গুৱাহাটীত নতুনকৈ ৫ সহস্ৰাধিক পৰিয়ালে লাভ কৰিব খোৱাপানীৰ সুবিধা

জাইকা প্ৰকল্পৰ অধীনত নতুনকৈ পাঁচ সহস্ৰাধিক পৰিয়ালে লাভ কৰিব খোৱাপানীৰ সুবিধা

জল ব’ৰ্ডৰ খোৱাপানী উপলব্ধ এলেকাত অবৈধ ব’ৰিঙৰ বিৰুদ্ধে পৰ্যায়ক্ৰমে লোৱা হ’ব কঠোৰ ব্যৱস্থা

গুৱাহাটী জল ব’ৰ্ডৰ অধীনত ৰূপায়িত জাইকা সাহায্যপ্ৰাপ্ত বৃহত্তৰ গুৱাহাটী পানীযোগান আঁচনিৰ অধীনত নতুনকৈ পাঁচ সহস্ৰাধিক পৰিয়াললৈ খোৱাপানী যোগান ধৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে৷ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে কয় যে, এই পৰ্যায়ত মহানগৰীৰ ৰামচা হিল, গান্ধীবস্তি, নেহৰু ষ্টেডিয়াম, ইছলামপুৰ, হাজি মুছাফিৰখানা, আশ্ৰম ৰোড, লাচিত নগৰ, ইস্কন মন্দিৰ, বৰা ছাৰ্ভিচ, ভঙাগড়ৰ সৈনিক ভৱনৰ পৰা বিগ বজাৰ পৰ্যন্ত ৰাজগড় মূল পথ সংযোগী এলেকাৰ মুঠ ৫,০২৪ টা পৰিয়ালক খোৱাপানী যোগানৰ সুবিধাৰে সামৰি লোৱা হ’ব৷ অহা ১ মাৰ্চৰপৰা আৱেদন পত্ৰ গ্ৰহণ কৰা হ’ব৷ কোনো কাৰ্যালয়লৈ নোযোৱাকৈ ৰাইজে নিজ গৃহৰ পৰাই জল ব’ৰ্ডৰ ৱেৱছাইট https://gmdwsb.in/ লৈ গৈ অথবা গুগল প্লে’ ষ্ট’ৰৰ পৰা GJB-Guwahati Jal Board মোবাইল এপ্লিকেশ্যন ডাউনলোড কৰি ইয়াৰ বাবে আৱেদন কৰিব পাৰিব৷

মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা বছৰৰ ২২ ডিচেম্বৰত ১২,০০০ টা পৰিয়ালক পানী যোগান ধৰিব পৰাকৈ জাইকা প্ৰকল্পৰ আংশিক কাৰ্যকৰীকৰণ কৰা হৈছিল যদিও তাৰে মাথোঁ ৫,৪০০ টা পৰিয়ালেহে এতিয়ালৈকে খোৱাপানীৰ সংযোগৰ বাবে আৱেদন কৰিছে৷ জল ব’ৰ্ডৰ পানী উপলব্ধ এলেকাত পৰাপক্ষত ভূগৰ্ভৰ পানী উত্তোলন পৰ্যায়ক্ৰমে হ্ৰাস কৰি চৰকাৰৰ আঁচনিৰ অধীনত খোৱাপানীৰ সংযোগৰ বাবে আৱেদন কৰিবলৈ সংশ্লিষ্ট এলেকাসমূহত বসবাস কৰা ৰাইজলৈ মন্ত্ৰী সিংহলে আহ্বান জনায়৷ আনহাতে এই এলেকাসমূহত অবৈধ তথা অনুমতিবিহীন ৱাটাৰ ব’ৰিঙৰ বিৰুদ্ধে পৰ্যায়ক্ৰমে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে৷

সাংবাদিকসকলক সম্বোধন কৰি মন্ত্ৰী সিংহলে কয় যে গুৱাহাটী মহানগৰীত খোৱাপানী যোগানৰ বাবে তিনিটা প্ৰকল্পৰ কাম সমান্তৰালভাৱে চলি আছে৷ জাইকা সাহায্যপ্ৰাপ্ত বৃহত্তৰ গুৱাহাটী পানীযোগান আঁচনিৰ লগতে জৱাহৰলাল নেহৰু ৰাষ্ট্ৰীয় চহৰী নৱীকৰণ যোজনা [JNNURM] আৰু অসম নগৰীয়া আন্তঃগাঁথনি উন্নয়ন কাৰ্যসূচী [AUIIP]ৰ অধীনত আন দুটা প্ৰকল্পৰ কাম চলি আছে৷ ইয়াৰে জাইকা সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ অগ্ৰগতি যথেষ্ট সন্তোষজনক বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰতি সাত দিনৰ মূৰে মূৰে তেওঁ নিজেই ইয়াৰ ৰূপায়ণৰ পৰ্যালোচনা কৰি আছে৷ প্ৰতি দুই-তিনি মাহৰ অন্তৰালত গুৱাহাটীৰ নতুন নতুন এলেকাক পানীযোগানৰ দ্বাৰা সামৰি লোৱা হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে পৰ্যায়ক্ৰমে সমগ্ৰ মহানগৰবাসীকে খোৱাপানী যোগান ব্যৱস্থাৰে সামৰি ল’বলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু এই লক্ষ্যৰে চৰকাৰে বিৰামবিহীনভাৱে কাম কৰি আছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...