জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু অধ্যায়ৰ যৱনিকা

0 232

SI জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰায় এটা বছৰ পিছত, আৰক্ষী-CBI সকলোৰে ওপৰত আস্থা হেৰুৱাই অৱশেষত নিজেই তৰা গোচৰ প্ৰত্যাহাৰ কৰিলে প্ৰয়াত ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাই। গুৱাহাটীত শনিবাৰে এক সংবাদমেল সম্বোধন কৰি জোনমণিৰ মাকৰ অসহায় স্বীকাৰোক্তি- মোৰ স্বাস্থ্য বেয়া, জখলাবন্ধালৈ গৈ কেচ খেলিব নোৱাৰোঁ। কেচ খেলিবলৈ মোৰ মানুহ আৰু টকা দুয়োটাৰে অভাৱৰ কথাও ব্যক্ত কৰিলে সুমিত্ৰা ৰাভাই। মন কৰিবলগীয়া যে কিছুদিন পূৰ্বে জোনমণিৰ ৰহস্যজনক মৃত্যুক লৈ CBI-য়ে দাখিল কৰা চূড়ান্ত প্ৰতিবেদনত হত্যাৰ সম্ভাৱনা নুই কৰিছে। CBIৰ মতে দুৰ্ঘটনাতেই মৃত্যু হৈছিল জোনমণি ৰাভাৰ।

জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু অধ্যায়ৰ যৱনিকা
CBIৰ FRৰ পিছত গোচৰ প্ৰত্যাহাৰ কৰিলে মাতৃয়ে
‘মোৰ গা বেয়া, জখলাবন্ধালৈ গৈ কেচ খেলিব নোৱাৰোঁ’
কেচ খেলিবলৈ মোৰ মানুহ আৰু টকা নাইঃ সুমিত্ৰা
CBIৰ মতে দুৰ্ঘটনাত মৃত্যু হৈছিল জোনমণি ৰাভাৰ
‘আনৰ কথা শুনি, টকা লৈ গোচৰ প্ৰত্যাহাৰ কৰা নাই’


কাহিনী শেষ
এবছৰতে জোনমণি ৰাভা অধ্যায়ৰ যৱনিকা।
চকুলো টুকি অসহায় স্বীকাৰোক্তি মাকৰ।
‘মই নোৱাৰিলোঁ…’

বিগত ৪ এপ্ৰিল, বুধবাৰৰ ঘটনা। নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতলৈ গৈ প্ৰয়াত জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুক লৈ নিজেই দাখিল কৰা গোচৰ প্ৰত্যাহাৰ কৰে মাতৃ সুমিত্ৰা ৰাভাই। আজি গুৱাহাটীৰ ঘৰত সাংবাদিকক মাতি নি কান্দি কান্দি জোনমণিৰ মাকে ক’লে- মোৰ গা বেয়া, জখলাবন্ধালৈ গৈ কেছ খেলিব নোৱাৰো। ‘কেছ খেলিবলৈ মানুহ আৰু টকাও নাই মোৰ’।

অৱশ্যে কোনো লোক অথবা CBI বিষয়াৰ প্ৰৰোচনাত টকা লৈ গোচৰ প্ৰত্যাহাৰৰ কথা অস্বীকাৰ কৰে সুমিত্ৰা ৰাভাই।

প্ৰায় এবছৰ পূৰ্বে ২০২৩ বৰ্ষৰ ১৬ মে’ৰ পুৱতি নিশা জখলাবন্ধাত এক ৰহস্যজনক দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল নগাঁও মৰিকলং থানাৰ OC জোনমণি ৰাভাই। UP 78UT 4518 নম্বৰৰ ট্ৰাকখনৰ সৈতে নিজৰ মাৰুতি এছপ্ৰেছ’ বাহনৰ সংঘৰ্ষৰ ফলতে মৃত্যু হৈছিল জোনমণি ৰাভাৰ। এই মৃত্যুৰ লগে লগে লেডী সিংঘম খ্যাত জোনমণিক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল। আৰক্ষীৰ তদন্তৰ সময়ত জেৰাৰ সন্মুখীন হৈছিল নগাঁও আৰক্ষীৰ বহুকেইঝন জ্যেষ্ঠ-কণিষ্ঠ বিষয়া। বহুকেইজন আৰক্ষী শাস্তিৰ সন্মুখীনো হৈছিল। SPক বদলি কৰা হৈছিল।

তাৰ পিছতে জোনমণিৰ মাতৃ আৰু অসমৰ ৰাইজৰ হেচাঁত জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব CBIক দিছিল অসম চৰকাৰে। তদন্ত সম্পূৰ্ণ কৰি গোচৰটোৰ চূড়ান্ত প্ৰতিবেন দাখিল কৰিলে CBIয়ে।

CBIয়ে ক’লে- হত্যা নহয়, দুৰ্ঘটনাতে মৃত্যু হৈছিল জোনমণিৰ। CBIৰ এই চূড়ান্ত প্ৰতিবেদনৰ পিছত ন্যায় বিচাৰি আৰু কাৰ ওচৰলৈ যাব সুমিত্ৰা ৰাভা? আদালতততো CBIৰ ফাইনেল ৰিপ’ৰ্টৰ ওপৰত ভিত্তি কৰিয়েই গোচৰ চলিব!

কন্যাৰ মৃত্যুৰ কেইমাহমান পিছত ৰুগীয়া পুত্ৰৰো মৃত্যু হৈছে সুমিত্ৰা ৰাভাৰ। পুলিচত চাকৰি কৰা কন্যাৰ ৰহস্যজনক মৃত্যুক লৈ এই বৃদ্ধাক পুলিচেই ন্যায় দিব নোৱাৰিলে। CBIয়েও তেওঁকহে সোধে সন্দেহজনক লোকৰ কথা। দেশৰ ন্যায় ব্যৱস্থাৰ বুৰঞ্জীয়ে কয়- তাৰিখৰ পিছত তাৰিখ, তাৰিখৰ পিছত তাৰিখ। কিমানবোৰ এনে তাৰিখলৈ যুঁজি যাব এই অকলশৰীয়া বৃদ্ধাই। তাতকৈ ব্যৱস্থাটোৰ ওচৰতেই আত্মসমৰ্পন। দুৰ্ঘটনাতেই জোনমণিৰ মৃত্যু যেতিয়া ক্ষতিপূৰণৰ টকা কেইটামানেই পাৱক।

Leave A Reply

Your email address will not be published.