ইউক্ৰেইনৰ ৰে’ল ষ্টেচনত ৰাছিয়াৰ ভয়ংকৰ ড্ৰ’ন আক্ৰমণ, নিহত ১৩, আহত ১০

ইউক্ৰেইনৰ ড্নিপ্ৰ’ অঞ্চলৰ এটা ৰে’ল ষ্টেচনত বৃহস্পতিবাৰে ৰাছিয়াৰ জেট চালিত ড্ৰ’নে দুখন ৰে’লত আক্ৰমণ চলায়। এই আক্ৰমণত কমেও ১৩জন লোক নিহত হোৱাৰ লগতে ১০জন আহত হয় বুলি বিষয়াসকলে জানিবলৈ দিছে।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে এই ঘটনাক এক “ভয়ংকৰ আক্ৰমণ” বুলি অভিহিত কৰে। দেশখনৰ ৰে’লৱে সংস্থা Ukrzaliznytsiaৰ মতে, দক্ষিণৰ জাপ’ৰিজিয়া চহৰ অভিমুখে যাত্ৰা কৰিবলৈ সাজু হৈ থকা এখন যাত্ৰীবাহী ৰে’লৰ প্লেটফৰ্মত ড্ৰ’নটোৱে আঘাত কৰে।

আঞ্চলিক গৱৰ্ণৰ অলেক্সাণ্ডাৰ হানঝাই টেলিগ্ৰামযোগে প্ৰকাশ কৰা অনুসৰি, এই ঘটনাত আন কমেও পাঁচজন লোকো আহত হৈছে।

আক্ৰমণৰ পিছতে জেলেনস্কিয়ে ৰাছিয়াৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় পদক্ষেপ গ্ৰহণৰ দাবী জনায়। Xত দিয়া এটা পোষ্টত তেওঁ ৰাছিয়াৰ একাংশ ধনকুবেৰ আৰু শক্তি খণ্ডৰ ওপৰত নিষেধাজ্ঞা শিথিল কৰাৰ পিছতো আক্ৰমণ বন্ধ নোহোৱা বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰে। তেওঁৰ মতে, যুদ্ধৰ উত্তেজনা হ্ৰাস কৰাৰ পৰিৱৰ্তে ৰাছিয়াৰ ওপৰত অধিক চাপ সৃষ্টি কৰাটো প্ৰয়োজনীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কাইলৈ ৰাজ্যজুৰি কলেজ শিক্ষকৰ ‘কলম বন্ধ’ আৰু ধৰ্ণা কাৰ্যসূচী

ৰাজ্যৰ প্ৰাদেশিকীকৃত মহাবিদ্যালয়ৰ শিক্ষকসকলৰ দীৰ্ঘদিনীয়া সমস্যা আৰু প্ৰাপ্য দাবীসমূহৰ...