‘এক দেশ, এক নিৰ্বাচন’

0 39

‘এক দেশ, এক নিৰ্বাচন’ সম্পৰ্কীয় প্ৰতিবেদন দাখিল
ৰাষ্ট্ৰপতিৰ ওচৰত প্ৰতিবেদন দাখিল ৰামনাথ কোবিন্দ নেতৃত্বাধীন কমিটীৰ
একেলগে লোকসভা, বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰামৰ্শ
নিৰ্বাচনৰে জড়িত সাংবিধানিক-আইনী সমস্যা পৰীক্ষা কৰি এই প্ৰতিবেদন
বিকল্প আন্তঃগাঁথনিৰ সাল-সলনিৰ পৰামৰ্শ দিয়া হৈছে এই প্ৰতিবেদনত
আৰ্থিক বিকাশৰ ওপৰত হ্ৰাস পাব নিৰ্বাচনৰ বিৰূপ প্ৰভাৱ
প্ৰথম পদক্ষেপ ৰূপে একেলগে অনুষ্ঠিত হ’ব লোকসভা-বিধানসভা নিৰ্বাচন
পৰৱৰ্তী পৰ্যায়ত অনুষ্ঠিত হ’ব পৌৰসভা-পঞ্চায়তৰ নিৰ্বাচন
১০০ দিনৰ ভিতৰত সম্পূৰ্ণ হ’ব দেশৰ সকলো নিৰ্বাচনী প্ৰক্ৰিয়া
আইন গৃহীত হ’লে ২০২৯ ৰ পৰা কাৰ্যকৰী হ’ব ‘এক দেশ এক নিৰ্বাচন’ ব্যৱস্থা

বৃহস্পতিবাৰে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ নেতৃত্বাধীন কমিটীয়ে এক দেশ এক নিৰ্বাচন সম্পৰ্কীয় প্ৰতিবেদন দাখিল কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ ওচৰত। ১৮ হাজাৰ পৃষ্টাজোৰা এই বৃহৎ প্ৰতিবেদনত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত এক দেশ এক নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন পৰামৰ্শ সন্নিৱিষ্ট কৰা হৈছে। নিৰ্বাচনৰ স’তে জড়িত সাংবিধানিক আৰু আইনী সমস্যাসমূহ পৰীক্ষা কৰি একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন বিকল্প জড়িত আন্তঃগাঁথনি সাল–সলনিৰ পৰামৰ্শ দিয়া হৈছে এই প্ৰতিবেদনত। আচৰণ বিধি প্ৰয়োগৰ ক্ষেত্ৰত নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত সৃষ্টি হোৱা পৰিস্থিতিৰ মোকাবিলা লগতে আৰ্থিক বিকাশৰ ওপৰতো ইয়াৰ বিৰূপ প্ৰভাৱ হ্ৰাস পাব বুলি উল্লেখ কৰা হৈছে এই প্ৰতিবেদনত। কমিটীৰ পৰামৰ্শ অনুসৰি প্ৰথম পদক্ষেপ ৰূপে লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰা হ’ব। ইয়াৰ পিছতে পৰ্যায়ক্ৰমে পৌৰসভা আৰু পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিয়া হৈছে। এই পৰামৰ্শৱলী কাৰ্যকৰী হ’লে একেলগে অনুষ্ঠিত নিৰ্বাচনতে লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব। অৱশ্যে, একে সময়তে নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰিলেও একেটা বছৰতে নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে প্ৰতিবেদনত।

১০০ দিনৰ ভিতৰত দেশৰ সকলো নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাটো সম্ভৱ হৈ উঠিব এই ব্যৱস্থা কাৰ্যকৰী হ’লে। এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কেতবোৰ প্ৰত্যাহ্বানৰো সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। বিভিন্ন নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সাংবিধানিক আইনগত আৰু ব্যৱহাৰিক সমস্যাৰ উদ্ভৱ হ’ব যদিও ৰাজনৈতিক দলসমূহৰ সহযোগিতাৰে এই সময়ছোৱাত কাম কৰাটো সম্ভৱ হ’ব। আইন বিশেষজ্ঞই দিয়া সকীয়নি অনুসৰি এই ব্যৱস্থাক কাৰ্যকৰী কৰিবলৈ হ’লে সংবিধানৰ ৫টা অনুচ্ছেদ সংশোধন কৰাৰ প্ৰয়োজন হ’ব। অন্যথা ভাৰতৰ যুক্তৰাষ্ট্ৰীয় গাঁঠনিৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে ১৯৬৭লৈকে দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ব্যৱস্থা আছিল। ইয়াৰ অধীনত নিৰ্বাচন একেলগে অনুষ্ঠিত কৰা হৈছিল যদিও কেইবাখনো ৰাজ্যৰ বিধানসভা আগতীয়াকৈ ভংগ হোৱাত বিশৃংখলতাৰ সৃষ্টি হোৱা বাবে এই ব্যৱস্থা বাতিল কৰা হৈছিল। আঞ্চলিক দলসমূহেও এই ব্যৱস্থাৰ বিৰোধিতা কৰি আহিছে। তেওঁলোকৰ মতে একেসময়তে নিৰ্বাচন অনুষ্ঠিত কৰিলে আঞ্চলিক দলসমূহে স্থানীয় সমস্যা সমাধানৰ ক্ষেত্ৰত পৰ্যাপ্ত সময় নাপাব।

এক দেশ এক নিৰ্বাচন ব্যৱস্থাৰ অধীনত আগবঢ়োৱা পৰামৰ্শ অনুসৰি অনাস্থা প্ৰস্তাৱৰ ক্ষেত্ৰত ৫ বছৰীয়া কাৰ্যকালৰ ভিতৰত বাকী অৱশিষ্ট সময়ৰ বাবে নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিয়া হৈছে। প্ৰতিবেদনত সন্নিৱিষ্ট আন এক গুৰুত্বপূৰ্ণ পৰামৰ্শ অনুসৰি একক ভোটাৰ তালিকা আৰু ভোটাৰ কাৰ্ডৰ ফলত ৩তৰপীয়া নিৰ্বাচন অনুষ্ঠিত হ’লে ভোটাৰসকলৰ অধিকাৰ সুৰক্ষিত থাকিব বুলি উল্লেখ কৰা হৈছে।

২০২৯ চনৰ নিৰ্বাচনলৈ লক্ষ্য ৰাখি এক দেশ এক নিৰ্বাচন পদ্ধতি কাৰ্যকৰী কৰাৰ বাবে এই পৰামৰ্শ আগবঢ়াইছে কমিটীয়ে। কমিটীৰ এই প্ৰতিবেদনৰ ভিত্তিত সংসদত যাৱতীয় আইন গৃহীত হ’লেই ২০২৯ৰ পৰা সমগ্ৰ দেশজুৰি একেলগে অনুষ্ঠিত হ’ব লোকসভা আৰু সকলো ৰাজ্য তথ্য দিল্লী, জম্মু–কাশ্মীৰ, পুডুচেৰী আৰু আন কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ বিধানসভা নিৰ্বাচন। এই আইন কাৰ্যকৰী হ’লে পশ্চিমবংগে ধৰি আন ৰাজ্যসমূহত ২০২৬ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ জৰিয়তে গঠন হোৱা চৰকাৰৰ কাৰ্যকাল ৩ বছৰতে সমাপ্ত হ’ব। ইয়াৰ উপৰি তামিলনাডু, কেৰালা, অসম আৰু পুডুচেৰীটো ৫ বছৰীয়া বিধানসভাৰ ম্যাদ অন্ত পৰিব ৩ বছৰতে। এক দেশ এক নিৰ্বাচন ব্যৱস্থা লৈ ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। অধিকাংশ বিৰোধী দলেই এই ব্যৱস্থাক অসাংবিধানিক আখ্যা দিয়ে।

উল্লেখ্য যে, যোৱা বছৰৰ ছেপ্টেম্বৰত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত এক দেশ এক নিৰ্বাচন সম্পৰ্কীয় বিষয়টো পৰ্যালোচনা কৰাৰ বাবে কমিটী গঠন কৰিছিল কেন্দ্ৰীয় চৰকাৰে। দেশৰ ৩৯টা ৰাজনৈতিক দল, অৰ্থনীতিবিদ আৰু নিৰ্বাচন আয়োগৰ এই সন্দৰ্ভত আলোচনা কমিটীৰ। প্ৰাক্তন ৰাষ্ট্ৰপতি কোবিন্দৰ উপৰি আছে কমিটীৰ সদস্যৰূপে আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাজ্যসভাৰ বিৰোধী দলৰ প্ৰাক্তন নেতা গোলাম নবী আজাদ, বিত্ত আয়োগৰ প্ৰাক্তন অধ্যক্ষ এন কে সিং, লোকসভাৰ প্ৰাক্তন সচিবপ্ৰধান সুভাষ কাশ্যপ আৰু জ্যেষ্ঠ অধিবক্তা হৰিশ ছালভে।

Leave A Reply

Your email address will not be published.