মা কামাখ্যা কোক ইণ্ডাষ্ট্ৰিজত GSTৰ অভিযান সপ্তম দিনত উপনীত, বৃহৎ পৰিমাণৰ কৰ ফাঁকিৰ তথ্য পোহৰলৈ অহাৰ দাবী

মা কামাখ্যা কোক ইণ্ডাষ্ট্ৰিজত GST বিভাগৰ অভিযান আজি সপ্তম দিনত উপনীত হৈছে। অভিযানৰ সময়ছোৱাত বৃহৎ পৰিমাণৰ কৰ ফাঁকিৰ তথ্য ধৰা পৰা বুলি জানিব পৰা গৈছে। প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে কৰ ফাঁকিৰ সৈতে জড়িত একাধিক বিসংগতি লাভ কৰিছে তদন্তকাৰী দলে।

জানিব পৰা মতে, প্ৰতিষ্ঠানটোৰ সৈতে জড়িত নবীন কুমাৰ গুপ্তাই এতিয়ালৈকে তদন্তকাৰী দলক পৰ্যাপ্ত নথি-পত্ৰ প্ৰদান কৰিব পৰা নাই। আনহাতে, আন দুগৰাকী অংশীদাৰ অনিল কুমাৰ আগৰৱালা আৰু বিমল কুমাৰ আগৰৱালা বৰ্তমানেও পলাতক হৈ আছে বুলি জানিব পৰা গৈছে। তেওঁলোকক পুনৰ তদন্তকাৰী দলৰ সন্মুখত হাজিৰ হ’বলৈ জাননী প্ৰেৰণ কৰা হৈছে।

আজি তদন্তকাৰী দলে মা কামাখ্যা কোক ইণ্ডাষ্ট্ৰিজৰ লগতে ইয়াৰ সৈতে জড়িত আন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহো ছীল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বুলি চৰ্চা চলিছে। আনকি তদন্তৰ ভিত্তিত গ্ৰেপ্তাৰৰ ব্যৱস্থাও গ্ৰহণ কৰিব পাৰে GST বিভাগে।

তদন্তৰ সময়ত নবীন কুমাৰ গুপ্তা সঞ্চালক অথবা অংশীদাৰ হিচাপে জড়িত থকা বুলি চিনাক্ত হোৱা GST পঞ্জীয়নভুক্ত প্ৰতিষ্ঠানসমূহ হৈছে—

  1. মা কামাখ্যা কোক ইণ্ডাষ্ট্ৰিজ (ট্ৰেডিং)
  2. মা কামাখ্যা কোক ইণ্ডাষ্ট্ৰিজ (মেনুফেকচাৰিং)
  3. মহালক্ষ্মী মাইনিং প্ৰাইভেট লিমিটেড
  4. মহালক্ষ্মী কণ্টিনেণ্টেল লিমিটেড – অসম
  5. মহালক্ষ্মী কণ্টিনেণ্টেল লিমিটেড – পশ্চিমবংগ
  6. মহালক্ষ্মী ৱেলমেন ফুৱেল প্ৰাইভেট লিমিটেড
  7. মহালক্ষ্মী এছ’চিয়েটছ
  8. মহালক্ষ্মী এছ’চিয়েটছ প্ৰাইভেট লিমিটেড
  9. ক’ল পাল্জ প্ৰাইভেট লিমিটেড
  10. মহালক্ষ্মী এন’ৰ কোক এণ্ড পাৱাৰ প্ৰাইভেট লিমিটেড – পশ্চিমবংগ
  11. মহালক্ষ্মী ৱেলমেন ফুৱেল প্ৰাইভেট লিমিটেড – পশ্চিমবংগ
  12. এম/এছ মহালক্ষ্মী ট্ৰেডাৰ্ছ – উত্তৰ প্ৰদেশ

উল্লেখ্য যে, সমগ্ৰ বিষয়টোক লৈ GST বিভাগৰ তদন্ত অব্যাহত আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দীপাৱলীৰ পিছতে দিল্লীৰ বায়ু প্ৰদূষণৰ ৮০%ৰো অধিকৰ কাৰণ আতচবাজী! IITMৰ সমীক্ষাত পোহৰলৈ আহিল উদ্বেগজনক তথ্য

দীপাৱলীৰ পিছতে দিল্লীৰ বায়ু প্ৰদূষণৰ মাত্ৰা অভাৱনীয়ভাৱে বৃদ্ধি পোৱাৰ...

খুমটাইৰ বিধায়ক মৃণাল শইকীয়ালৈ খুচী ফাউণ্ডেচনৰ ‘ৰূপকাৰ’ বঁটা

খুমটাইৰ বিধায়ক মৃণাল শইকীয়ালৈ আগবঢ়োৱা হ’ব ‘ৰূপকাৰ’ বঁটা। খুচী...

প্ৰসংগঃ পাঞ্জাবাৰীৰ পূৰবী ডেইৰীৰ পৰা নিৰ্গত দুৰ্গন্ধ; NKTVৰ বাতৰিৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তদন্তৰ নিৰ্দেশ।

মঙলবাৰে কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে দিলে নিৰ্দেশ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ...