খুমটাইৰ বিধায়ক মৃণাল শইকীয়ালৈ খুচী ফাউণ্ডেচনৰ ‘ৰূপকাৰ’ বঁটা

খুমটাইৰ বিধায়ক মৃণাল শইকীয়ালৈ আগবঢ়োৱা হ’ব ‘ৰূপকাৰ’ বঁটা। খুচী ফাউণ্ডেচনে প্ৰদান কৰিব এই সন্মান। অহা ২৪ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া ‘স্বৰ্গীয় সুৰেন শৰ্মা স্মৃতি খুচী ফাউণ্ডেচন এৱাৰ্ড’ অনুষ্ঠানত বিধায়কগৰাকীক এই বঁটা প্ৰদান কৰা হ’ব।

এই অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়োৱা ১০ গৰাকী বিশিষ্ট ব্যক্তিক ১০টা বিশেষ বঁটাৰে সন্মানিত কৰা হ’ব। ইয়াৰ উপৰি গোলাঘাট পৌৰসভাকে ধৰি মুঠ ৫টা অনুষ্ঠানক প্ৰদান কৰা হ’ব বিশেষ সন্মান।

চিনাতলীৰ অৰণ্যম ট্ৰাষ্টৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব এই বঁটা প্ৰদান অনুষ্ঠান। বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি আৰু অনুষ্ঠানক স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই বিশেষ বঁটা প্ৰদান অনুষ্ঠান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰসংগঃ পাঞ্জাবাৰীৰ পূৰবী ডেইৰীৰ পৰা নিৰ্গত দুৰ্গন্ধ; NKTVৰ বাতৰিৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তদন্তৰ নিৰ্দেশ।

মঙলবাৰে কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে দিলে নিৰ্দেশ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ...