আমেৰিকাসহ পশ্চিমৰ দেশসমূহক দিলে এই ভাবুকি

৮৮ শতাংশ ভোট লাভেৰে পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত পুটিন
জয়ৰ পিছতে তৃতীয় বিশ্ব যুদ্ধৰ হুংকাৰ পুটিনৰ
ভ্লাডিমিৰ পুটিনে ভংগ কৰিব ষ্টেলিনৰ অভিলেখ!

ব্যাপক হিংসা, অনিয়মৰ অভিযোগেৰে অনুষ্ঠিত ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ পুনৰ জয়ী হ’ল ভ্লাদিমিৰ পুটিন। ৩ দিন ধৰি হোৱা ভোটগ্ৰহণৰ অন্তত ঘোছণা হ’ল ফলাফল। পূৰ্বৰে পৰা চৰ্চা হৈ থকাৰ দৰেই বিপুল ভোটত জয়ী হ’ল চাৰিবাৰৰ ৰাষ্ট্ৰপতি আৰু এবাৰৰ প্ৰধানমন্ত্ৰী পুটিন।

ইউক্ৰেইন যুদ্ধৰ মাজতে অনুষ্ঠিত ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ভ্লাডিমিৰ পুটিনে লাভ কৰিলে ৮৭.৯৭ শতাংশ ভোট। পুটিনৰ কাষেই চাপিব নোৱাৰিলে আন তিনি প্ৰাৰ্থী।

ইউক্ৰেইন অভিযানৰ বাবে বিশ্বজুৰি যুদ্ধবাজ পুটিন সমালোচিত হ’লেও তেওঁ প্ৰমাণ কৰিলে বৰ্তমান ৰাছিয়াত পুটিনৰ সমকক্ষ কোনো নাই। অৱশ্যে এই নিৰ্বাচনত চল চাতুৰি কৰাৰ অভিযোগ উঠিছে পুটিনৰ বিৰুদ্ধে। এই নিৰ্বাচনত এটা কথা স্পষ্ট হ’ল পুটিনে বিকল্প নিৰ্বাচনৰ সুযোগেই নিদিলে ৰাছিয়ানক। সেয়া যিয়ে নহওক পঞ্চম বাৰৰ বাবে ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈয়ে তৃতীয় বিশ্ব যুদ্ধৰ হুংকাৰ দিলে পুটিনে।

আমেৰিকাসহ পশ্চিমৰ দেশসমূহক দিলে এই ভাবুকি

ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিছত সোমবাৰে স্পষ্ট ভাষাত পুটিনৰ সকীয়নি আমেৰিকা আৰু নাটো বাহিনীয়ে যদি প্ৰত্যাহ্বান জনাই থাকে তাৰ অৰ্থ হ’ব তৃতীয় বিশ্ব যুদ্ধলৈ মাত্ৰ এঢাপ দূৰ।

এই যুদ্ধ নিশ্চয় কোনেও চাব বিচৰা নাই
কিন্তু আধুনিক বিশ্বত সকলো সম্ভৱ

অৱশ্য পুটিনৰ মন্তব্যৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া কোনো ৰাষ্ট্ৰনেতাই প্ৰকাশ কৰা নাই। এই নিৰ্বাচনে পুটিনক এক অভিলেখ গঢ়াৰ সুযোগ দিলে। ২০৩০ চন পৰ্যন্ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি হৈ থাকিব পুতিন। কাৰ্যকাল সম্পূৰ্ণ কৰিলে ২০০ বছৰীয়া ৰাছিয়াৰ ইতিহাসত বৰ্তমান ৭১ বছৰীয়া পুটিন হ’ব দীৰ্ঘ কালৰ ৰাষ্ট্ৰপতি। পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে জোছেফ ষ্টেলিন আৰু ব্ৰেজনেভৰ ২৪ বছৰকৈ কাৰ্যনিৰ্বাহ কৰিছিল। এইবাৰৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ গুৰুত্বপূৰ্ণ দিশ আছিল ৰাছিয়াই দখল কৰা ইউক্ৰেইনৰ চাৰিটা অঞ্চলতো অনুষ্ঠিত হয় নিৰ্বাচন। এয়াৰ উপৰি প্ৰায়বোৰ দেশত থকা ৰুচ দূতাবাসতো ভোটদানৰ ব্যৱস্থা কৰা হয়। শুকুৰবাৰৰ পৰা দেওবাৰ পৰ্যন্ত ভোটগ্ৰহণৰ পিছতে ঘোষণ হয় ফলাফল। পশ্চিমীয়া দেশৰ বাবে অস্বস্তিৰ কাৰণ পুটিনেই নিৰ্বাচিত হয় ৰাষ্ট্ৰপতি হিচাপে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...