‘ভয় আৰু উদ্বেগে জুমুৰি ধৰিছিল’! কেন্সাৰৰ সৈতে যুঁজৰ দুটা কঠিন অভিজ্ঞতাৰ কথা আত্মজীৱনীত প্ৰকাশ ছোনিয়া গান্ধীৰ

কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীয়ে জীৱনৰ এক অতি ব্যক্তিগত আৰু কঠিন অধ্যায়ৰ কথা প্ৰকাশ কৰিছে নিজৰ আত্মজীৱনী ‘Belonging: A Journey of Love’ত। ২০১০ চনত স্তন কেন্সাৰত আক্ৰান্ত হোৱা আৰু তাৰ এবছৰ পাছত অগ্ন্যাশয়ত টিউমাৰ ধৰা পৰাৰ অভিজ্ঞতাৰ বিষয়ে প্ৰথমবাৰৰ বাবে মুকলিকৈ লিখিছে তেওঁ। এই দুয়োটা স্বাস্থ্যজনিত সংকটৰ সময়ত তেওঁ কেনেদৰে ভয়, উদ্বেগ আৰু অনিশ্চয়তাৰ মাজেৰে পাৰ হৈছিল, সেই কথাও আত্মজীৱনীখনত বৰ্ণনা কৰিছে।

২০১০ চনত স্তন কেন্সাৰৰ অস্ত্ৰোপচাৰ

ছোনিয়া গান্ধীয়ে লিখিছে যে দ্বিতীয় ইউপিএ চৰকাৰৰ কাৰ্যকালত তেওঁৰ স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পাবলৈ ধৰে। ইয়াৰ পূৰ্বে মাজে-সময়ে হাঁপানি, এলাৰ্জী আৰু পেটৰ সমস্যাৰ বাহিৰে বিশেষ কোনো গুৰুতৰ স্বাস্থ্যজনিত অসুবিধা নাছিল। কিন্তু ৰাজনৈতিক ব্যস্ততা আৰু মানসিক চাপৰ মাজতে পেটৰ সমস্যাও ক্ৰমাৎ বৃদ্ধি পাইছিল।

২০১০ চনত চিকিৎসকে তেওঁৰ স্তন কেন্সাৰৰ সন্দেহ প্ৰকাশ কৰি অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিয়ে। দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালৰ চিকিৎসকৰ ওপৰত সম্পূৰ্ণ আস্থা থকা সত্ত্বেও এই খবৰে তেওঁক মানসিকভাৱে জোকাৰি গৈছিল।

আত্মজীৱনীত তেওঁ লিখিছে যে চিকিৎসকে ৰোগৰ গুৰুত্ব আৰু সময়মতে অস্ত্ৰোপচাৰৰ প্ৰয়োজনীয়তাৰ কথা জনোৱাৰ পাছত তেওঁ আৰু তেওঁৰ সন্তানসকল চিন্তিত হৈ পৰিছিল। সম্ভাৱ্য পৰিণতিৰ কথা ভাবি তেওঁৰ মনত ভয় আৰু উদ্বেগে বাহ লৈছিল।

সংবাদ মাধ্যমৰ পৰা আঁতৰি ইটালীত অস্ত্ৰোপচাৰ

নিজৰ ব্যক্তিগত জীৱন সদায় গোপনে ৰখাটো বিচাৰিছিল ছোনিয়া গান্ধীয়ে। সেয়েহে ভাৰতত চিকিৎসা গ্ৰহণ কৰিলে সংবাদ মাধ্যমৰ ব্যাপক চৰ্চাৰ সন্মুখীন হ’ব লাগিব বুলি আশংকা কৰিছিল তেওঁ। প্ৰথমে মুম্বাইৰ টাটা মেম’ৰিয়েল হাস্পতালত চিকিৎসা গ্ৰহণ কৰাৰ কথা বিবেচনা কৰিলেও শেষত ইটালীৰ মিলানৰ সমীপৰ European Institute of Oncologyত অস্ত্ৰোপচাৰ কৰোৱাৰ সিদ্ধান্ত লয়।

প্ৰখ্যাত শল্য চিকিৎসক ডাঃ উম্বেৰ্টো ভেৰ’নেছিৰ তত্ত্বাৱধানত তেওঁৰ অস্ত্ৰোপচাৰ সম্পন্ন হয়। সেই সময়ত পুত্ৰ ৰাহুল গান্ধী, কন্যা প্ৰিয়ংকা গান্ধী, জোঁৱাই ৰবাৰ্ট ৱাদ্ৰা আৰু ভগ্নী নাদিয়া তথা আনুচকা তেওঁৰ সৈতে আছিল।

অস্ত্ৰোপচাৰৰ বাবে চিকিৎসালয়ৰ কক্ষৰ পৰা অপাৰেচন থিয়েটাৰলৈ নিয়াৰ সময়ত ৰাহুল আৰু প্ৰিয়ংকাই তেওঁৰ হাতত ধৰি কপালত চুমা খাই সকলো ঠিক হৈ যাব বুলি আশ্বাস দিছিল। এই মুহূৰ্তটোৰ কথা স্মৰণ কৰি ছোনিয়াই লিখিছে যে সন্তানসকলৰ সেই মৰম আৰু সাহসে তেওঁক মানসিক শক্তি প্ৰদান কৰিছিল।

অস্ত্ৰোপচাৰৰ সময়ত চিকিৎসকে দুটা টিউমাৰ আঁতৰাইছিল। ইয়াৰে এটা সন্দেহজনক নাছিল যদিও সাৱধানতামূলক ব্যৱস্থা হিচাপে সেইটোও আঁতৰোৱা হৈছিল। লগতে অস্ত্ৰোপচাৰৰ সময়তে বিশেষ ৰেডিয়েচন চিকিৎসা প্ৰদান কৰা হৈছিল। ইয়াৰ ফলত পৰৱৰ্তী পাঁচ সপ্তাহৰ ৰেডিয়েচন চিকিৎসাৰ প্ৰয়োজন নহ’ল।

এবছৰৰ পাছত অগ্ন্যাশয়ত টিউমাৰ

স্তন কেন্সাৰৰ অস্ত্ৰোপচাৰৰ প্ৰায় এবছৰৰ পাছত, ২০১১ চনত নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ সময়ত তেওঁৰ অগ্ন্যাশয়ত (Pancreas) আন এটা অস্বাভাৱিক বৃদ্ধি ধৰা পৰে। এই খবৰে ছোনিয়া গান্ধী আৰু তেওঁৰ সন্তানসকলক পুনৰ চিন্তিত কৰি তোলে। প্ৰথমে তেওঁলোকে পূৰ্বৰ ৰোগ পুনৰ ঘূৰি অহাৰ আশংকা কৰিছিল।

চিকিৎসকৰ সৈতে কেইবালানি আলোচনাৰ পাছত তৎকালীনভাৱে অস্ত্ৰোপচাৰৰ প্ৰয়োজন বুলি সিদ্ধান্ত লোৱা হয়। প্ৰথম অৱস্থাত টিউমাৰটো নিউৰ’এণ্ড’ক্ৰাইন টিউমাৰ হ’ব পাৰে বুলি সন্দেহ কৰা হৈছিল। এনে অৱস্থাত দীঘলীয়া অস্ত্ৰোপচাৰ আৰু চিকিৎসালয়ত অধিক দিন থাকিবলগীয়া হোৱাৰ আশংকা আছিল।

এইবাৰ নেদাৰলেণ্ডছৰ ৰটাৰডামস্থিত Erasmus University Medical Centreত প্ৰখ্যাত অগ্ন্যাশয়ৰ শল্য চিকিৎসক ডাঃ কাস্পাৰ ভান আইকৰ তত্ত্বাৱধানত তেওঁৰ অস্ত্ৰোপচাৰ সম্পন্ন হয়। এই যাত্ৰাৰ বিষয়ে তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু কেইজনমান জ্যেষ্ঠ সহকৰ্মীৰ বাহিৰে আনক আগতীয়াকৈ জনোৱা নাছিল ছোনিয়া গান্ধীয়ে।

‘মোৰ মনত আটাইতকৈ বেয়া পৰিণতিৰ আশংকা আহিছিল’

দ্বিতীয়টো অস্ত্ৰোপচাৰৰ সময়তো ছোনিয়া গান্ধী যথেষ্ট উদ্বিগ্ন হৈ আছিল। চিকিৎসক আৰু পৰিয়ালৰ সদস্যসকলে আশ্বাস দিয়াৰ পাছতো ৰোগৰ প্ৰকৃত অৱস্থা অস্ত্ৰোপচাৰৰ পাছতহে নিশ্চিত হ’ব বুলি জানি তেওঁ চিন্তিত হৈছিল।

তেওঁৰ মনলৈ বাৰে বাৰে আহিছিল—টিউমাৰটো যদি শৰীৰৰ আন অংশলৈ বিয়পি পৰা কেন্সাৰ হয়, তেন্তে কি হ’ব? তেওঁ এই বিপদৰ পৰা সুস্থ হৈ উভতি আহিব পাৰিবনে?

অৱশেষত অস্ত্ৰোপচাৰৰ পাছত চিকিৎসক ডাঃ ভান আইকে তেওঁক সকাহৰ খবৰ দিয়ে। চিকিৎসকে জনায় যে টিউমাৰটো প্ৰাৰম্ভিক প্ৰি-কেন্সাৰাছ অৱস্থাত আছিল আৰু সময়মতে চিনাক্ত হোৱাৰ বাবেই তেওঁ সৌভাগ্যক্ৰমে বিপদৰ পৰা ৰক্ষা পৰিল।

ছোনিয়া গান্ধীয়ে আত্মজীৱনীত এই অভিজ্ঞতাক জীৱনৰ অন্যতম কঠিন সময় হিচাপে বৰ্ণনা কৰিছে।

২০১৬ চনত বাৰাণসীৰ নিৰ্বাচনী সভাত ঢলি পৰিছিল

কেন্সাৰৰ চিকিৎসাৰ অভিজ্ঞতাৰ উপৰি ২০১৬ চনৰ আন এক গুৰুতৰ স্বাস্থ্যজনিত ঘটনাৰ কথাও আত্মজীৱনীত উল্লেখ কৰিছে ছোনিয়া গান্ধীয়ে।

২০১৬ চনৰ আগষ্ট মাহত উত্তৰ প্ৰদেশৰ বাৰাণসীত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিল তেওঁ। সেই সময়ত পথৰ দুয়োকাষে সমবেত হৈছিল বহু লোক। কংগ্ৰেছৰ সমৰ্থনত শ্লোগান দি থকা জনতাৰ মাজেৰে তেওঁৰ বাহনীৰ যাত্ৰা প্ৰায় পাঁচ ঘণ্টা ধৰি চলিছিল। দীৰ্ঘ সময়ৰ যাত্ৰা আৰু অত্যধিক ভাগৰৰ ফলত তেওঁ হঠাৎ ঢলি পৰে।

পৰৱৰ্তী সময়ত তেওঁক বিমানেৰে দিল্লীলৈ লৈ যোৱা হয়। বিমানত তেওঁ মাজে-সময়ে চেতনা হেৰুৱাইছিল। সেই সময়ত তেওঁৰ প্ৰয়াত স্বামী ৰাজীৱ গান্ধীক দেখা পোৱাৰ এক বিশেষ অনুভূতি হৈছিল বুলিও আত্মজীৱনীত উল্লেখ কৰিছে।

সেই যাত্ৰাত তেওঁৰ কাষত থকা প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতে পিছত জনাইছিল যে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে ছোনিয়া গান্ধীয়ে হঠাৎ হাঁহিছিল। অৱশ্যে, ঢলি পৰাৰ ফলত তেওঁৰ কান্ধৰ হাড় গুৰুতৰভাৱে ভাঙি গৈছিল আৰু ইয়াৰ বাবেও পুনৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল।

৫২৬ পৃষ্ঠাৰ আত্মজীৱনীত জীৱনৰ বহু অজানা অধ্যায়

হাৰ্পাৰকলিন্স ইণ্ডিয়াৰ দ্বাৰা প্ৰকাশিত ৫২৬ পৃষ্ঠাৰ ‘Belonging: A Journey of Love’ গ্ৰন্থখনত ছোনিয়া গান্ধীয়ে নিজৰ শৈশৱ, ইটালীত কটোৱা দিন, ৰাজীৱ গান্ধীৰ সৈতে বিবাহ, গান্ধী পৰিয়ালৰ বোৱাৰী হিচাপে ভাৰতত জীৱন আৰম্ভ কৰা আৰু পৰৱৰ্তী সময়ত ৰাজনীতিত প্ৰৱেশ কৰাৰ অভিজ্ঞতা সন্নিৱিষ্ট কৰিছে।

ইয়াৰ উপৰি ৰাজীৱ গান্ধীৰ হত্যাকাণ্ড আৰু ভাৰতীয় ৰাজনীতিৰ বহু গুৰুত্বপূৰ্ণ ঘটনাৰ বিষয়েও লিখিছে তেওঁ। ৰাজহুৱা জীৱনত দশক দশক ধৰি সক্ৰিয় হৈ থকা ছোনিয়া গান্ধীয়ে নিজৰ ব্যক্তিগত স্বাস্থ্যজনিত সমস্যাসমূহ ইমানদিনে ৰাজহুৱা চৰ্চাৰ পৰা আঁতৰাই ৰাখিছিল। কিন্তু এই আত্মজীৱনীৰ জৰিয়তে জীৱনৰ সেই কঠিন সময়ছোৱাৰ কথাও পাঠকৰ সন্মুখলৈ আনিছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

বিশেষভাৱে উল্লেখযোগ্য যে, ২০১১ চনত অগ্ন্যাশয়ত ধৰা পৰা টিউমাৰটো প্ৰাথমিক প্ৰি-কেন্সাৰাছ অৱস্থাত আছিল বুলি চিকিৎসকে জনাইছিল। সেয়েহে দুয়োটা ঘটনাক একে ধৰণৰ কেন্সাৰ বুলি ধৰি লোৱাটো উচিত নহয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বন্যপ্ৰাণীৰ অবৈধ ব্যৱসায়ৰ চেষ্টা বিফল কৰিলে DRI-য়ে; অস্ত্ৰধাৰী সন্দেহযুক্ত লোকৰ পৰা ৩.৭ কেজি ওজনৰ দুটা হাতীৰ দাঁত উদ্ধাৰ

গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰত বন্যপ্ৰাণীৰ অবৈধ ব্যৱসায়ৰ চেষ্টা বিফল কৰিছে...

বাংলাদেশলৈ উভতিলেই মৃত্যুদণ্ডৰ সন্মুখীন হ’ব শ্বেখ হাছিনা : বাংলাদেশৰ মুখ্য চৰকাৰী অধিবক্তাৰ মন্তব্য

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ স্বদেশলৈ প্ৰত্যাৱৰ্তনক লৈ পুনৰ...

চীনৰ চোৰাংচোৱা সংস্থাৰ সৈতে সম্পৰ্কৰ অভিযোগ! CEO জেনছেন হুয়াঙক লৈ তদন্ত, ৫.৭৫% পৰ্যন্ত হ্ৰাস এনভিডিয়াৰ শ্বেয়াৰৰ মূল্য

বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান এনভিডিয়া (Nvidia)ৰ মুখ্য কাৰ্যবাহী বিষয়া...