বাছ আৰু টেম্প’ৰ সংঘৰ্ষ, প্ৰাণ হেৰুৱালে ১২ জনকৈ লোকে

ৰাজস্থানৰ ঢোলপুৰ অঞ্চলত ভয়াৱহ পথ দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ঘটনাত মৃত্যু ১২ জন লোকৰ। এখন যাত্ৰীবাহী বাছ আৰু টেম্প’ৰ সংঘৰ্ষত এই অঘটন। নিহতৰ ভিতৰত আছে ৮টিকৈ শিশু। ৰাষ্ট্ৰীয় ঘাইপথ ১১-বিত সুনিপুৰৰ সমীপত এই দুৰ্ঘটনা। টেম্প’ আৰোহীয়ে বিয়াৰ কাৰ্যসূচীৰ পৰা উভতি আহিছিল। শ্লিপাৰ কোচ বাছখনে খুন্দা মাৰে টেম্প’ত। ঘটনাৰ তথ্য লাভৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় নিকটতম থানাৰ আৰক্ষী।
নিহত সকলোৰ মৃতদেহ বাৰী চিকিৎসালয়ৰ মৰ্গলৈ স্থানান্তৰ। বাছ আৰু টেম্প’ক জিম্মাত লৈছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...