দ্বিতীয় বাৰৰ বাবে পলাল ‘ডুৱাৰ্ছ ৰাণী’ ! বক্সা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পৰা পুনৰ অসমমুখী বাঘিনীক লৈ পুনৰ চিন্তিত বন বিভাগ

অসমৰ পৰা পশ্চিমবংগলৈ ঘূৰাই নিয়াৰ মাত্ৰ পাঁচ দিনৰ পিছতে পুনৰ পলায়ন কৰিছে ‘ডুৱাৰ্ছ ৰাণী’ নামৰ বাঘিনীয়ে। পশ্চিমবংগৰ প্ৰথমটো বাঘ স্থানান্তৰকৰণ কাৰ্যসূচীৰ অংশ হিচাপে বক্সা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত ৰখা বাঘিনীজনীয়ে এইবাৰ নিৰাপত্তা বেষ্টনী ভেদ কৰি পলায়ন কৰিছে। ফলত বাঘিনীটোক লৈ পুনৰ উদ্বিগ্ন হৈ পৰিছে বন বিভাগ।

আলিপুৰদুৱাৰ জিলাৰ বক্সা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত ২.২ হেক্টৰ ভূমিজুৰি নিৰ্মাণ কৰা এটা বিশেষ অভ্যস্তকৰণ ঘেৰাৰ ভিতৰত ৰখা হৈছিল বাঘিনীজনীক। বন বিভাগৰ সূত্ৰ অনুসৰি, ঘেৰাটোৰ বেৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা দুই ফুট ডাঠ আৰু চাৰি ফুট গভীৰ কংক্ৰিটৰ ভেটিৰ তলৰ মাটি খান্দি সুৰংগ সদৃশ পথ তৈয়াৰ কৰি পলায়ন কৰে বাঘিনীটোৱে।

দেওবাৰে দিনৰ প্ৰায় ২ বজাত ঘেৰাৰ ভিতৰত বাঘিনীটোৰ অনুপস্থিতি ধৰা পৰে। অৱশ্যে, বাঘিনীজনীৰ শৰীৰত সংস্থাপন কৰা ৰেডিঅ’ কলাৰটো সক্ৰিয় হৈ আছে আৰু তাৰ সংকেতৰ সহায়ত বন বিভাগে গতিবিধি অনুসৰণ কৰি আছে। বন বিভাগৰ এগৰাকী বিষয়াই জনোৱা মতে, বাঘিনীজনীয়ে ইতিমধ্যে বালা নদী পাৰ হৈ পুনৰ অসমৰ দিশে গতি কৰিছে বুলি সন্দেহ কৰা হৈছে।

সৰ্বশেষ তথ্য অনুসৰি, বক্সা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰৰ ২৭ মাইল বনগাঁও অঞ্চলৰ ওচৰত বাঘিনীজনীৰ অৱস্থান ধৰা পৰিছিল। অৱশ্যে, বনাঞ্চলৰ একাংশ ‘শ্বেড’ জ’নত প্ৰৱেশ কৰাৰ ফলত ৰেডিঅ’ সংকেতৰ জৰিয়তে ইয়াক অনুসৰণ কৰাত অসুবিধাৰ সৃষ্টি হৈছে। বাঘিনীটোক বিচাৰি অভিযানত নামিছে ৬০গৰাকী বনকৰ্মী, তিনিটা হাতী আৰু বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল।

ইয়াৰ পূৰ্বেও অসমৰ পৰা উদ্ধাৰ কৰিবলগীয়া হৈছিল বাঘিনীজনীক

উল্লেখ্য যে ইয়াৰ পূৰ্বেও বক্সা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পৰা পলায়ন কৰি অসমত প্ৰৱেশ কৰিছিল ‘ডুৱাৰ্ছ ৰাণী’য়ে। ২৪ অক্টোবৰত বক্সাৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰলৈ গৈ অসমৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিছিল তিনিবছৰীয়া বাঘিনীজনীয়ে ।

প্ৰথমে অসমৰ হাতীগড় গাঁৱৰ ওচৰত ডুৱাৰ্ছ ৰাণীক দেখা পোৱা গৈছিল। তাত তিনিটা পোহনীয়া গাহৰি আৰু চাৰিটা গাহৰিৰ পোৱালি নিধন কৰাৰ অভিযোগ উত্থাপন হৈছিল। তাৰ পিছত কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ নাৰায়ণপুৰ গাঁৱৰ দিশে আগবাঢ়ে বাঘিনীটো। পৰৱৰ্তী সময়ত দতমা অঞ্চলৰ বৰছিজোৰা গাঁৱৰ ওচৰত ইয়াৰ অৱস্থান ধৰা পৰাত অঞ্চলটো ঘেৰাও কৰা হৈছিল।

বাঘিনীজনীক উদ্ধাৰৰ বাবে অসম আৰু পশ্চিমবংগৰ বন বিভাগে যৌথ অভিযান আৰম্ভ কৰে। জাল, তিনিটা হাতী, মাটি খন্দা যন্ত্ৰ আৰু ট্ৰেংকুলাইজাৰ বন্দুকসহ বনকৰ্মীৰ দলে অভিযান চলাই অৱশেষত ৩ নৱেম্বৰত কোকৰাঝাৰ জিলাৰ দতমা অঞ্চলৰ গিলাগুৰিত বাঘিনীটোক ট্ৰেংকুলাইজ কৰি কৰায়ত্ত কৰে। তাৰ পিছতে বাঘিনীটোক পশ্চিমবংগৰ বক্সা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ ঘূৰাই নিয়া হৈছিল।

বিহাৰৰ পৰা বক্সালৈ আহিছিল ‘ডুৱাৰ্ছ ৰাণী’

উল্লেখ্য যে পশ্চিমবংগৰ প্ৰথমটো বাঘ স্থানান্তৰকৰণ কাৰ্যসূচীৰ অংশ হিচাপে বিহাৰৰ বাল্মীকি ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ‘ডুৱাৰ্ছ ৰাণী’ক বক্সা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ অনা হৈছিল। উত্তৰ বংগৰ আলিপুৰদুৱাৰ জিলাত অৱস্থিত ৭৬০ বৰ্গ কিলোমিটাৰতকৈ অধিক এলেকাজুৰি বিস্তৃত এই সংৰক্ষিত বনাঞ্চলখন এসময়ত বাঘৰ গুৰুত্বপূৰ্ণ বিচৰণস্থলী আছিল।

কিন্তু বনাঞ্চলৰ অৱক্ষয়, ভূমি ব্যৱহাৰৰ পৰিৱৰ্তন আৰু চিকাৰযোগ্য প্ৰাণীৰ সংখ্যা হ্ৰাস পোৱাৰ ফলত বক্সাত স্থায়ী বাঘৰ জনসংখ্যা বৰ্তাই ৰখাৰ পৰিৱেশ ক্ৰমাৎ প্ৰতিকূল হৈ পৰিছিল। সেয়ে বাঘৰ সংখ্যা পুনৰুদ্ধাৰৰ লক্ষ্যৰে পৰ্যায়ক্ৰমে বাঘ স্থানান্তৰকৰণৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছিল। সেই কাৰ্যসূচীৰ আৰম্ভণি হিচাপে বক্সাত মুকলি কৰা হৈছিল ‘ডুৱাৰ্ছ ৰাণী’ক।

ইয়াৰ পূৰ্বে ২০২৪ চনৰ ডিচেম্বৰ মাহতো ওড়িশাৰ ছিমলিপালৰ পৰা অহা ‘জিনাত’ নামৰ এজনী বাঘিনীয়ে ৩০০ কিলোমিটাৰতকৈ অধিক দূৰত্ব অতিক্ৰম কৰি ঝাৰখণ্ড পাৰ হৈ পশ্চিমবংগত প্ৰৱেশ কৰিছিল। পৰৱৰ্তী সময়ত বাঁকুড়াত বাঘিনীজনীক ট্ৰেংকুলাইজ কৰি কৰায়ত্ত কৰা হৈছিল।

এতিয়া পুনৰবাৰ ‘ডুৱাৰ্ছ ৰাণী’ৰ পলায়নে বক্সাৰ বাঘ স্থানান্তৰকৰণ কাৰ্যসূচীৰ নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্নৰ সৃষ্টি কৰিছে। বাঘিনীজনীক পুনৰ কৰায়ত্ত কৰি নিৰাপদে সংৰক্ষিত বনাঞ্চললৈ ঘূৰাই নিয়াৰ বাবে বন বিভাগে অভিযান অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বন্যপ্ৰাণীৰ অবৈধ ব্যৱসায়ৰ চেষ্টা বিফল কৰিলে DRI-য়ে; অস্ত্ৰধাৰী সন্দেহযুক্ত লোকৰ পৰা ৩.৭ কেজি ওজনৰ দুটা হাতীৰ দাঁত উদ্ধাৰ

গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰত বন্যপ্ৰাণীৰ অবৈধ ব্যৱসায়ৰ চেষ্টা বিফল কৰিছে...

বাংলাদেশলৈ উভতিলেই মৃত্যুদণ্ডৰ সন্মুখীন হ’ব শ্বেখ হাছিনা : বাংলাদেশৰ মুখ্য চৰকাৰী অধিবক্তাৰ মন্তব্য

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ স্বদেশলৈ প্ৰত্যাৱৰ্তনক লৈ পুনৰ...

চীনৰ চোৰাংচোৱা সংস্থাৰ সৈতে সম্পৰ্কৰ অভিযোগ! CEO জেনছেন হুয়াঙক লৈ তদন্ত, ৫.৭৫% পৰ্যন্ত হ্ৰাস এনভিডিয়াৰ শ্বেয়াৰৰ মূল্য

বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান এনভিডিয়া (Nvidia)ৰ মুখ্য কাৰ্যবাহী বিষয়া...