আমেৰিকাসহ পশ্চিমৰ দেশসমূহক দিলে এই ভাবুকি

৮৮ শতাংশ ভোট লাভেৰে পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত পুটিন
জয়ৰ পিছতে তৃতীয় বিশ্ব যুদ্ধৰ হুংকাৰ পুটিনৰ
ভ্লাডিমিৰ পুটিনে ভংগ কৰিব ষ্টেলিনৰ অভিলেখ!

ব্যাপক হিংসা, অনিয়মৰ অভিযোগেৰে অনুষ্ঠিত ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ পুনৰ জয়ী হ’ল ভ্লাদিমিৰ পুটিন। ৩ দিন ধৰি হোৱা ভোটগ্ৰহণৰ অন্তত ঘোছণা হ’ল ফলাফল। পূৰ্বৰে পৰা চৰ্চা হৈ থকাৰ দৰেই বিপুল ভোটত জয়ী হ’ল চাৰিবাৰৰ ৰাষ্ট্ৰপতি আৰু এবাৰৰ প্ৰধানমন্ত্ৰী পুটিন।

ইউক্ৰেইন যুদ্ধৰ মাজতে অনুষ্ঠিত ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ভ্লাডিমিৰ পুটিনে লাভ কৰিলে ৮৭.৯৭ শতাংশ ভোট। পুটিনৰ কাষেই চাপিব নোৱাৰিলে আন তিনি প্ৰাৰ্থী।

ইউক্ৰেইন অভিযানৰ বাবে বিশ্বজুৰি যুদ্ধবাজ পুটিন সমালোচিত হ’লেও তেওঁ প্ৰমাণ কৰিলে বৰ্তমান ৰাছিয়াত পুটিনৰ সমকক্ষ কোনো নাই। অৱশ্যে এই নিৰ্বাচনত চল চাতুৰি কৰাৰ অভিযোগ উঠিছে পুটিনৰ বিৰুদ্ধে। এই নিৰ্বাচনত এটা কথা স্পষ্ট হ’ল পুটিনে বিকল্প নিৰ্বাচনৰ সুযোগেই নিদিলে ৰাছিয়ানক। সেয়া যিয়ে নহওক পঞ্চম বাৰৰ বাবে ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈয়ে তৃতীয় বিশ্ব যুদ্ধৰ হুংকাৰ দিলে পুটিনে।

আমেৰিকাসহ পশ্চিমৰ দেশসমূহক দিলে এই ভাবুকি

ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিছত সোমবাৰে স্পষ্ট ভাষাত পুটিনৰ সকীয়নি আমেৰিকা আৰু নাটো বাহিনীয়ে যদি প্ৰত্যাহ্বান জনাই থাকে তাৰ অৰ্থ হ’ব তৃতীয় বিশ্ব যুদ্ধলৈ মাত্ৰ এঢাপ দূৰ।

এই যুদ্ধ নিশ্চয় কোনেও চাব বিচৰা নাই
কিন্তু আধুনিক বিশ্বত সকলো সম্ভৱ

অৱশ্য পুটিনৰ মন্তব্যৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া কোনো ৰাষ্ট্ৰনেতাই প্ৰকাশ কৰা নাই। এই নিৰ্বাচনে পুটিনক এক অভিলেখ গঢ়াৰ সুযোগ দিলে। ২০৩০ চন পৰ্যন্ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি হৈ থাকিব পুতিন। কাৰ্যকাল সম্পূৰ্ণ কৰিলে ২০০ বছৰীয়া ৰাছিয়াৰ ইতিহাসত বৰ্তমান ৭১ বছৰীয়া পুটিন হ’ব দীৰ্ঘ কালৰ ৰাষ্ট্ৰপতি। পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে জোছেফ ষ্টেলিন আৰু ব্ৰেজনেভৰ ২৪ বছৰকৈ কাৰ্যনিৰ্বাহ কৰিছিল। এইবাৰৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ গুৰুত্বপূৰ্ণ দিশ আছিল ৰাছিয়াই দখল কৰা ইউক্ৰেইনৰ চাৰিটা অঞ্চলতো অনুষ্ঠিত হয় নিৰ্বাচন। এয়াৰ উপৰি প্ৰায়বোৰ দেশত থকা ৰুচ দূতাবাসতো ভোটদানৰ ব্যৱস্থা কৰা হয়। শুকুৰবাৰৰ পৰা দেওবাৰ পৰ্যন্ত ভোটগ্ৰহণৰ পিছতে ঘোষণ হয় ফলাফল। পশ্চিমীয়া দেশৰ বাবে অস্বস্তিৰ কাৰণ পুটিনেই নিৰ্বাচিত হয় ৰাষ্ট্ৰপতি হিচাপে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মীৰাটৰ ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডত পত্নী মুস্কান ৰাস্তোগী আৰু প্ৰেমিক চাহিল শুক্লাক মৃত্যুদণ্ড

উত্তৰ প্ৰদেশৰ মীৰাটৰ বহুচৰ্চিত ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডৰ গোচৰত ডাঙৰ...

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত মোৰ সাক্ষ্যই সহায় কৰিলে জীৱন সাৰ্থক হ’ব: ৰাজেশ ভূঞা

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ...

‘লাঠিৰ প্ৰত্যুত্তৰ বাঁহীৰে…!’ প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগৰ মাজতে বাঁহীৰে প্ৰতিবাদ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ...

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ...