প্ৰাক্তন বিধায়কক নৃশংস হত্যা

অৰুণাচলৰ খোনচা পশ্চিম সমষ্টিৰ প্ৰাক্তন বিধায়ক য়ুমচেন মাতেক গুলিয়াই হত্যা কৰিলে অচিনাক্ত দুৰ্বৃত্তই। লাজু চক্ৰৰ ৰাহো গাঁৱৰ এটা সামাজিক অনুষ্ঠানৰ পৰা ঘূৰি আহি থকা অৱস্থাত ঘটিল এই ঘটনা। উগ্ৰপন্থীয়ে প্ৰাক্তন বিধায়কজনক হত্যা কৰাৰ সন্দেহ।

এওঁ অৰুণাচলৰ খোনচা পশ্চিম সমষ্টিৰ প্ৰাক্তন বিধায়ক য়ুমচেন মাতে। নিশা লাজু চক্ৰৰ ৰাহো গাঁৱৰ এটা সামাজিক অনুষ্ঠানৰ পৰা ঘূৰি আহি থকা অৱস্থাত অচিনাক্ত দুৰ্বৃত্তই অপহৰণ কৰিছিল প্ৰাক্তন বিধায়কজনক। তাৰ পাছত তিৰাপ জিলাৰ ইণ্ডো-ম্যানমাৰ সীমান্তত উদ্ধাৰ হ’ল মৃতদেহ।
হাহাকাৰ লাগিল সমষ্টিৰ জনতাৰ মাজত
সন্দেহযুক্ত উগ্ৰপন্থীয়ে প্ৰাক্তন বিধায়কজনক হত্যা কৰাৰ সন্দেহ
NSCN-KYA এই ঘটনা সংঘটিত কৰা বুলি আশংকা কৰা হৈছে। তিনি বন্ধুৰ সৈতে অনুষ্ঠানলৈ গৈছিল য়ুমচেন মাতে। ২০০৯ চনত কংগ্ৰেছৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল য়ুনচেন। ২০১৫ত যোগদান কৰিছিল বিজেপিত। ২০২৪ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আছিল তেওঁ। ইয়াৰ পূৰ্বেও এজন প্ৰাক্তন বিধায়কক গুলিয়াই হত্যা কৰিছিল দুৰ্বৃত্তই। য়ুমচেন মাতে সামাজিক অনুষ্ঠানৰ পৰা ঘূৰি আহি থকা অৱস্থাত দুৰ্বৃত্তই দলটোৱে তেওঁলোকক লৈ গৈছিল ঘন জংঘলৰ পিনে। তাতেই গুলিয়াই হত্যা কৰি ম্যানমাৰৰ দিশে পলায়ন দুৰ্বৃত্তৰ।
আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত
এই পৰ্যন্ত কাকো চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে। চেপা উত্তেজনাই বিৰাজ কৰি খোনচা অঞ্চলত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...