বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ স্বদেশলৈ প্ৰত্যাৱৰ্তনক লৈ পুনৰ সৃষ্টি হৈছে চৰ্চা। ভাৰতত আশ্ৰয় লৈ থকা হাছিনাই বাংলাদেশলৈ উভতি যাবলৈ নতুন পাছপ’ৰ্ট আৰু ৰাষ্ট্ৰীয় পৰিচয়-পত্ৰ (NID) বিচাৰি আবেদন জনোৱাৰ পিছতে দেশখনৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণৰ মুখ্য চৰকাৰী অধিবক্তা মহম্মদ আমিনুল ইছলামে স্পষ্ট কৰি দিছে যে বাংলাদেশলৈ উভতিলে তেওঁ মৃত্যুদণ্ডৰ ৰায় কাৰ্যকৰী হোৱাৰ সন্মুখীন হ’ব লাগিব।
ফ্ৰান্সৰ সংবাদ সংস্থা AFPৰ সৈতে হোৱা কথা-বতৰাত আমিনুল ইছলামে কয় যে হাছিনাৰ হাতত এতিয়া ৰায় কাৰ্যকৰী হোৱাৰ সন্মুখীন হোৱাৰ বাহিৰে আন কোনো বিকল্প নাই। ২০২৪ চনত বাংলাদেশত হোৱা গণ-অভ্যুত্থানৰ সময়ত প্ৰতিবাদকাৰীৰ বিৰুদ্ধে চলোৱা দমন অভিযানৰ সৈতে জড়িত মানৱতাবিৰোধী অপৰাধৰ গোচৰত হাছিনাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল।
বাংলাদেশলৈ উভতিলেই মৃত্যুদণ্ডৰ সন্মুখীন হ’ব লাগিব শ্বেখ হাছিনা, মন্তব্য মুখ্য চৰকাৰী অধিবক্তাৰ
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ স্বদেশলৈ প্ৰত্যাৱৰ্তনক লৈ পুনৰ সৃষ্টি হৈছে চৰ্চা। ভাৰতত আশ্ৰয় লৈ থকা হাছিনাই বাংলাদেশলৈ উভতি যাবলৈ নতুন পাছপ’ৰ্ট আৰু ৰাষ্ট্ৰীয় পৰিচয়-পত্ৰ (NID) বিচাৰি আবেদন জনোৱাৰ পিছতে দেশখনৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণৰ মুখ্য চৰকাৰী অধিবক্তা মহম্মদ আমিনুল ইছলামে স্পষ্ট কৰি দিছে যে বাংলাদেশলৈ উভতিলে তেওঁ মৃত্যুদণ্ডৰ ৰায় কাৰ্যকৰী হোৱাৰ সন্মুখীন হ’ব লাগিব।
ফ্ৰান্সৰ সংবাদ সংস্থা AFPৰ সৈতে হোৱা কথা-বতৰাত আমিনুল ইছলামে কয় যে হাছিনাৰ হাতত এতিয়া ৰায় কাৰ্যকৰী হোৱাৰ সন্মুখীন হোৱাৰ বাহিৰে আন কোনো বিকল্প নাই। ২০২৪ চনত বাংলাদেশত হোৱা গণ-অভ্যুত্থানৰ সময়ত প্ৰতিবাদকাৰীৰ বিৰুদ্ধে চলোৱা দমন অভিযানৰ সৈতে জড়িত মানৱতাবিৰোধী অপৰাধৰ গোচৰত হাছিনাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল।
কেনেকৈ ভাৰতলৈ আহিছিল শ্বেখ হাছিনা?
উল্লেখ্য যে ২০২৪ চনৰ জুলাই-আগষ্ট মাহত বাংলাদেশত চৰকাৰবিৰোধী ছাত্ৰ আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিছিল। আন্দোলন দমনৰ বাবে চৰকাৰৰ কঠোৰ পদক্ষেপৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰতৰ হৈ পৰাত ৫ আগষ্টত প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি দেশ এৰিবলৈ বাধ্য হৈছিল শ্বেখ হাছিনা। সেইদিনা হেলিকপ্টাৰেৰে বাংলাদেশ ত্যাগ কৰি ভাৰতত উপস্থিত হৈছিল তেওঁ। তেতিয়াৰ পৰাই ভাৰতত অৱস্থান কৰি আহিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে।
ইফালে, হাছিনাৰ চৰকাৰৰ পতনৰ পিছত গঠন হোৱা অন্তৱৰ্তীকালীন চৰকাৰে তেওঁৰ পাছপ’ৰ্ট আৰু ৰাষ্ট্ৰীয় পৰিচয়-পত্ৰ বাতিল কৰিছিল। পৰৱৰ্তী সময়ত ২০২৫ চনৰ নৱেম্বৰ মাহত বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে ২০২৪ চনৰ আন্দোলন দমনৰ সময়ত সংঘটিত মানৱতাবিৰোধী অপৰাধৰ গোচৰত তেওঁৰ অনুপস্থিতিতে মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰে। অৱশ্যে, হাছিনাই তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অস্বীকাৰ কৰাৰ লগতে ন্যায়াধিকৰণৰ ৰায়ৰ বৈধতাকো প্ৰত্যাহ্বান জনাই আহিছে।
ডিচেম্বৰত বাংলাদেশলৈ উভতি যোৱাৰ পৰিকল্পনা
শেহতীয়াকৈ সংবাদ সংস্থা Reutersক দিয়া সাক্ষাৎকাৰত হাছিনাই ডিচেম্বৰ মাহত বাংলাদেশলৈ উভতি আদালতৰ সন্মুখত আত্মসমৰ্পণ কৰাৰ পৰিকল্পনা প্ৰকাশ কৰিছিল। গ্ৰেপ্তাৰ বা মৃত্যুৰ আশংকা থাকিলেও স্বদেশলৈ উভতি যোৱাৰ সিদ্ধান্তত তেওঁ অটল বুলি জানিবলৈ দিছিল।
এই পৰিকল্পনাৰ অংশ হিচাপেই ৯ নৱেম্বৰত লণ্ডনস্থিত তেওঁৰ অধিবক্তা সংস্থা Matrix Chambers-এ নতুন পাছপ’ৰ্ট আৰু ৰাষ্ট্ৰীয় পৰিচয়-পত্ৰ প্ৰদানৰ বাবে নতুন দিল্লীত থকা বাংলাদেশৰ উচ্চায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰে। হাছিনাৰ পূৰ্বৰ নথি-পত্ৰ বাতিল কৰা বুলি উল্লেখ কৰি নতুন নথি প্ৰদানৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনোৱা হয়। এই পদক্ষেপক বাংলাদেশলৈ উভতি যোৱাৰ দিশত হাছিনাৰ প্ৰথমটো স্পষ্ট প্ৰচেষ্টা হিচাপে বিবেচনা কৰা হৈছে।
কিন্তু বাংলাদেশ চৰকাৰে এই আবেদন নাকচ কৰে। দেশখনৰ গৃহমন্ত্ৰী ছালাহউদ্দিন আহমেদে আবেদনখনৰ আইনী ভিত্তি পৰীক্ষা কৰা হৈছে বুলি জনোৱাৰ বিপৰীতে, বৈদেশিক পৰিক্ৰমা বিভাগে হাছিনাক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ দাবী পুনৰ উত্থাপন কৰে।
নতুন পাছপ’ৰ্ট লাভৰ আইনী পথ বন্ধ?
মুখ্য চৰকাৰী অধিবক্তা আমিনুল ইছলামে কয় যে বাংলাদেশৰ পাছপ’ৰ্ট আদেশ, ১৯৭৩ৰ ৬ আৰু ৭নং অনুচ্ছেদ অনুসৰি গুৰুতৰ অপৰাধত দোষী সাব্যস্ত হোৱা ব্যক্তিক পাছপ’ৰ্ট প্ৰদান বা পূৰ্বৰ পাছপ’ৰ্ট বাহাল ৰখাৰ ক্ষেত্ৰত বাধা আছে। মানৱতাবিৰোধী অপৰাধৰ গোচৰত মৃত্যুদণ্ড লাভ কৰা হাছিনাক নতুন পাছপ’ৰ্ট প্ৰদানৰ কোনো আইনী সুযোগ নাই বুলি তেওঁ দাবী কৰে।
তেওঁ লগতে কয় যে ন্যায়াধিকৰণৰ ৰায় প্ৰকাশৰ পিছত আপীল দাখিলৰ বাবে নিৰ্ধাৰিত ৩০ দিনৰ সময়সীমা আছিল। কিন্তু হাছিনাই সেই সময়সীমাৰ ভিতৰত আপীল দাখিল নকৰিলে। সেয়ে বাংলাদেশলৈ উভতি আহিলে তেওঁৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ ৰায় কাৰ্যকৰী কৰাৰ বাবে আইনী প্ৰক্ৰিয়া আগবঢ়োৱা হ’ব বুলি তেওঁ স্পষ্ট কৰে।
আমিনুল ইছলামে লগতে কয় যে হাছিনাই সঁচাকৈয়ে বাংলাদেশলৈ উভতি আহিব বিচাৰিলে ভাৰত চৰকাৰৰ ওচৰত প্ৰত্যাৰ্পণ চুক্তিৰ অধীনত বাংলাদেশলৈ ঘূৰি যোৱাৰ বাবে লিখিত আবেদন জনোৱা উচিত।
ভাৰত-বাংলাদেশৰ মাজত প্ৰত্যাৰ্পণক লৈ টনা-আঁজোৰা
উল্লেখ্য যে হাছিনাৰ প্ৰত্যাৰ্পণৰ বাবে বাংলাদেশে পূৰ্বৰে পৰা ভাৰত চৰকাৰক দাবী জনাই আহিছে। অৱশ্যে, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই বিষয়টো আইনী প্ৰক্ৰিয়া আৰু নিৰ্ধাৰিত বিধি অনুসৰি পৰীক্ষা কৰি থকা বুলি পূৰ্বে জানিবলৈ দিছিল। এই পৰ্যন্ত হাছিনাক বাংলাদেশৰ হাতত গতাই দিয়াৰ কোনো সিদ্ধান্ত ৰাজহুৱা কৰা হোৱা নাই।
এতিয়া নতুন পাছপ’ৰ্টৰ আবেদন নাকচ হোৱাৰ পিছত হাছিনাৰ বাংলাদেশলৈ উভতি যোৱাৰ পৰিকল্পনা কেনেদৰে আগবাঢ়ে, সেয়া লক্ষণীয় হ’ব। তেওঁ নিজে উভতি যাব পাৰিবনে, নে ভাৰত-বাংলাদেশৰ প্ৰত্যাৰ্পণ চুক্তিৰ জৰিয়তে বিষয়টোৰ নিষ্পত্তি হ’ব—সেই সন্দৰ্ভত এতিয়াও অনিশ্চয়তা অব্যাহত আছে।
