‘শ্রদ্ধা কাণ্ড’ৰ অনুৰূপ ঘটনা

‘শ্রদ্ধা কাণ্ড’ৰ অনুৰূপ ঘটনা
যুৱতীক হত্যা কৰি লুকুৱাই থ’লে আলমাৰিত
নিখোঁজ লিভ ইন পার্টনাৰ

আপোনাৰ নিশ্চয় মনত আছে দেশ কপোৱা শ্ৰদ্ধা নামৰ যুৱতীগৰাকীৰ নৃশংস হত্যাকাণ্ডক কথা। মুম্বাইৰ শ্ৰদ্ধা নামৰ যুৱতীগৰাকীক প্ৰেমিকে দিল্লীৰ এটা ফ্লেটত হত্যা কৰি শৰীৰটো টুকুৰা টুকুৰ কৰিছিল। শ্ৰদ্ধাৰ শৰীৰৰ টুকুৰাবোৰ ভণ্ড প্ৰেমিকে সুমুৱাই ৰাখিছিল ফ্ৰিজত। এই ঘটনা পোহৰলৈ অহাৰ পিছত দেশ জুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল। দীৰ্ঘ দিন ধৰি চলি আছে এই দেশ কপোঁৱা হত্যাৰ তদন্ত। কিন্তু এনে ঘটনা একমাত্ৰ হৈ নৰ’ল। পুনৰ দিল্লীত ঘটিছে অনুৰূপ ঘটনা।

আন এক ‘শ্ৰদ্ধা কাণ্ড’ই জোকাৰিছে দেশ
পুনৰ আলমাৰিত উদ্ধাৰ হৈছে আন এগৰাকী যুৱতীৰ মৃতদেহ

বিগত কিছু দিন ধৰি সন্ধানহীন হৈ আছিল যুৱতীগৰাকী। বুধবাৰে নিশা দিল্লী আৰক্ষীলৈ এটা ফোন আহিছিল। দিল্লী আৰক্ষীক যুৱতীগৰাকীৰ পিতৃ বুলি পৰিচয় দিয়া এজন লোকে জনাইছিল–

যোৱা কিছু দিন ধৰি সন্ধানহীন হৈ আছে কন্যা
যুৱতীগৰাকীক হত্যাৰ সন্দেহ পিতৃৰ
লিভ ইন পার্টনাৰে যুৱতীগৰাকীক হত্যা কৰাৰ সন্দেহ

লগে লগে দিল্লী আৰক্ষী নামিল অনুসন্ধানত। যুৱতীগৰাকীৰ পিতৃয়ে দিয়া ঠিকনাত আৰক্ষীয়ে তন্ন তন্নকৈ তালাচী কৰিলে। প্ৰথম অৱস্থাত সন্দেহজনক একো নাপালে আৰক্ষীয়ে।

শেষত এটা আলমাৰি খুলি হতবাক হ’ল আৰক্ষী
আলমাৰিত উদ্ধাৰ হ’ল নিখোঁজ যুৱতীৰ মৃতদেহ

যুৱতীগৰাকী মৃতদেহ উদ্ধাৰ পিছত ফৰেনচিক দলো নামিল অনুসন্ধানত। ইতিমধ্যে অনুসন্ধানকাৰী নিশ্চিত হৈছে ২৪ বছৰীয়া যুৱতীগৰাকীক হত্যা কৰা হৈছে। যুৱতীগৰাকীৰ পিতৃৰ অভিযোগ

লিভ ইন পার্টনাৰৰ নাম বিপুল
প্ৰায়ে বিপুলে মাৰধৰ কৰিছিল যুৱতীগৰাকীক
কিছু দিন যোগাযোগ নথকাত সন্দেহ হৈছিল পিতৃৰ

ডেৰ মাহ ধৰি দ্বাৰকাৰ এটা ভাৰাঘৰত চুৰাটৰ প্ৰেমিক বিপুলৰ সৈতে আছিল যুৱতীগৰাকী। কিন্তু যুৱতীগৰাকীক হত্যা কৰি পলায়ল কৰিছে বিপুলে। আৰক্ষীয়ে চলাই আছে তদন্ত। এই ঘটনা পোহৰলৈ অহাত পুনৰ চৰ্চালৈ আহিছে ২০২২ চনৰ মে’ত সংঘটিত হোৱা শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ড। ২৭ বছৰীয়া শ্ৰদ্ধাক হত্যা কৰিছিল লিভ এন পাৰ্টনাৰ আলতাব আমিন পুনাৱালা নামৰ যুৱকজনে। মৃতদেহ ৰখাৰ বাবে আলতাবে কিনি আনিছিল নতুন ফ্ৰিজ। তাৰ পিছৰ ঘটনা সকলোৰে জ্ঞাত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...