অসমত কেতিয়া হ’ব লোকসভা নিৰ্বাচন? ঘোষণা হ’ল নিৰ্বাচনৰ দিন

0 113

আজি নিৰ্বাচন আয়োগে সংবাদমেল যোগে ঘোষণা কৰিলে নিৰ্বাচনৰ দিন। ব’হাগ বিহুৰ সমান্তৰালকৈ অসমত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। অসমত এইবাৰ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। ১৯, ২৬ আৰু ৭মে’ত অসমত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন।

১৯ এপ্ৰিলত অসমত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। প্ৰথম পৰ্যায়ত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাটত হ’ব নিৰ্বাচন।

২৬ এপ্ৰিলত অসমত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। দ্বিতীয় পৰ্যায়ত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ, নগাঁৱত হ’ব নিৰ্বাচন।

আনফালে ৭ মে’ত অসমত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন। তৃতীয় পৰ্যায়ত কোকৰাঝাৰ, ধুবুৰী, বৰপেটা, গুৱাহাটীত অনুষ্ঠিত হ’ব নিৰ্বাচন।

উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি হ’ব ২০ মাৰ্চত। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ২৭ মাৰ্চ। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ৩০ মাৰ্চ। ২য় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি হ’ব ২৮ মাৰ্চত। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৪ এপ্ৰিল। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ৮ এপ্ৰিল। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি হ’ব ১২ এপ্ৰিলত। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১৯ এপ্ৰিল। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ২২ এপ্ৰিল। আনফালে নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব ৪ জুনত।

Leave A Reply

Your email address will not be published.