দীপাৱলীৰ আনন্দৰ মাজতে তেজেৰে ৰাঙলী উত্তৰ প্ৰদেশ; ফটকা ফুটোৱাক কেন্দ্ৰ কৰি গুলীচালনা, মূৰত গুলীবিদ্ধ ৰাষ্ট্ৰপতিৰ দেহৰক্ষী বাহিনীৰ জোৱান

দীপাৱলীৰ নিশা ফটকা ফুটোৱাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰাত উত্তৰ প্ৰদেশৰ বাগপত জিলাত গুলীবিদ্ধ হ’ল ৰাষ্ট্ৰপতিৰ দেহৰক্ষী বাহিনী (President’s Bodyguard)-ত কৰ্মৰত এজন সেনা জোৱান। জোৱানজনৰ মূৰত গুলী লগাৰ ফলত তেওঁৰ অৱস্থা সংকটজনক হৈ পৰিছে।

গুলীবিদ্ধ জোৱানজনক সৌৰভ তোমৰ (২৬) বুলি চিনাক্ত কৰা হৈছে। বৰ্তমান তেওঁ মেৰঠৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। চিকিৎসকে অস্ত্ৰোপচাৰৰ জৰিয়তে তেওঁৰ মূৰৰ পৰা গুলীটো উলিয়াবলৈ সক্ষম হৈছে যদিও তেওঁৰ অৱস্থা এতিয়াও সংকটজনক বুলি জানিব পৰা গৈছে।

আৰক্ষী আৰু স্থানীয় লোকৰ ভাষ্য অনুসৰি, দীপাৱলীৰ নিশা সৌৰভ তোমৰে তেওঁৰ ভাতৃ বিনীত আৰু মিন্টুৰ সৈতে ঘৰৰ বাহিৰত ফটকা ফুটাই আছিল। সেই সময়তে গাঁওখনৰে ধীৰজ আৰু তেওঁৰ ভাতৃ মনু ওৰফে প্ৰবীণৰ সৈতে তেওঁলোকৰ তৰ্ক-বিতৰ্কৰ সূত্ৰপাত হয়।

কিছু সময়ৰ ভিতৰতে মৌখিক বাক-বিতণ্ডাই হিংসাত্মক ৰূপ লয়। অভিযোগ অনুসৰি, পৰিস্থিতি উত্তপ্ত হৈ পৰাত ধীৰজে এটা স্থানীয়ভাৱে নিৰ্মিত পিষ্টল উলিয়াই গুলীচালনা কৰে। এটা গুলী প্ৰথমে দেৱালত লাগি তাৰ পিছত সৌৰভৰ কাণৰ পিছফালে মূৰত আঘাত কৰে। গুলীবিদ্ধ হৈ সৌৰভ মাটিত ঢলি পৰে।

ইফালে, ধীৰজৰ ভাতৃ মনু ওৰফে প্ৰবীণে লাঠী লৈ আহি বিনীতক আক্ৰমণ কৰাৰ অভিযোগ উঠিছে। আনহাতে, সংঘৰ্ষৰ মাজতে মিন্টুৱে লাঠীৰে মনুক প্ৰহাৰ কৰা বুলিও জানিব পৰা গৈছে। ঘটনাস্থলীত সমবেত হোৱা লোকসকলৰ মাজত হুৱাদুৱা লাগে আৰু অভিযুক্ত দুজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

স্থানীয় লোকৰ মতে, দুয়োপক্ষৰ মাজত পূৰ্বৰে পৰা চিনাকি আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল। তেওঁলোকে প্ৰায়ে একেলগে সময় কটাইছিল। অৱশ্যে, প্ৰায় দুমাহ পূৰ্বেও দুয়োপক্ষৰ মাজত আন এটা বিবাদৰ সৃষ্টি হৈছিল বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ২০২১ চনত ভাৰতীয় সেনাত যোগদান কৰিছিল ২৬ বছৰীয়া সৌৰভ তোমৰে। বৰ্তমান তেওঁ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতিৰ দেহৰক্ষী বাহিনীৰ সদস্য হিচাপে কৰ্মৰত। ভাৰতীয় সেনাৰ আটাইতকৈ পুৰণি আৰু জ্যেষ্ঠ অশ্বাৰোহী ৰেজিমেণ্ট হিচাপে পৰিচিত এই বাহিনীটোত কৰ্মৰত সৌৰভে দীপাৱলী উদযাপনৰ বাবে ছুটী লৈ নিজৰ গৃহগাঁওলৈ আহিছিল।

গুলীবিদ্ধ হোৱাৰ পিছতে পৰিয়ালৰ লোকে তেওঁক বৰাউটৰ সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়। তাৰ পৰা তেওঁক মেৰঠ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় যদিও পৰিয়ালৰ লোকে উন্নত চিকিৎসাৰ বাবে মেৰঠৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰ কৰে।

চিকিৎসকে অস্ত্ৰোপচাৰৰ জৰিয়তে তেওঁৰ মূৰৰ পৰা গুলীটো উলিয়ায়। বৰ্তমান তেওঁ চিকিৎসালয়খনৰ আই চি ইউত চিকিৎসাধীন হৈ আছে আৰু তেওঁৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

ঘটনাৰ পিছতে সৌৰভৰ পিতৃ জনক ৰাজে জৰুৰীকালীন হেল্পলাইন নম্বৰত ফোন কৰি আৰক্ষীক অৱগত কৰে। খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

বৰাউটৰ চক্ৰ বিষয়া আৰু অতিৰিক্ত আৰক্ষী অধীক্ষককে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ আৰক্ষী বিষয়াই ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।

জনক ৰাজে দাখিল কৰা লিখিত এজাহাৰৰ ভিত্তিত ধীৰজ আৰু মনু ওৰফে প্ৰবীণৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। বৰ্তমান পলাতক অৱস্থাত থকা অভিযুক্ত দুজনক গ্ৰেপ্তাৰৰ বাবে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খুমটাইৰ বিধায়ক মৃণাল শইকীয়ালৈ খুচী ফাউণ্ডেচনৰ ‘ৰূপকাৰ’ বঁটা

খুমটাইৰ বিধায়ক মৃণাল শইকীয়ালৈ আগবঢ়োৱা হ’ব ‘ৰূপকাৰ’ বঁটা। খুচী...

প্ৰসংগঃ পাঞ্জাবাৰীৰ পূৰবী ডেইৰীৰ পৰা নিৰ্গত দুৰ্গন্ধ; NKTVৰ বাতৰিৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তদন্তৰ নিৰ্দেশ।

মঙলবাৰে কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে দিলে নিৰ্দেশ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ...