ড০ কমল মল্ল বুজৰবৰুৱালৈ সন্মানীয় ডি.এছ.চি(DSc) ডিগ্ৰী

ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ প্ৰাক্তন উপ-সঞ্চালক প্ৰধান তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ কমল মল্ল বুজৰ বৰুৱা দেৱক শিক্ষা তথা গৱেষণা ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে হাৰিয়ানাৰ কাৰ্ণালস্থিত ৰাষ্ট্ৰীয় দুগ্ধ গৱেষণা প্ৰতিষ্ঠানে (NDRI) যোৱা ১৫ মাৰ্চত ২০ সংখ্যক শিক্ষা সমাৱৰ্তনত সন্মানীয় ডি.এছ.চি (DSc) ডিগ্ৰী প্ৰদান কৰে।

স্মৰ্তব্য যে,ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশৰ ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠান(IVRI) আৰু উৰিষ্যাৰ কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়েও ড: বুজৰবৰুৱাক সন্মানীয় ডি.এছ.চি (DSc) ডিগ্ৰী প্ৰদান কৰিছিল। উল্লেখযোগ্য যে, ড০ বুজৰবৰুৱাই সম্প্ৰতি ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান একাডেমী (NAAS)ৰ উপ-সভাপতি পদত অধিষ্ঠিত হৈ আছে। সমগ্ৰ দেশৰ কৃষি তথা পশুপালন খণ্ডৰ ব্যক্তি সকলে বুজৰবৰুৱালৈ আগবঢ়োৱা এই সন্মানৰ বাবে সন্তোষ প্ৰকাশ কৰিছে। সমগ্ৰ দেশৰ কৃষি তথা পশুপালন খণ্ডৰ বিজ্ঞানী, শিক্ষক তথা ছাত্ৰ ছাত্ৰীসকলে তেখেতলৈ এই অনবদ্য স্বীকৃতিৰ প্ৰদান কৰাৰ বাবে আনন্দ প্ৰকাশ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...