নিৰ্বাচনী যুঁজত বলীউডৰ কুইন কংগনা ৰানাৱট

আগন্তুক লোকসভা নিৰ্বাচনত যুঁজ দিবলৈ সাজু বলীউডৰ কুইন কংগনা ৰানাৱট। হিমাচল প্ৰদেশৰ মণ্ডিত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ কংগনাৰ। খোলা বাহনত উঠি শুভ্ৰ পোছাকেৰে জনতাৰ মাজত কংগনা। ক’লে মোক অভিনেত্ৰী বুলি পাহৰি যাওক মই মণ্ডিৰ জীয়ৰী।

নিৰ্বাচনী যুঁজত বলীউডৰ কুইন কংগনা ৰানাৱট
লোকসভা নিৰ্বাচনত যুঁজ দিবলৈ সাজু কংগনা
হিমাচল প্ৰদেশৰ মণ্ডিত বিজেপিৰ প্ৰাৰ্থী কংগনা ৰানাৱট
শুকুৰবাৰে মণ্ডিত কংগনাৰ মেগা ৰোড শ্বো

খোলা বাহনত উঠি জোৰদাৰ প্ৰচাৰ অভিযানত কংগনা। ক’লে মোক অভিনেত্ৰী বুলি পাহৰি যাওক, মই মণ্ডিৰ জীয়ৰী, মণ্ডিৰ ভগ্নী। মণ্ডিৰ সকলো মোৰ পৰিয়ালৰ অংশ। প্ৰচাৰৰ সময়ত কংগনাৰ মুখত শুনা গ’ল জয় শ্ৰী ৰাম ধ্বনি। মোডী, নাড্ডাৰ নামত দিলে জয় শ্ৰী ৰাম ধ্বনি। ইপিনে ৰাজনীতিত নামিয়েই সলনি হ’ল বলীউড কুইনৰ সাজসজ্জা। ৰংচঙীয়া পোছাকৰ পৰিৱৰ্তে কংগনাই পৰিধান কৰিলে সাধাৰণ পোছাক। শুভ্ৰ পোছাক পৰিধান কৰি প্ৰচাৰত নামিল কংগনা। পুষ্প সজ্জিত খোলা বাহনত উঠি কংগনাৰ চমক। কংগনাৰ ৰোড শ্বোত দেখা গ’ল অগণন লোকৰ ভিৰ। কোনোৱে যদি আগবঢ়াইছে ফুলৰ থোপা কোনোৱে পিন্ধালে কংগনাক মালা। সাংবাদিকে সোধা প্ৰশ্নৰো সাৱলীলভাৱে উত্তৰ দিলে কংগনাই।

এক প্ৰকাৰ বলীউডৰ মণিকৰ্ণিকা হৈ পৰিছে বাস্তৱৰ ৰাজনীতিৰ কুইন। বিজেপিৰ জয়গানেৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ। আকৰ্ষণীয় নিৰ্বাচনী প্ৰচাৰেৰে ভোটাৰৰ হৃদয় জিনাৰ চেষ্টা কংগনাৰ। বিৰোধীৰ কটাক্ষ, সমালোচনাক কোনো কেৰেপ নকৰা কংগনা ৰাজনীতিৰ ক্ষেত্ৰখনত কিমান সফল হয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব। কিন্তু বৰ্তমানৰ প্ৰেক্ষাপটত বিজেপিৰ হৈ ৰাজনীতিৰ ৰণাংগনত নমা কংগনা ৰানাৱটৰ স্থিতি শক্তিশালী বুলি চৰ্চা চলিছে হিমাচলৰ লগতে দেশৰ ৰাজনীতিত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...