চাকৰিৰ পৰা বৰ্খাস্ত হ’ল নিলম্বিত APS ৰাজমোহন ৰায়

অৱশেষত পুলিচৰ চাকৰিৰ পৰাই বৰ্খাস্ত হ’ল দৰং জিলাৰ একালৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়। বৃহৎ ধনৰ বিনিময়ত এগৰাকী কিশোৰীৰ পৰিকল্পিত হত্যাক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল ৰাজমোহন ৰায়ে। ঘটনা আছিল বিগত ২০২২ বৰ্ষৰ। আৰতি তুৰি নামৰ এগৰাকী নাবালিকাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি নিলম্বিত আৰু গ্ৰেপ্তাৰ হৈছিল ৰাজমোহন ৰায়। এজন SSB জোৱানৰ ঘৰত বনকৰা হিচাপে থকা আৰতি তুৰিক প্ৰথমে ধৰ্ষণ আৰু তাৰ পিছত হত্যা কৰা হৈছিল। অভিযুক্ত SSB জোৱানজনৰ পৰা ধন লৈ ঘটনা গাপ দিয়াৰ চেষ্টা চলাইছিল তদানীন্তন SP ৰাজমোহন ৰায়, Adl. SP ৰূপম বৰা আৰু ধূলা থানাৰ তদানীন্তন OC উৎপল বৰাই। স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত সমগ্ৰ ঘটনাৰ নতুনকৈ তদন্ত হৈছিল।

চাকৰিৰ পৰা বৰ্খাস্ত হ’ল নিলম্বিত APS ৰাজমোহন ৰায়
নিলম্বনৰ সময়ত দৰঙৰ SP আছিল ৰাজমোহন ৰায়
ধূলা থানাৰ অন্তৰ্গত কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ গোচৰ
SSB জোৱানৰ ঘৰত মৃত্যু হৈছিল আৰতি তুৰীৰ
ধৰ্ষণ-হত্যাৰ গোচৰ গাপ দিয়াৰ চেষ্টা ৰাজমোহন ৰায়ৰ
খোদ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নতুনকৈ আৰম্ভ হৈছিল তদন্ত

SPৰ চাকৰি গ’ল
মুখ্যমন্ত্ৰীগৰাকীৰ ২২ মাহ পূৰ্বৰ এক মন্তব্য

দৰঙৰ ধূলা থানাৰ অন্তৰ্গত এলেকাত এগৰাকী কিশোৰী আৰতি তুৰীৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰ আছিল এয়া। মঙলদৈ কপাঁই যোৱা এই চাঞ্চল্যকৰ ঘটনা আছিল বিগত ২০২২ চনৰ। কৃষ্ণকমল বৰুৱা নামৰ SSB জোৱানজনৰ ঘৰ এইটো। ধূলা থানাৰ পৰা মাত্ৰ কেইমিটাৰ মান আঁতৰৰ এই ঘৰটোতেই ২০২২ বৰ্ষৰ ১১ জুনত উদ্ধাৰ হৈছিল আৰতি তুৰীৰ চিপ লৈ থকা মৃতদেহ।

পৰিয়ালক কোৱা হৈছিল- ‘আৰতীয়ে আত্মহত্যা কৰিছে’
পৰিয়ালে দিয়া এজাহাৰ ল’বলৈ মান্তি হোৱা নাছিল আৰক্ষী

আদিবাসী দৰিদ্ৰ পৰিয়ালটোৱে কৰিব পৰাও একো নাছিল। ছোৱালীজনী থকা ঘৰটো আছিল SSB জোৱানৰ। ছোৱালীজনীৰ মৃত্যু ৰহস্যৰ তদন্ত কৰিছিল ধূলা আৰক্ষীয়ে। SSB, পুলিচ ইত্যাদিৰ বিৰুদ্ধে কেনেকৈ যায় এই পৰিয়ালটো?

মৰণোত্তৰ পৰীক্ষায়ো ক’লে- এয়া আত্মহত্যা আছিল। সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ বিষয়টোৰ ৰহস্যজনক দিশবোৰ কাণত পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী কাৰ্যালয়ে প্ৰতিবেদন বিচাৰিলে।

সমগ্ৰ বিষয়টোৰ তদন্ত নতুনকৈ কৰিবলৈ CID নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। CIDৰ তদন্তত এটা এটাকৈ ওলাল বিস্ফোৰক কাহিনী। SSB জোৱান কৃষ্ণকমল বৰুৱাই ধৰ্ষণ কৰি হত্যা কৰিছিল আৰতি তুৰী নামৰ কিশোৰীগৰাকীক। মঙলদৈ চিভিল হাস্পতালৰ ৩ চিকিৎসকে ধন লৈ সলাইছিল প’ষ্টম’ৰ্টেম ৰিপ’ৰ্ট। গ্ৰেপ্তাৰ হৈছিল- ডাঃ অৰুণ ডেকা, ডাঃ অনুপম শৰ্মা, ডাঃ অজান্ত বৰদলৈ। বহৎ পৰিমাণৰ ধনৰ বিনিময়ত সকলো মেনেজ কৰিছিল দৰং জিলাৰ তদানীন্তন SP ৰাজমোহন ৰায়ে। ধৰ্ষণ আৰু হত্যাৰ ঘটনাক আত্মহত্যাৰ ৰূপ দিছিল। CIDৰ তদন্তৰ পিছত এজন এজনকৈ নিলম্বিত হৈছিল তদানীন্তন SP ৰাজমোহন ৰায়, তদানীন্তন Adl. SP ৰূপম বৰা আৰু ধূলা থানাৰ তদানীন্তন OC উৎপল বৰা। পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ হৈছিল নিলম্বিত Adl. SP ৰূপম বৰা আৰু OC উৎপল বৰা। ৰাজমোহন ৰায় পলাই আছিল। আদালতত অগ্ৰীম জামিন নাকচ হোৱাৰ পিছতে ২০২২ৰ ১০ নৱেম্বৰত CIDত আত্মসমৰ্পন কৰিছিল ৰাজমোহন ৰায়ে।

আৰু শনিবাৰে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানে এক নিৰ্দেশ মৰ্মে চাকৰিৰ পৰা বৰ্খাস্ত কৰে ৰাজমোহন ৰায়ক। অৱশ্যে DGPৰ এই নিৰ্দেশৰ বিৰুদ্ধে আদালতৰ শৰণাপন্ন হ’ব পাৰিব ৰাজমোহন ৰায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

মঙলদৈৰ মোৱামাৰীত গাৰ নোম শিঁয়ৰি উঠা ঘটনা

মঙলদৈৰ মোৱামাৰীত গাৰ নোম শিঁয়ৰি উঠা ঘটনা। প্ৰেম কৰাৰ...

গুৱাহাটীত উপস্থিত কংগো গণৰাজ্যৰ ৰাণী ডায়াম্বি কাবাটুছুইলা

বালিপাৰা ফাউণ্ডেচনে পূৰ্বৰ দৰে এইবাৰো অহা ২৬-২৭ নৱেম্বৰত...

বালিপাৰা ফাউণ্ডেশ্যনৰ দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ

গুৱাহাটীত উপস্থিত কংগো গণৰাজ্যৰ ৰাণী ডায়াম্বি কাবাটুছুইলা বালিপাৰা ফাউণ্ডেচনে পূৰ্বৰ...

পণ্ডিত হেমচন্দ্ৰ গোস্বামী ফাউণ্ডেশ্যনৰ উদ্যোগত ৱাশ্বিংটন ডি চিত ভাষা গৌৰৱ সপ্তাহ উদযাপন

অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰা উপলক্ষে আমেৰিকা...