিলন এখনত অংশগ্ৰহণ কৰে। এই সন্মিলনত ব্ৰিটিছ বিনিয়োগকাৰীসকলক অসমৰ পেট্ৰ’লিয়াম, পৰ্যটন আদি সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰ সমূহত বিনিয়োগৰ বাবে আহ্বান জনায়। বিনিয়োগকাৰীৰে বাৰ্তালাপ কৰাৰ পিছত বৰাই ১০ কিং হেনৰিছ পথৰ আম্বেদকাৰ হাউছ পৰিদৰ্শন কৰে।

পৰিদৰ্শনকালত উদ্যোগ মন্ত্ৰীগৰাকীক সংগ দিয়ে ক্ৰমে ৰাজ্যৰ বিশেষ মুখ্য সচিব চৈয়বদ্দিন আব্বাছী, উদ্যোগ বিভাগৰ আয়ুক্ত ঐনাম চৰণ কুমাৰ সিং, পৰ্যটন বিভাগৰ সচিব পদ্মপানি বৰা আৰু উদ্যোগ মন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া কমল জ্যোতি ভূঞাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...