নিশা জি এছ ৰোডত তীব্ৰ উত্তেজনা

নিশা জি এছ ৰোডত তীব্ৰ উত্তেজনা। বাঁহ-ৰডেৰে এজন যুৱকক নৃশংস আক্ৰমণ কৰিলে উন্মত্ত এটা দলে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পাছতহে ঘটিল ৰহস্যজনক ঘটনা। পঞ্চম টাৱাৰৰ পাৰ্কিঙত আবদ্ধ হৈ আছিল দুজন যুৱক। আৰক্ষীয়ে প্ৰৱেশ কৰাৰ পাছত অট্টালিকাৰ পৰা নামি আহিল ৰহস্যময়ী যুৱতী।

এওঁলোক ক’ৰ পৰা আহিছে?
নিশা পঞ্চম টাৱাৰত আচলতে কি চলে?
ৰড-বাঁহ লৈ অতপালি কৰা যুৱককেইজন কোন কোন?

নিশা মহানগৰীৰ জি এছ ৰোডত উত্তপ্ত পৰিস্থিতি। পঞ্চম টাৱাৰৰ সন্মুখত এজন যুৱকক নিৰ্মম প্ৰহাৰ কৰিলে উদণ্ড যুৱকৰ এটা দলে। বাঁহেৰে কোবাই মূৰ ফালিলে যুৱকৰ। কোনো কাৰণ নোহোৱাকৈ প্ৰহাৰ যুৱকজনৰ। ৫-৬জনীয়া যুৱকৰ দলৰ আক্ৰমণ। এই ঘটনাৰ পাছতেই সৃষ্টি হল উত্তপ্ত পৰিস্থিতি। আক্ৰমণৰ বলি হোৱা যুৱকে খবৰ দিলে আৰক্ষীক। আৰক্ষী উপস্থিত হোৱাৰ পাছত ৰহস্যজনক কিবা-কিবি।

গেটত তলা লগোৱা
ভিতৰত আবদ্ধ আন দুজন যুৱক

দুজন যুৱকক পাৰ্কিঙত আবদ্ধ কৰি ৰাখিছিল এটা দলে। সেই যুৱক দুজনৰ চিঞৰ শুনি আগবাঢ়িল আৰক্ষী। তেতিয়াই অট্টালিকাটোৰ পৰা নামি আহিল যুৱতী-তৃতীয় লিংগৰ লোক। কেমেৰা-আৰক্ষী দেখি পলায়ন। গেটত ভিতৰৰ পৰা তলা লগাই পলায়ন কৰে যুৱকৰ দলটোৱে। স্থানীয় ৰাইজৰ অভিযোগ পঞ্চম টাৱাৰত চলে অনৈতিক কাম-কাজ। তাৰেই পৰিণতি এই মাৰপিট। আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত। কিন্তু কৰ যুৱক, কিয় এই মাৰপিট সেয়া এতিয়াও পোহৰলৈ অহা নাই। ক্ৰমাত
নিৰাপত্তাহীন জি এছ ৰোড

নিশা হ’লেই জি এছ ৰোডত উদণ্ড যুৱকে চলাই সন্ত্ৰাস। নিৰাপত্তাৰ নামত গাড়ী-বাইক ধৰি দুই-এঠাইত এনালাইজাৰ মুখত ভৰায় আৰক্ষীয়ে। বাকী কোনো পদক্ষেপ নাই। সেয়ে নিশা সুৰাৰ ৰাগীত মাতাল হৈ জি এছ ৰোডলৈ ওলাই আহে একাংশ যুৱক। আৰু সেই যুৱকৰ বাবেই সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতি। শনিবাৰে নিশাও সেয়াই হ’ল। আঁৰত কি ৰহস্য, উদঘাটন হ’ব আৰক্ষীৰ তদন্তত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ বাহন চালনাৰ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে

জুলাইত পৰিবহণ বিভাগৰ “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচী শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক-অধিবক্তা, সাংবাদিক,...

দুসপ্তাহৰ জাননী দি ৭২ ঘণ্টাৰ ভিতৰত ইৰাণক আক্ৰমণ! ট্ৰাম্পে কেতিয়া আক্ৰমণ কৰাৰ সিদ্ধান্ত লৈছিল?

ইৰাণৰ বিৰুদ্ধে আমেৰিকাই প্ৰত্যক্ষভাৱে অস্ত্ৰ ল’ব নে নাই, সেই...

ৰাছিয়াই ইৰাণক কিয় প্ৰত্যক্ষভাৱে সহায় কৰা নাই?

পশ্চিম এছিয়াত উত্তেজনা ক্ৰমাৎ বাঢ়িছে। এই পৰিপ্ৰেক্ষিতত শনিবাৰে গভীৰ...

ইৰাণত প্ৰৱেশ কৰি কেনেকৈ পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ চলাইছিল আমেৰিকাই?

ইৰাণৰ পৰমাণু কেন্দ্ৰত আমেৰিকাৰ গোপন আক্ৰমণ শনিবাৰে গভীৰ নিশা আমেৰিকাই...