উত্তৰাখণ্ডৰ প্ৰাক্তন মন্ত্ৰী হৰক সিং ৰাৱটৰ বিৰুদ্ধে অসমৰ এগৰাকী মহিলা জেনীৰ বিস্ফোৰক অভিযোগ; ন্যায়ৰ আশ্বাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

উত্তৰাখণ্ডৰ ৰাজনীতিত তীব্ৰ চৰ্চা লাভ কৰিছে অসমৰ জেনী নামৰ এগৰাকী মহিলাৰ বিস্ফোৰক অভিযোগে। উত্তৰাখণ্ডৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা বৰ্তমানৰ কংগ্ৰেছ নেতা হৰক সিং ৰাৱটৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু পিতৃত্বৰ পৰিচয় গোপন কৰাৰ অভিযোগ উত্থাপন কৰিছে জেনীয়ে। ২৩ বছৰীয়া পুত্ৰৰ পিতৃৰ পৰিচয় বিচাৰি ন্যায়ৰ দাবী জনাইছে মহিলাগৰাকীয়ে।

গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি জেনীয়ে কয় যে, ২০০২ চনত কামৰ সন্ধানত ডেৰাডুনলৈ গৈছিল তেওঁ। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ১৬ বছৰ। তাতেই তদানীন্তন কেবিনেট মন্ত্ৰী হৰক সিং ৰাৱটৰ সৈতে চিনাকি হৈছিল তেওঁৰ। ৰাৱটৰ ঘৰত কাম দিয়াৰ প্ৰলোভনেৰে তেওঁক লৈ যোৱা হৈছিল বুলি অভিযোগ কৰে জেনীয়ে।

মহিলাগৰাকীৰ অভিযোগ অনুসৰি, ৰাৱটৰ ঘৰত থকাৰ দুই-তিনিদিনৰ ভিতৰতে তেওঁ যৌন নিৰ্যাতনৰ বলি হৈছিল। পৰৱৰ্তী সময়ত তেওঁক বিভিন্ন স্থানলৈ নি এটা প্ৰতিষ্ঠানত ৰখা হৈছিল। তাত চিকিৎসা পৰীক্ষাৰ সময়ত তেওঁ গৰ্ভৱতী বুলি জানিব পৰা গৈছিল। অভিযোগ অনুসৰি, প্ৰতিষ্ঠানটোত আৱদ্ধ কৰি ৰখাৰ বাবে তেওঁ কাৰো সৈতে যোগাযোগ কৰিব পৰা নাছিল।

জেনীয়ে জনোৱা মতে, ২০০৩ চনৰ ৩ জুনত তেওঁ এটি পুত্ৰ সন্তান জন্ম দিয়ে। চিকিৎসালয়ত সন্তানৰ পিতৃৰ নাম সোধাত তেওঁ ড০ হৰক সিং ৰাৱটৰ নাম উল্লেখ কৰিছিল। এই ঘটনাৰ পিছতে ৰাৱটে কেবিনেট মন্ত্ৰীৰ পদ এৰিবলগীয়া হৈছিল বুলিও দাবী কৰে মহিলাগৰাকীয়ে।

তেওঁৰ অভিযোগ, গোচৰ ৰুজু হোৱাৰ পিছত চৰকাৰী অধিবক্তাগৰাকীও হৰক সিং ৰাৱটৰ পক্ষৰ সৈতে জড়িত আছিল। হিন্দী আৰু ইংৰাজী ভাষা নজনাৰ সুযোগ লৈ তেওঁক বিভিন্ন নথি-পত্ৰত স্বাক্ষৰ কৰোৱা হৈছিল। আনকি আৰক্ষীয়ে তেওঁক ডেৰাডুনৰ পৰা উত্তৰ প্ৰদেশ হৈ অসমলৈ লৈ আহিছিল আৰু পুনৰ সেই স্থানলৈ নাযাবলৈ ভাবুকি দিছিল বুলিও অভিযোগ কৰে জেনীয়ে।

জেনীৰ দাবী অনুসৰি, অসমলৈ উভতি অহাৰ পিছত তেওঁ হৰক সিং ৰাৱটৰ সৈতে ফোনযোগে যোগাযোগ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁক দিল্লীলৈ মাতি নি এগৰাকী বন্ধুৰ ঘৰত ৰখা হৈছিল। কেইমাহমান পিছত হোটেলতো ৰখাৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু পুত্ৰক বিদ্যালয়ত নামভৰ্তি কৰোৱাৰ সময়ত পিতৃৰ নামৰ প্ৰয়োজন হোৱাত ৰাৱটে তেওঁক এৰাই চলিবলৈ আৰম্ভ কৰা বুলি অভিযোগ কৰে জেনীয়ে।

মহিলাগৰাকীয়ে লগতে কয় যে, সন্তান জন্মৰ পিছতে তেওঁক সন্তানৰ পৰা আঁতৰাই ৰখা হৈছিল আৰু শিশুটিৰ DNA পৰীক্ষা কৰা হৈছিল নে নাই, সেই বিষয়েও তেওঁ অৱগত নহয়।

বৰ্তমান পুত্ৰৰ পিতৃত্ব নিশ্চিত কৰাৰ বাবে পুনৰ DNA পৰীক্ষা আৰু গোচৰটোৰ নতুনকৈ CBI তদন্তৰ দাবী জনাইছে জেনীয়ে। লগতে DNA পৰীক্ষাৰ উপৰি নাৰ্ক’ পৰীক্ষাৰ বাবেও প্ৰত্যাহ্বান জনাইছে তেওঁ।

ইফালে, এই ঘটনাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাষ চাপিছে জেনী। আজি মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে মহিলাগৰাকীয়ে। জেনীক ন্যায় প্ৰদানৰ আশ্বাস দিছে মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে, হৰক সিং ৰাৱট বৰ্তমান কংগ্ৰেছৰ নিৰ্বাচন ব্যৱস্থাপনা সমিতিৰ মুৰব্বী হিচাপে দায়িত্বত আছে বুলি জানিব পৰা গৈছে। সমগ্ৰ বিষয়টোৱে উত্তৰাখণ্ডৰ ৰাজনৈতিক মহলতো ব্যাপক চৰ্চা লাভ কৰিছে।

আনহাতে, নিৰ্বাচনৰ পূৰ্বে এই অভিযোগ উত্থাপন হোৱাটো ৰাজনৈতিকভাৱে চৰ্চিত হ’ব পাৰে যদিও ইয়াৰ সৈতে কোনো ৰাজনৈতিক উদ্দেশ্য জড়িত নহয় বুলি স্পষ্ট কৰি দিছে জেনীয়ে। তেওঁৰ এটাই দাবী, ২৩ বছৰীয়া পুত্ৰই লাভ কৰিব লাগে পিতৃৰ পৰিচয় আৰু তেওঁ পাব লাগে ন্যায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দীপাৱলীৰ পিছতে দিল্লীৰ বায়ু প্ৰদূষণৰ ৮০%ৰো অধিকৰ কাৰণ আতচবাজী! IITMৰ সমীক্ষাত পোহৰলৈ আহিল উদ্বেগজনক তথ্য

দীপাৱলীৰ পিছতে দিল্লীৰ বায়ু প্ৰদূষণৰ মাত্ৰা অভাৱনীয়ভাৱে বৃদ্ধি পোৱাৰ...

খুমটাইৰ বিধায়ক মৃণাল শইকীয়ালৈ খুচী ফাউণ্ডেচনৰ ‘ৰূপকাৰ’ বঁটা

খুমটাইৰ বিধায়ক মৃণাল শইকীয়ালৈ আগবঢ়োৱা হ’ব ‘ৰূপকাৰ’ বঁটা। খুচী...