হাইলাকান্দিত এখন পাৰ্লাৰত চাঞ্চল্যকৰ ঘটনা

0 5,127

হাইলাকান্দিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। হাইলাকান্দি নগৰৰ সূৰ্য মাৰ্কেটত থকা এখন বন্ধ পাৰ্লাৰৰ ভিতৰত এটা বাকচৰ পৰা উদ্ধাৰ হয় পাৰ্লাৰৰ স্বত্বাধিকাৰ উত্তম শীলৰ মৃতদেহ। বিগত শনিবাৰ নিশাৰে পৰা সন্ধানহীন হৈ আছিল উত্তম শীল। পৰিয়ালৰ লোকে পাৰ্লাৰৰ তলা ভাঙি উদ্ধাৰ কৰে মৃতদেহটো। ঘটনাস্থলীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। পৰিয়ালৰ মতে এয়া পৰিকল্পিত হত্যাকাণ্ড।

পাৰ্লাৰত মৃতদেহ
ইউনিছেক্স পাৰ্লাৰৰ ভিতৰত মৃতদেহ

উত্তম শীল। হাইলাকান্দি নগৰৰ সূৰ্য মাৰ্কেটত থকা ৰিলেক্স ইউনিছেক্স পাৰ্লাৰৰ স্বত্বাধিকাৰী। শনিবাৰে নিশাৰে পৰা নিৰুদ্দেশ হৈ আছিল উত্তম শীল। বহু খোজ বিচাৰ কৰিও পৰিয়ালে সম্ভেদ নাপালে উত্তম শীলৰ।
মঙলবাৰে পুৱা পাৰ্লাৰৰ বন্ধ বাকচত ওলাল শীলৰ মৃতদেহ। পৰিয়ালৰ লোকে পাৰ্লাৰখনক তলা ভাঙি

হাইলাকান্দিত চাঞ্চল্যকৰ ঘটনা
পাৰ্লাৰৰ ভিতৰত উদ্ধাৰ মৃতদেহ

হাইলাকান্দিৰ সূৰ্য মাৰ্কেটত থকা ৰিলেকছ ইউনিচেক্স পাৰ্লাৰত উদ্ধাৰ হৈছে মৃতদেহটো।
পাৰ্লাৰৰ ভিতৰত এটা বাকচ’ৰ ভিতৰত উদ্ধাৰ হৈছে মৃতদেহটো।
উদ্ধাৰ হোৱা মৃতদেহটো পাৰ্লাৰৰ গৰাকী উত্তম ছিল’ৰ।
ৰাতিপুৱা কৰ্মচাৰীয়ে পাৰ্লাৰ খোলাৰ পিছতে মৃতদেহটো প্ৰত্যক্ষ কৰে।
বৰ্তমানে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

হাইলাকান্দিত পাৰ্লাৰৰ ভিতৰত উদ্ধাৰ পাৰ্লাৰৰ মালিকৰ মৃতদেহ। হাইলাকান্দিত সংগঠিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এটা পাৰ্লাৰৰ ভিতৰত উদ্ধাৰ হৈছে পাৰ্লাৰৰ মালিকৰ মৃতদেহ। হাইলাকান্দিৰ সূৰ্য মাৰ্কেটত থকা ৰিল্যাকচ ইউনিচেকচ পাৰ্লাৰৰ পৰা উদ্ধাৰ হৈছে পাৰ্লাৰৰ মালিক উত্তম ছীল’ৰ মৃতদেহ। বন্ধ পাৰ্লাৰৰ ভিতৰত এটা বাকচৰ পৰা উদ্ধাৰ হৈছে মৃতদেহটো। শনিবাৰ ৰাতিৰ পৰা নিৰুদ্দেশ আছিলে পাৰ্লাৰ মালিক উত্তম ছীল। পৰিয়ালৰ লোকে পাৰ্লাৰৰ তলা ভাঙি উদ্ধাৰ কৰে মৃতদেহটো। এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছে নিহত ব্যক্তিৰ পৰিয়ালৰ লোকে। পিছত খবৰ দিয়া হয় আৰক্ষীক। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। লগতে পাৰ্লাৰ আৰু এইখন মাৰ্কেট কমপ্লেকচত থকা বিভিন্ন চিচিটিভিৰ ভিডিঅ’ আৰক্ষীয়ে সংগ্ৰহ কৰিছে। জানিব পৰা মতে, মৃতদেহটোৰ কাষত এটা খালি সুৰাৰ বটল উদ্ধাৰ হৈছে আৰু মৃতদেহৰ ডিঙিত আঘাতৰ স্পষ্ট চিহ্ন আছে। কোনোবাই ডিঙি ৰেপি হত্যা কৰিছে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।

ইপিনে, এই হত্যাকাণ্ডৰ আৰত “ৰূমন” নামৰ পাৰ্লাৰৰ এজন কৰ্মচাৰী জড়িত আছে বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে। লগতে এইগৰাকী ৰূমন দৰাচলতে বাংলাদেশী নাগৰিক বুলিও অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। বৰ্তমানে এই ৰূমনৰ সন্ধানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিলেও এতিয়ালৈ তাক কৰায়ত্ত কৰিব পৰা নাই।

Leave A Reply

Your email address will not be published.