অসমত কেতিয়া হ’ব লোকসভা নিৰ্বাচন? ঘোষণা হ’ল নিৰ্বাচনৰ দিন

আজি নিৰ্বাচন আয়োগে সংবাদমেল যোগে ঘোষণা কৰিলে নিৰ্বাচনৰ দিন। ব’হাগ বিহুৰ সমান্তৰালকৈ অসমত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। অসমত এইবাৰ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। ১৯, ২৬ আৰু ৭মে’ত অসমত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন।

১৯ এপ্ৰিলত অসমত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। প্ৰথম পৰ্যায়ত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাটত হ’ব নিৰ্বাচন।

২৬ এপ্ৰিলত অসমত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। দ্বিতীয় পৰ্যায়ত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ, নগাঁৱত হ’ব নিৰ্বাচন।

আনফালে ৭ মে’ত অসমত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন। তৃতীয় পৰ্যায়ত কোকৰাঝাৰ, ধুবুৰী, বৰপেটা, গুৱাহাটীত অনুষ্ঠিত হ’ব নিৰ্বাচন।

উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি হ’ব ২০ মাৰ্চত। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ২৭ মাৰ্চ। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ৩০ মাৰ্চ। ২য় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি হ’ব ২৮ মাৰ্চত। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৪ এপ্ৰিল। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ৮ এপ্ৰিল। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি হ’ব ১২ এপ্ৰিলত। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১৯ এপ্ৰিল। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ২২ এপ্ৰিল। আনফালে নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব ৪ জুনত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১৯৬০ চনৰ পৰাই অসমীয়াৰ বসতি, এতিয়া নেঘেৰীবিলৰ ভূমি নাগালেণ্ডৰ বুলি দাবী

অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ ২ নং নেঘেৰীবিলত ভূমি অধিকাৰক কেন্দ্ৰ...

বিশ্বৰ প্ৰধান মহাকাশ শক্তিসমূহৰ ভিতৰত ভাৰতত ৰকেট উৎক্ষেপণৰ খৰচ কিয় সৰ্বাধিক ?

ভাৰতত মহাকাশলৈ ৰকেট উৎক্ষেপণৰ খৰচ বিশ্বৰ প্ৰধান মহাকাশ শক্তিসমূহৰ...

নিউয়ৰ্কত পিজ্জা ডেলিভাৰী কৰি থাকোঁতেই গুলীয়াই হত্যা ভাৰতীয় যুৱকক

আমেৰিকাৰ নিউয়ৰ্ক চহৰত পিজ্জা ডেলিভাৰী কৰি থকা সময়তে গুলীবিদ্ধ...

অৰুণাচলৰ গভীৰ নদীত জাঁপ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ

ভাৰত চৰকাৰৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী...