নিশা সৰুপথাৰৰ ইকৰাণিত চাঞ্চল্যকৰ ঘটনা

নিশা সৰুপথাৰৰ ইকৰাণিত চাঞ্চল্যকৰ ঘটনা৷ শূন্যলৈ গুলীচালনা ৫ জনীয়া দুৰ্বৃত্তৰ দলৰ। ইকৰাণিৰ আইচেং ধাবাৰ সন্মুখত এই ঘটনা। ২ খন বাহনত আহিছিল দুৰ্বৃত্তৰ দলটো। বন্ধ কৰিবলৈ লোৱা ধাবাখনত সুৰা বিচাৰি গৈছিল দলটোৱে। তাৰ পাছতে সুৰা বিচাৰি ধাবাৰ মালিকক ধমক, তৰ্কাতৰ্কিত লিপ্ত হয় দলটো। তাৰ পিছতে গাড়ীৰ পৰা ওলাই এজন যুৱকৰ শূন্যলৈ গুলীচালনা। সৰ্বমুঠ ৩ জাঁই গুলীচালনা কৰে যুৱকজনে। গাড়ীখনত অহা দুজন যুৱকক কৰায়ত্ত কৰে ধাবাৰ কৰ্মচাৰীয়ে। উত্তপ্ত পৰিস্থিতিৰ মাজতে গাড়ীসহ পলায়ন ৩ যুৱকৰ। পিছত কাজিৰঙাৰ বাগৰিত আৰক্ষীয়ে জব্দ কৰে গাড়ী দুখন। দুৰ্বৃত্তৰ দলটোৰ আটাইকেইজনকে আটক কৰে আৰক্ষীয়ে। আটকাধীন- গজেন বৰা, দশৰথ সিং, শচীন শৰ্মা, উত্তম দাস আৰু অভিমন্যু দাস। ধৃত অভিমন্যু দাসে ধাবাত গুলীচালনা কৰিছিল শূন্যলৈ। নাগালেণ্ড সীমান্তৰ নেফানি অঞ্চলত শিলৰ ব্যৱসায়ৰে জড়িত আটাইকেইজন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...